বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা
বানৰ সময়ত কি হৈছিল হৰিণিজনীৰ স’তে
আজলী হৰিণীৰ চকুলো
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
তাই কেৱল সাঁতুৰিছে আৰু সাঁতুৰিছে৷ ইমান পানী! ইমান সোঁত! তাই সাঁতুৰি সাঁতুৰি অৱশ হৈ পৰিছে৷ তাইৰ পোৱালি, লগ-সংগ কেনি উটি গ’ল । কোনো উৱাদিহ নাই৷ দুখ-ভাগৰত তাই চিঞঁৰি চিঞঁৰি কান্দিছিল – হে প্ৰকৃতি দয়া কৰা! পুৱাৰে পৰা বৰষুণজাকে এৰাৰ নামেই লোৱা নাই৷ কাজিৰঙাৰ চৌদিশে সাগৰ সদৃশ বান৷ লাহে লাহে পানী ভাঙি ভাঙি তাই পাৰ পালেহি৷ এফালে ভোক,এফালে ভয় তাই থিয় হৈ থকাৰ শক্তিকণো নাইকীয়া হৈ আহিছে৷ তথাপিও তাই একেজাপে জেওৰাখন পাৰ হৈ ক’ব নোৱাৰাকৈ তাই ঘৰ এটাৰ ভিতৰত সোমাই গ’ল৷ অৰণ্যত বাৰু লুকাবলৈকে ঠাই আছে৷ কিন্ত এই অচিনাকি ঠাইখনত? তাই ভয়ে ভয়ে ঘৰটোৰ এটা চুকত যেনে তেনে থিয় হৈ দীঘল দীঘলকৈ উশাহ ল’বলৈ ধৰিলে৷
হঠাৎ মনোজ গগৈৰ ফোনটো বাজি উঠিল – হেল্লো মনোজ, তুমি এতিয়াই আহিব পাৰিবা নেকি… আমাৰ ঘৰৰ ভিতৰত পহু এটা সোমাইছে৷
— “হ’ব, মই এতিয়াই গৈ আছোঁ৷ আপোনালোকে পহুটোক ধৰিবলৈ একেবাৰে চেষ্টা নকৰিব৷”
মনোজে মবাইলটো পকেটত ভৰাই খন্তেক ভাৱিলে৷ এই কেইদিন দিনে-ৰাতিয়ে কেৱল ব্যস্ততা আৰু ব্যস্ততা৷ বানত উটি অহা বন্যপ্ৰাণীবোৰৰ কি বিলৈ৷ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে গাড়ীৰ খুন্দাত বা ভয়তে পকী ৰাস্তাত পিচলি পৰি কিমান জন্তৰ মৃত্যু বা আঘাতপ্ৰাপ্ত হয়৷ ইফালে অঞ্চলটোত বন্যপ্ৰাণী অহা-যোৱা নিৰ্জন বাটবোৰ বন্ধ হৈ আহিছে৷ নতুন নতুন ঘৰ-দুৱাৰ ইত্যাদিৰ নিৰ্মাণ৷ যোৱা সাতদিন অৰ্থাৎ ১৬৮ ঘণ্টা দিনে দুঘণ্টাও মনোজ আৰু এনআৰএচবিৰ সদস্য সকলে শুবলৈ পোৱা নাই বা শুব পৰা নাই৷ সকলোৰে মন-মগজুত নানা ধৰণৰ আশংকা৷ এনআৰএচবি মানে মনোজৰ লগতে শংকুৰাজ, পিকু, সৌৰভ, তৃষ্ণা, নিপন, সঞ্জীৱ, কুশল, প্ৰাণ, বিতোপন, সিদ্ধাৰ্থ, দুলন, পাৰ্থ, পৰিতোষ ভট্ট, গিৰিৰাজ কাৰোঁ খাৱন-শোৱন নাই৷ মিডিয়াও সষ্টম৷ আৰু বনকৰ্মীসকল! দিনে-ৰাতিয়ে নাৱে, হাতীয়ে, পদব্ৰজে পানী ভাঙি ভাঙি কান্ধত বন্দুক, সা-সৰঞ্জাম লৈ অকল্পনীয় পৰিশ্ৰম৷ তাৰ বিপৰীতে দুই-এক লুভীয়া ব্যক্তিৰ জিভাত বানাক্ৰান্ত হৰিণাৰ কোমল মাংসৰ লোভ! থুই! মনোজৰ ঘৃণা জন্মে৷ তথাপিও তাৰ মূৰ দোঁ খাই আহে কাজিৰঙাৰ সংখ্যাগৰিষ্ঠ মানুহৰ প্ৰতি৷ বানৰ সময়ত নিজৰ ব্যক্তিগত অনিষ্টক আওকান কৰিও বন্যজন্তৰ প্ৰতি সহানুভূতি, সিহঁতৰ বাবে প্ৰাৰ্থনা! বছাগাঁৱৰ দীপুৰ মাকৰ কথাত সেই সুৰ, সেই প্ৰাৰ্থনা থকা যেন মনোজৰ অনুভৱ হ’ল৷
দীপুহঁতৰ ঘৰৰ পদূলিতে গাড়ীখন ৰাখি খৰখোজেৰে মনোজ নামি আহিল৷ চোতালত এজুম মানুহ৷ কোঠাটোলৈ চাই চাই মানুহৰ ফুচফুচনি৷ প্ৰথমে মনোজে মানুহখিনিক আঁতৰত থিয় হ’বলৈ অনুৰোধ জনালে৷ আৰু পিচচোতালৰ সকলো মানুহকে আগফাললৈ আহিবলৈ ক’লে৷ আৰু পিচফালে ভুকি থকা কুকুৰটোক বান্ধি থ’বলৈ অনুৰোধ জনালে৷ ঘৰটোৰ চাৰিটা কোঠা৷ ঘৰটোৰ পিচফালৰ দুৱাৰৰ ফাঁকেৰে হৰিণীজনী সোমাই আহি তিনিটা কোঠা পাৰ হৈ সন্মুখৰ কোঠাটোত সোমাই আছে বুলি দীপুৰ মাকে বৰ্ণনা দিলে৷ হৰিণীজনী যিটো কোঠাত সোমাল সেইটোৱেই আটাইতকৈ ওখ কোঠা৷ বাকীবোৰ কোঠাত সৰু গাঁঠিলৈকে পানী৷ গতিকে কোঠাটোত বস্তৰে ঠাহ খাই আছে৷ তাতে আজি এমাহৰ আগতে ন-বোৱাৰী সোমাইছেহি৷ চিচাঁৰ কাপ, গিলাছ, বাচন-বৰ্তন, শৰাই, ড্ৰেচিং আইনা আদিৰে ঠাহ খাই আছে৷ হৰিণীজনীয়ে বেছি দৌৰাদৌৰি কৰিলে বস্তবোৰ তাইৰ গাতে পৰাৰ সম্ভাৱনা আছে৷ সেই কথাও দীপুৰ মাকে মনোজক ক’বলৈ নাপাহৰিলে৷ মনোজে খিৰীকিৰে কোঠাটোৰ ভিতৰলৈ জুমি চালে৷ কাণ থিয় কৰি হৰিণীজনী থিয় হৈ আছে৷ বুকুখন ভয় আৰু ভাগৰত খৰকৈ উঠা-নমা কৰি আছে৷
মনোজে সন্মুখৰ কোঠাটোৰ দুৱাৰখন খুৱ সাৱধানেৰে খুলিবলৈ আগবাঢ়িল৷ দুৱাৰখনত কেৰকেৰকৈ এটা শব্দ হ’ল৷ হৰিণীজনী চক্ খাই উঠিল৷ মনোজে লৰচৰ নকৰাকৈ একেথৰে তাইৰ চকুলৈ চাই কিবা এটা বুজাবলৈ চেষ্টা কৰিছে৷ তাইৰ চকুত চকু থৈ মনোজে বিৰবিৰাবলৈ ধৰিলে – আই! আই অ! তই চিন্তা নকৰিবি৷ মই আহিছোঁ নহয়! মই তোৰ আপোন মানুহ!
হৰিণীজনীয়ে একেথৰে মনোজলৈ চাই ৰ’ল৷ মনোজে আকৌ ক’লে – আই অ! মই তোক বাট দেখুৱাই দিবলৈ আহিছোঁ৷ দৌৰাদৌৰিখন নকৰিবি৷ আই অ বুজিছনে!!
মনোজে খুৱ সাৱধানে ভৰি চোঁচৰাই তাইৰ যিমান পাৰে কাষলৈ যাবলৈ চেষ্টা কৰিলে৷ লাহে লাহে মনোজে তাৰ হাতখন তাইৰ মুখখনৰ ফালে আগবঢ়াই দিলে৷ তাই চকু দুটা ডাঙৰ কৰি পিৰিক পাৰাককৈ চাবলৈ ধৰিলে৷ মনোজে চকু দুটা মুদি দিলে৷ ই কি! তাৰ হাতখনৰ আঙুলি কেইটাত হৰিণীজনীৰ দীঘল তপত উশাহ লাগিছেহি৷ হাতখনত কিবা এটাৰ স্পৰ্শ! দ’ পানীত খেৰকুটা সাৱটি ধৰাৰ দৰে বিপদত পৰা হৰিণীজনীয়ে মনোজৰ আঙুলি কেইটা চেলেকি দিলে! মনোজৰ বুকুখন মোচৰ খাই উঠিল! আস!! কি তপত! কি যন্ত্ৰণা! কিমান বিশ্বাস!!
মনোজে পুনৰ বিৰবিৰালে – আই অ’ ! পিচপিনৰ দুৱাৰ খুলি থৈছোঁ৷ কুকুৰটো বান্ধি আঁতৰাই পঠিয়াইছোঁ! তই ওলাই যাব পাৰিবি! আই অ’ শুনিছনে?
হৰিণীজনীয়ে একান্ত মনেৰে মনোজৰ চকুলৈ চাই তাৰ কথাবোৰ যেন বুজিবলৈ চেষ্টা কৰিছে৷ তাইৰ চকুৰ দুয়োকাষে দুটোপাল চকুলো! মনোজৰ আজলী হৰিণীজনীক সাৱট মাৰি ধৰিবলৈ মন গৈছে! কিন্ত বন্যপ্ৰাণীৰ সৈতে কাম কৰিবলৈ হ’লে আবেগক নিয়ন্ত্ৰণ কৰিব পাৰিবই লাগিব৷ মনোজে আকৌ লাহে লাহে তাইৰ ফাললৈ চাই পিছফাললৈ আঙুলি টোঁৱাই কৈছে – তই এতিয়া অহা বাটেৰেই ওলাই যা৷
হৰিণীজনী এখোজ দুখোজকৈ প্ৰথম কোঠাটোৰ দুৱাৰেদি কৰিডৰটোৱেদি আগবাঢ়ি পুনৰ ৰৈ দিলে৷ মনোজে হাতযোৰ কৰি বিৰবিৰালে যা অ’ আই! ওলাইয়েই পাহাৰটো দেখিবি৷ সেই ফালেই তই যা গৈ৷
এইবাৰ হৰিণাজনীয়ে মূৰটো জোকাৰি, সৰু নেজডাল লৰাই কৰিডৰেদি পিছফালে আগবাঢ়িল৷ পিচ চোতালৰ পানী ভাঙি হৰিণাজনী পাহাৰটোৰ ফালে দৌৰি ওলাই গ’ল৷
মানুহজাকে গম পাই আনন্দত কিৰিলি পাৰি মনোজক সাৱটি ধৰিলে৷ মনোজে আকাশলৈ চাই বিৰবিৰালে – হে প্ৰকৃতি! হে ঈশ্বৰ! তোমাক সহস্ৰ ধন্যবাদ!
(লিখকৰ অপ্ৰকাশিত গ্ৰন্থ ” অসাধাৰণ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্হাপনৰ কাহিনী -১ “ৰ পৰা)