বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী
বুবুল শৰ্মাৰ নিয়মীয়া শিতান
উঁইচিৰিঙাৰ মাত
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
কলেজত পঢ়ি থাকোতে আমাৰ ঘৰৰ আগফালৰ পথাৰৰ টঙীঘৰ ৰখিবলৈ প্ৰায়ে গৈছিলোঁ৷ বনৰীয়া গাহৰিৰ উৎপাত৷ ৰাতি টঙীঘৰত শীতল বতাহৰ সৈতে সোৱাদ লৈছিলোঁ উঁইচিৰিঙা আৰু ভেকুলীৰ ছন্দোময় মাত৷ মনলৈ আহিছিল ৰবীন্দ্ৰনাথৰ কথা এটা –
“যুথীপৰিমল আসিছে সজল সমীৰে ,ডাকিছে দাদুৰি তমালকুঞ্জতিমিৰে৷”
মনলৈ প্ৰশ্নও আহিছিল এই উঁইচিৰিঙাবোৰে ৰাতিহে মাতে, কিয়? ঠাণ্ডা দিনত ইহঁতৰ মাত নুশুনোচোন,ৰহস্য কি? কাষত শুই থকা ৰবি ঘাটোৱালক সোধাত সি ভোৰভোৰাই উঠিল – “ভাগৰ লাগিছে শুই থাকচোন৷” পিছে মনলৈ অহা প্ৰশ্নটোৱে মোক শুৱলৈ নিদিলে৷
ৰাতি নিজম হৈ অহাৰ লগে লগে উঁইচিৰিঙাৰ গীতৰ কোৰাছ তথা চেঁ-চেঁয়নি আৰু দ্ৰুতৰ পৰা দ্ৰুততম হৈ পৰিল৷বেৰৰ ফাঁকেৰে বাহিৰলৈ চালো – চৌদিশে জোনাকী পৰুৱাবোৰ ঢিমিকঢামাককৈ উৰি ফুৰিছে৷ যেন সৰগৰ পৰা পৰীবোৰহে নামি আহিছে৷ এটা সময়ত চকু মুদ খাই গ’ল৷ সপোনত দেখিলোঁ পৰীবোৰে জোনাকী পৰুৱা হৈ উৰি ফূৰা আৰু উঁইচিৰিঙাবোৰে বাঁহী এটা বজাই সিঁহতৰ সৈতে নাচি থকা৷
উঁইচিৰিঙাবোৰক ইংৰাজীত Crickets বুলি কোৱা হয়। ইহঁত ফৰিঙৰ নিকৰ্টৱতী প্ৰজাতি৷ পৃথিৱীত প্ৰায় এশ প্ৰজাতিৰ এই পতংগ আছে৷
ছবিঃ ইন্টাৰনেট
পিছলৈ অৱশ্যে জানিব পাৰিছিলোঁ- উঁইচিৰিঙাবোৰ শীতলৰক্তী পতংগ ,শীতত সিঁহত নিজকে লুকুৱাই ৰাখে ,গৰমকালত সিহঁত ওলাই আহে ,তাকো ৰাতি যাতে চিকাৰী প্ৰাণীৰ পৰা নিজকে বচাই ৰাখিব পাৰে৷ দিনত জোপোহা আদিত লুকাই থাকে৷ সিহঁতৰ কিছুমান গাত খন্দাত পাকৈত৷ গাঁতখন্দা উঁইচিৰিঙাৰ বেছিভাগেই তৃৰ্ণভোজী আৰু গছৰ শিপাই সিঁহতৰ খাদ্য৷
ৰাতি ইহঁতে অৱশ্যে দুটা উদ্দেশ্যলৈ ওলাই আহে – এটা হ’ল খাদ্যৰ বিচাৰি আৰু আনটো উদেশ্য হ’ল বংশবিস্তাৰ৷ এই দুই ক্ষেত্ৰত মতা উঁইচিৰিঙাৰ ছন্দোময় মাতে সহায় কৰে৷ তাতোতকৈ আচৰিত কথা যে – ইহঁতে মুখেৰে নামাতে,পাখি ঘৰ্ষণেৰেহে এই মাতৰ সৃষ্টি কৰে৷ সোঁ পাখিখনৰ খহটা ফালটো বাঁও পাখিখনৰ খহটা ফালটোত ঘঁহায়েই চেঁ-চেঁয়নি শব্দটোৰ সৃষ্টি কৰে৷এখন ৰাতি কাণ পাতি শুনিবলৈ এবাৰ চেষ্টা কৰিবচোন উইচিৰিঙাৰ মাতত লুকাই থকা শেষ নিশাৰ আকুল আহবান৷
আচলতে উঁইচিৰিঙাৰ চকুত যেতিয়া দিনত ৰ’দৰ পোহৰ নপৰে বাবে, অভ্যন্তৰীণ জৈৱিক ঘড়ীয়ে অৰ্থাৎ দেহত থকা আভ্যন্তৰীণ &quit; পাৰ " আদি নামৰ প্ৰটিনৰ তাৰতম্য আৰম্ভ ঘটে, আৰু সিহঁতে তাৰ দ্বাৰা বুজি উঠে সিহঁতৰ ডাক দিয়াৰ সময় হ’ল বুলি৷
ইহঁতৰ বহু প্ৰজাতিয়ে আকৌ শব্দ কৰিব নোৱাৰে৷ বিভিন্ন ঠাইত ইহঁতে আশ্ৰয় গ্ৰহণ কৰে৷ কাজিৰঙাৰ ঘাঁহৰ মাজে মাজে, বননি-জোপোহা,গুহা,গাতত,শিলৰ ফাঁকত,জলাশয়ৰ কাষত ইহঁতবোৰ লুকাই থাকে৷ইহঁত নিশাচৰহে৷ সন্ধিয়াৰ পিছতে আৰম্ভ হয় ইহঁতৰ মুকলি জীৱনৰ খুব চমু যাত্ৰা৷ আমি সহজে দেখা পোৱা কুমটিও উঁইচিৰিঙাৰে এটা জাত৷ ইহঁতৰ আগঠেং কেইখন শকত,ঘাত থকা আৰু হাঁতোৰাৰ দৰে মাটি খন্দাৰ বাবে উপযোগী৷ আকাৰত ডাঙৰ৷ গাৰ ৰং মুগা আৰু মাটিৰ তলৰ কোঠা কিছুমানত থাকে৷ তাতেই পোৱালিবোৰো ডাঙৰ দীঘল কৰে৷
ছবিঃ ইন্টাৰনেট
সংখ্যাগৰিষ্ঠ পতংগবিদৰ মতে কেৱল মতা উঁইচিৰিঙাইহে মাত দিয়ে৷ উদেশ্য মাইকী উঁইচিৰিঙাক মিলনৰ বাবে আহবান জনোৱা৷ বিশ্বত হেনো প্ৰায় এশটা প্ৰজাতিৰ উঁইচিৰিঙা আছে৷ আৰু সেই অনুযায়ী সিহঁতৰ মাতৰ পাৰ্থক্যও থাকে৷ শুনি আচৰিত হ’ব যে প্ৰজাতি অনুযায়ী মাইকী উঁইচিৰিঙাই পিছে সেই মাত বুজি পায়৷ ফলত দুটা ভিন্ন প্ৰজাতিৰ মাজত মিলনৰ ভয় নাথাকে৷ চিন্তা কৰকচোন কিমান জটিলতাৰ মাজেৰে ইহঁতবোৰে নিজৰ বিকাশ ঘটায়৷
বেছি গৰমত সিহঁতৰ খাদ্য বিপাক-প্ৰক্ৰিয়া বাঢ়ে আৰু তাৰ ফলত বাঢ়ি যায় পাখি ঘৰ্ষণৰ গতি৷ এই পাৰস্পৰিক সম্পৰ্কটি ইমান নিখুঁত যে উঁইচিৰিঙাৰ মাতৰ গতি শুনি হেনো তাপমাত্ৰা কিমান কৈ দিব পৰা যায়! আচৰিত কথা নহয়নে? আইতাই কৈছিল উঁইচিৰিঙাই মাতিছে কাইলৈ গৰম আৰু হ’ব৷ আইতাৰ কথা শুনি আচৰিত হৈছিলোঁ৷
উঁইচিৰিঙাক লৈ বহুতো লোককথা পৰম্পৰা বিশ্বজুৰি আছে ভাৰ্জিনিয়া আৰু মেৰীলেণ্ডত ইহঁতক “old folks” বুলি শ্ৰদ্ধা জ্ঞাপন কৰা হয়৷ The Cherokee Indians নামৰ জনগোষ্ঠীৰ মানুহৰ মাজত উঁইচিৰিঙাৰ প্ৰতি নানা ধৰণৰ বিশ্বাস আছে৷ সন্তানে মাতিব নোৱাৰিলে উঁইচিৰিঙাৰ ভৰিৰ কাঁইটেৰে জিভাত খুচি দিয়া হয়৷ সন্তানৰ হাতত উঁইচিৰিঙা মুঠি মাৰিবলৈ দিয়া হয়৷ যাতে সন্তান বুদ্ধিয়ক হয়৷ তদপৰি কিছুমান জনগোষ্ঠীয়ে ৰাতিটো পানীত উঁইচিৰিঙাক ডুবাই ৰাখে, পুৱালৈ জীয়াই থাকিলে সেই পানীয় পান কৰি শক্তিবন্ত যেন অনুভৱ কৰিছিল৷ বিশেষকৈ যুঁজাৰুসকলে৷
চীনতো উঁইচিৰিঙাৰ আদৰ আছে৷ তেওঁলোকে উঁইচিৰিঙাৰ যুঁজৰ বহু ডাঙৰ খেল পাতিছিল৷ তেওঁলোকৰ উঁইচিৰিঙাৰ প্ৰতি দুৰ্বলতা আছিল৷ ঘৰতে বাঁহৰ বা কাঠৰ সঁজাত,হাতীদাঁতৰ বাচনত উঁইচিৰিঙা ভৰাই সিঁহতৰ গান শুনিবলৈ যত্ন কৰে৷ আচৰিত নহয়নে? পিছে বেচেৰাহঁতৰ গৰম পৰিলেহে মাত ওলায় বা প্ৰজননৰ বাবেহে সিহঁতে চিঞঁৰে সেই কথা সেই মানুহবোৰে বাৰু জানো বুজিবলৈ চেষ্টা কৰে?
কণী, ছবিঃ ইন্টাৰনেট
সেয়ে হয়তো আমাৰ সমাজত প্ৰচলিত যে উঁইচিৰিঙাৰ মাতে দিয়ে গৰম ঠাণ্ডাৰ বতৰা৷ খুব দ্ৰুত গতিত মাতিলেই জানিব খুব গৰম পৰিছে আৰু ধীৰে ধীৰে মাতিলেই বুজিব আজি ঠাণ্ডা. গৰম কম৷ এটা মজাৰ অংক আছে৷ এই অংকটো প্ৰথম এজন মনোবিজ্ঞানী Amost Dolbear এ আৱিষ্কাৰ কৰিছিল৷
১৫ চেকেণ্ডত এটা উঁইচিৰিঙাই কিমান বাৰ মাত দিছে,তাক গন্তি কৰি যদি তাৰ সৈতে ৪০ যোগ কৰে, সেই যোগফলক সেই সময়ৰ তাপমাত্ৰা(ফাৰেনহাইট) বুলি ধৰি ল’ব পাৰি হেনো৷ আচৰিত কথা নহয়নে?
আচৰিত কথা উঁইচিৰিঙাৰ জীৱনৰ আত্মগাঁথা৷ জন্মিয়েই মাটিৰ তলতত কণীবোৰ প্ৰায় ২-৩ সপ্তাহ থাকে৷ এটা সময় কণীবোৰ ফাটি পলু(Nymph)লৈ ৰূপান্তৰিত হয় ।এই অৱস্থাত ইহঁতৰ পাখি নাথাকে৷ এনেকৈ পাত আদিৰ ৰস চুহি চুহি পূৰ্ণাংগ উঁইচিৰিঙা হওঁতে আৰু কেইসপ্তামানৰ প্ৰয়োজন হয়৷ তাৰপিছত পূৰ্ণাংগ হৈ বংশবৃদ্ধিৰ জীৱন আৰম্ভ হয়৷ তাৰ কেই সপ্তাহ মানৰ পিছত উঁইচিৰিঙাই জীৱনৰ পৰা বিদায় মাগিব লগা হয়৷ প্ৰায় দিনত জোপোহা,বন আদিৰ বুকুত লুকাই থাকি,ৰাতি ওলাই আহে আৰু এমাহৰ পিছতেই পৃথিৱীৰ পৰা উঁইচিৰিঙাৰ বিদায় আসন্ন হয়৷ জীৱনৰ আয়ুস তেনেই চুটি বুলি জানিও উঁইচিৰিঙাই পৃথিৱীক সজীৱ কৰি তুলিবলৈ প্ৰয়াস কৰে৷সেয়ে উঁইচিৰিঙা,ঝিলী, পৰুৱা আদিৰ আত্মগাঁথাই মোক বৰকৈ আকৰ্ষিত কৰে৷ উঁইচিৰিঙা বুলি ক’লেই মোৰ মনলৈ আহে –
সকলোৱেই মোক এৰি থৈ যায়
মই উঁইচিৰিঙা৷
নিৰ্জন ৰাতি সাৰে থাকো
স্মৃতিৰ পাত লুটিয়াই৷
কেনি হেৰায়
পুখুৰীত কলহেৰে পানী ভৰোৱা শব্দ,
গাভৰুহতঁৰ হাঁহি খিকিন্দালি
দুপৰত জিলীৰ মাত
শেষৰাতি মুখৰিত হোৱা কা কা কাউৰীৰ মাত
শেষ নিশা ফেঁচাৰ দুঃখ শোকৰ কুৰুলি৷
সকলোৱেই মোক এৰি থৈ যায়
মই উঁইচিৰিঙাই নিৰ্জন ৰাতি সাৰে থাকো
স্মৃতিৰ পাত লুটিয়াই
চৌদিশে ধ্বংসস্তূপ,ঠিকনা হেৰুৱা চৰাইৰ মৰাশ
আইৰ উদং কোলা,কাটি পলোৱা গছৰ উচুপনি৷
সকলোৱেই গ’লগৈ
মই সাৰে থাকো নিৰ্জন ৰাতি
শুনিবলৈ গাঁৱৰ জুপুৰিৰ নিৰৱ উচুপনি
শেষ হৈ অহা পথাৰৰ ৰাউচি৷
আজিও ৰাতি মই চিঞৰি চিঞৰি কান্দিম
আজি মোৰ বাবে পৃথিৱীত বসন্তৰ হয়তো শেষ দিন৷ কালিলৈ পুৱা তোমাক দেখোনে নেদেখো নাজানোঁ৷
জন্মৰ পৰা মই কৃষকৰ সন্তান
মাটিৰ তলতেই মই নিজকে চহাও সোতৰটা বছৰ৷
ৰ’দৰ পোহৰ নেদেখা মোৰ সোতৰ বছৰ হ’ল
মাটিৰ পৰা মই ওলাইযে আহিলোঁ
নিজৰেই মৃত্যুৰ বাতৰি কঢ়িয়াই৷
আজিয়ে বসন্তৰ শেষ দিন
হে প্ৰিয়া,মোক গাবলৈ দিয়া
বিদায় বেলাৰ গান৷
জনসংখ্যা বৃদ্ধিয়ে, উন্নয়ণৰ ধামখুমীয়াত প্ৰকৃতিৰ ওপৰত যি হেঁচাৰ সৃষ্টি হৈছে,তাৰ পৰা কাজিৰঙায়ো ৰেহাই পোৱা নাই৷ জোনাকী পৰুৱা, উঁইচিৰিঙা,ঝিলীবোৰ ধীৰে ধীৰে বিস্মৃতিৰ বুকুলৈ ঢাপলি মেলিছে৷ কোনোবাই ঘূৰাই আনি দিবনেকি আমাক আমাৰ পুৰণি পৃথিৱীখন! পুৰণি কাজিৰঙাখন! পৰী সদৃশ জোনাকী পৰুৱাবোৰ?