বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা
বেটা! বেটা!
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
সিদিনা মনোজ গগৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গৈছিল – চৰাই, সাপ সহ ১৬ টা আঘাতপ্ৰাপ্ত প্ৰাণীক পুনঃসংস্থাপন তথা মুকলি কৰি দিবলৈ৷ ইকৰাণি ডৰাৰ কাষত ফেঁচাটো মুকলি কৰি দিয়াৰ সময়তে পকেটৰ ফোনটো বাজি উঠিল৷
— হেল্ল’ মনোজ৷ মই প্ৰফুল্ল দুৱৰা বচাগাঁৱৰ৷ আমাৰ বাৰীত চৰাই এটা পৰি আছে। উঠিব-উৰিব নোৱাৰে…
— মই এতিয়াই গৈ আছোঁ৷
ফোনটো সামৰিয়েই মনোজে গাড়ী ঘূৰালে প্ৰফুল্ল দুৱৰাৰ ঘৰলৈ বুলি৷
চৰাইটো দুস্প্ৰাপ্য শগুণৰ পোৱালি৷ পৰি আছে মুমূৰ্ষুু অৱস্থাত৷ ঠেং এখন ভাগিছে৷ মনোজে তাৎক্ষণিকভাৱে বন বিভাগলৈ ফোন লগাই ঘটনাটো বিৱৰি ক’লে৷ এইবাৰ সাৱধানেৰে শগুণ পোৱালিটো লৈ মনোজ এন আৰ এচ বিৰ কাৰ্যালয় পালেহি৷ তাতে কৰবেট ফাউণ্ডেশ্যনৰ পশু চিকিৎসক ডাঃ নবীন পাণ্ডে আছিল৷ পৰীক্ষা কৰি গম পোৱা গ’ল — ঠেঙটো ভাগি যেনেতেনে লাগিহে আছে৷ চিকিৎসকজনে ভৰিটো ভালকৈ বেণ্ডেজ কৰি দিলে৷
এদিন দুদিনকৈ শগুণ পোৱালিটো ক্ৰমে সুস্থ হৈ উঠিল৷ প্ৰথম দিনা মনোজে তাৰ বাবে ব্ৰইলাৰ মূৰ্গী এটা কিনি আনি সন্মুখত ৰাখিলে৷ মৃত ব্ৰয়লাৰ মূৰ্গীটো এটা ভৰিৰে হেঁচা মাৰি খুটিয়াই খুটিয়াই খাবলৈ ধৰিলে৷ মনোজে আতঁৰৰ পৰা একান্ত মনেৰে চাই থাকিল৷ মাজে মাজে শগুণ পোৱালিটোৱে যেন কৃতজ্ঞতাৰে মনোজলৈ চাই ৰৈ দিয়ে, আকৌ খাবলৈ ধৰে৷
মনোজ গগৈৰ মেচেজটো পায়েই, তেখেতলৈ ফোনটো লগালোঁ৷ মনোজে ক’লে – “ই লাহীঠুঁটীয়া শগুণ। ইংৰাজীত Slender billed vulture বুলি কোৱা হয়৷ ইয়াক এনেকৈ উদ্ধাৰ কৰিবলৈ পাই মনটো বৰ ভাল লাগিছে বুবুল দা৷”
প্ৰতিদিনেই মনোজে তাৰ বাবে মাংস বজাৰৰ পৰা আনিবলৈ ধৰিলে৷ মনোজে গ্লভছযোৰ পিন্ধিলৈ প্ৰতিদিনেই তাক নিজৰ সন্তানৰ দৰে টুকুৰা টুকুৰা কৰি মঙহ ঠোঁটত গুজি দিয়ে৷ মনোজে আগবঢ়াই দিয়া প্ৰতি টুকুৰা মঙহ বৰ আনন্দেৰে শগুণ পোৱালিটোৱে খায়৷ আনন্দত পাখি দুখন জোকাৰি মনোজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ প্ৰতিদিনে জেপৰ ধন ভাঙি মাংস কিনি আনিবলৈ ধনৰ টনাটনি! কি কৰিব মনোজে! পিছত মই গম পাইছিলো বন্যপ্ৰাণীৰ বাবে মনোজে কইনা ঘৰৰ পৰা পোৱা হাতৰ আঙুঠিটোও বেচিব লগাত পৰিছিল৷ ২৫ দিনৰ মূৰত শগুণ পোৱালিটোৰ ঠেঙৰ বেণ্ডেজ খুলি দিয়া হ’ল৷ সি লাহে লাহে খোজ ল’ব পৰা হৈছে৷ মনোজে ৰাস্তা-ঘাটে গাড়ীয়ে খুন্দিয়াই মৰা কুকুৰ-মেকুৰী সংগ্ৰহ কৰি বেটালৈ আনিবলৈ ধৰিলে৷ নিয়মিতভাৱে খাৱলৈ পাই দুস্প্ৰাপ্য চৰাইটো সোনকালে আৰোগ্য লাভ কৰিলে৷
যিখন সমাজত শগুণক অমংগলীয়া বুলি বহুতে ভাৱে৷ ঘৰৰ চালত শগুণ পৰিলে অশুভ বুলি বিশ্বাস প্ৰচলিত৷ কিন্তু ঘৰৰ পৰিবাৰ, মাক-দেউতাক কোনেও মনোজক বাধা নিদিলে৷ শগুণ পোৱালিটো এইকেইদিনতে ডাঙৰ হৈ অহা যেন দেখি মনোজৰ হিয়াত আনন্দই নধৰা হ’ল৷ প্ৰথম অৱস্থাত সি খোজ কাঢ়িব বিচৰা নাছিল৷ কিন্ত সন্মুখৰ পৰা মনোজে মাংসৰ টুকুৰা এটুকুৰা এটুকুৰাকৈ দলিয়াই তাক খোজ কঢ়োৱাৰ অভ্যাস কৰাবলৈ ধৰিলে৷ দুই -তিনি মাহৰ পিছত বেটাই এন আৰ এচ বিৰ কাৰ্যালয়ৰ ওপৰত কেতিয়াবা, কেতিয়াবা কাষৰ শিমলুজোপাত শগুণটোৱে আশ্ৰয় লোৱা দেখা গ’ল৷ পুৱাই আকাশলৈ উৰি যায় আবেলি বেটা তাৰ প্ৰিয় মানুহ মনোজৰ কাষলৈ ঘূৰি আহে৷ কেতিয়াবা মনোজে মঙহ এটুকুৰা হাতত লৈ বেটা বেটা বুলি আকাশলৈ চাই চিঞৰে৷ মনোজৰ মাতে যেন শগুণটোক বিহ্বল কৰি তোলে৷ আকাশৰ পৰা ডেউকা মেলি সি নামি আহে! যেন আহি সি মনোজৰ বুকুত সোমাই হে পৰিব৷ এটা শগুণৰ মানুহৰ প্ৰতি ইমান বিশ্বাস আৰু এজন মানুহৰ শগুণৰ প্ৰতি ইমান দায়বদ্ধতা! কলমটো খন্তেকৰ বাব মোৰ থমকি ৰ’য়!
প্ৰতি বছৰে হোৱা বানপানীত ৰাষ্ট্ৰীয় উদ্যানৰ ঠিক কাষতে থকা এন আৰ এচ বিৰ কাৰ্যালয়টোৰ ঘৰ-দুৱাৰ ডুব যায়৷ এন আৰ এচ বিৰ প্ৰহৰী হৈ ঘৰৰ চালত শগুণটো আহি পৰি ৰ’য়৷ মনোজ নাৱেৰে কাৰ্যালয়লৈ গ’লে চোঁ মাৰি নাৱৰ টিঙত পৰেহি৷ খন্তেক সান্নিধ্য, খন্তেক দেখাদেখি…!
মনোজে মন কৰিলে মাজে মাজে বেটাই তাৰ দুই এক সংগী লৈ মনোজৰ মূৰৰ ওপৰত আকাশত চক্ৰাকাৰে ঘূৰেহি৷ সি যেন মনোজলৈ ইংগিত কৰি লগৰ জাকক কয় – সৌৱা চা দেৱতা!
আকাশলৈ চাই মনোজে বিৰবিৰায় – বেটা! কুশলে থাকিবি!
(বুবুল শৰ্মাৰ ” বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্হাপনৰ অসাধাৰণ কাহিনী – ১” নামৰ গ্ৰন্থৰ পৰা)