বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা
শিয়ালী পালেগৈ ৰতনপুৰ
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
হোৱা ! হোৱা!হোৱা…
ৰাতি গাঁৱৰ কেঁচা বাটেৰে অকলে খোজ কাঢ়ি গৈ থাকোতে বাহঁনিডৰাৰ কাষ পাঁওতেই হঠাৎ নিস্তব্ধতা ভাঙি ভাঁহি অহা শিয়ালৰ মাতত গাৰ নোম শিয়ঁৰি উঠিছিল৷ বাঁহনি ডৰাৰ মাজেৰে শেঁতা জোনৰ পোহৰ আৰু এজাক শিয়ালৰ মাতে হলিউডৰ কোনো ভৌতিক চলচিত্ৰলৈ মনত পেলাই দিছিল মনোজক৷ কাজিৰঙা গ্ৰাম্য সমাজখনৰ শিশুবোৰে নুশুলে, খাদ্য নিগিলিলে অথবা নপঢ়িলে শিয়ালৰ মাতটোক ইংগিত কৰি মাকবোৰে ক’য় – শুনিছ! লৈ যাবহি! বচ্ তৎক্ষণাত শিশুৰ মুখৰ মাত বন্ধ৷ মাকৰ বুকুত কুচিমুচি সোমাই যোৱাৰ অভিজ্ঞতা সিও পাহৰা নাই৷ এটা শিয়ালে হোৱা বুলিলেই হ’ল, চাৰিওপিনৰ পৰা যেন আৰম্ভ হৈ যায় এক ঐক্যতান – হোৱা! হোৱা! হোৱা! আনন্দৰ সেই কোৰাছ এতিয়া যেন জনাঞ্চলত মানুহ আৰু যন্ত্ৰৰ দানৱীয় শব্দত পোত খাই আহিল৷
মনোজে মোৰ সৈতে কথাবোৰ ভগাই লওঁতে মই কৈছিলোঁ – “শিয়াল আমাৰ বাবে নষ্টালজিয়া! এই নষ্টালজিয়াৰ বুকুত কিমান মানুহ জীয়াই থাকে মনোজ! এতিয়া শিয়ালৰ মাত শুনিবলৈ ভাগ্য লাগিব৷ তাহানিৰ ঘিটমিটীয়া এন্ধাৰ, চিপচিপ বৰষুণ, গঞাঁ ৰাইজে ঢাৰি-পাটী লোৱাৰ সময়৷ সেইবোৰ সময়ৰ গতিত যেন হেৰাই যাব ধৰিছে৷ চৌদিশে যেন কেৱল পোহৰৰ প্ৰতিযোগিতা৷ নৱকান্ত বৰুৱাই তাহানিতে লিখা গীতৰ কলিটো মোৰ প্ৰায়ে মনলৈ আহে – ” মই এটি দিনৰ জোনাকী!…ইমান পোহৰ কিয় লাগে! তুলসীৰ তলত যদি এটি জিলিকি ৰ’য় কোমল মাটিৰ চাকি…!” মোৰ কথা শুনি সেমেকা হাঁহি এটা মনোজৰ ওঁঠেৰে বাগৰি পৰে৷
দিনৰ দিনটো জেঙে-জাৱৰে ঢকা খোৰোং, টিলাৰ গাত আদিত চেপেটা লাগি আশ্ৰয় লৈ থকা নিশাচৰ প্ৰাণী শিয়ালবোৰে কেঁচু, কুমটি আদি কীট পতংগ, বনৰীয়া চৰাই, কণী আদি খোৱাৰ লগতে সুবিধা পালেই ঘৰচীয়া হাঁহ, কুকুৰালৈ হাঁতোৰা মেলে৷ তদুপৰি গেলা-পঁচা জন্ত আদিৰ মৃতদেহ খায়ো পৰিৱেশ চাফা কৰি ৰাখিছিল ইহঁতেই৷ কাজিৰঙাৰ লুঙলুঙীয়া বাটবোৰত, হোলাবোৰত অকস্মাৎ শিয়াল ওলাই নোমাল নেজডাল জোকাৰি তৎক্ষণাত চকুৰ সন্মুখতে নোহোৱা হোৱাৰ দৃশ্যবোৰ আজি আৰু সুলভ নহয়৷ মনোজৰ মনত পৰে তাহানিতে আয়ে যোৰা – ‘শিয়ালী এ নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি…শিয়ালীৰ মূৰতে মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ’ এই নিচুকনি গীতবোৰ বিদায় লোৱাদি শিয়ালবোৰো কি কোনো অচিন ৰতনপুৰ পালেগৈনেকি?
শিয়ালৰ শিং থাকে বুলি দুই এক বয়সীয়াল মানুহে হাঁহি হাঁহি তাহানিতে কোৱা মনোজৰ মনত পৰে৷ সন্ধিয়া জাকৰ মাজৰ এটা শিয়ালৰ মূৰত এটা ৰঙচুৱা এটা শিং গজে ৷ গজাৰ লগে লগে সি হোৱা দিয়ে৷ কংসৰ কাৰগাৰৰ পৰা অষ্টমীৰ ৰাতি দিব্য বাণী অনুসৰি শ্ৰীকৃষ্ণক বসুদেৱে গকুলৰ নন্দৰ ঘৰলৈ গোপনে লৈ গৈছিল৷ সেই প্ৰতিকুল নিশা শিয়ালে বাট দেখুৱাই বসুদেৱক গংগা পাৰ কৰি দিছিল৷ কৃতজ্ঞতাৰ চিন স্বৰূপে নাৰায়ণে ঐশ্বৰ্য, সাহস আৰু বিক্ৰমৰ প্ৰতীক হিচাপে এই শিং উপহাৰ দিছিল৷ এই শিংটো বৰ মূল্যবান৷ সি জানে এইবোৰ লোক কাহিনী, বিশ্বাস হে৷ বাস্তৱত শিয়ালৰনো ক’ত শিং থাকে?
কথাবোৰ চিন্তা কৰি কৰি মনোজ লুখুৰাখনীয়া গাঁৱৰ বেজগাঁও পালেগৈ৷ জানুৱাৰী মাহৰ হাড় কঁপোৱা জাৰ পৰিছে বৰষুণ জাকৰ বাবে৷ অলপ আগতে এই বেজগাঁৱৰ পৰাই তালৈ ফোন এটা গৈছিল – শিয়ালৰ পোৱালি কেইটামান বৰষুণত তিতি তিতি বোকাৰে লুতুৰি-পুতৰি হৈ চিঞঁৰি আছে৷ সি খবৰ দিয়া ল’ৰাজনৰ সৈতে বাঁহনিৰ মাজেৰে আগবাঢ়িল৷ লগত যোৱা ল’ৰাটোৱে অকণমান আঁতৰলৈ আঙুলি টোৱাই দেখুৱালে৷ হে ভগৱান! আঠটা সৰু সৰু শিয়ালৰ পোৱালি, পানীয়েই-বোকাই তিতি-বুৰি কঁপি আছে৷ হঠাৎ মনোজে পিন্ধি যোৱা জেকেটটো খুলি সেই জেকেটোৰেই আঠোটা পোৱালিক ঢাকি বুকুত সুমুৱাই লৈ বাইকখনৰ কাষলৈ ঘূৰি আহিল৷ লগৰজনক বাইক ষ্টাৰ্ট কৰিবলৈ কৈ জেকেটেৰে শিয়াল পোৱালি কেইটাক সাৱটি বাইকৰ পিছফালে বহিল৷ চিধাই এনআৰএচবিৰ কাৰ্যালয় লৈ আহি জুই একুৰা জ্বলাবলৈ কাৰ্যালয়ৰ ল’ৰাজনক নিৰ্দেশ দিলে৷
জুইৰ ওপৰত এখন ডাঙৰ গৰম তাৱা৷ তাৱাৰ ওপৰত বহল ডাঠ টক্তা এখন৷ তাৰ ওপৰত শিয়াল পোৱালি কেইটা তুলি দি মনোজ আৰু লগৰজনে সিহঁতক সেকিবলৈ ধৰিলে৷ লাহে লাহে সিঁহতৰ গাৰ জঠৰতা নাইকিয়া হ’ল৷ আৰু ভোকাতুৰ পোৱালি কেইটাৰ মুখৰ পৰা অকণ অকণ মাত ওলাল৷ সিহঁতে মাকৰ মুখলৈ চোৱাৰ দৰে মনোজলৈ চালে৷ মনোজে কুহুমীয়া পানীত লেক্টজেন মিহলাই চিৰিঞ্জেৰে ড্ৰপাৰৰ দৰে সিহঁতৰ মুখত ঢালি দিলে৷ দুধদানী এটা গোটাবলৈ সি সময়েই নাপালে৷ ভোকাতুৰ পোৱালি কেইটাই টপাটপ গিলিবলৈ ধৰিলে৷ সিহঁতে ওপৰা ওপৰিকৈ ঠেলা-হেঁচা কৰি মনোজৰ বুকুতে যেন সোমাই যাবহি৷ ৰ’ ৰ’ বাবাহঁত দিছোঁ দিছোঁ – মনোজৰ অৱস্থাটো দেখি লগৰজনৰ হাঁহি উঠিল৷ অলপ সময়ৰ ভিতৰতে পোৱালি কেইটা ভাগৰত লালকাল দি শুবলৈ ধৰাত মনোজে সিহঁতক কাঠৰ বাকচ এটাত তলত বস্তা পাৰি কোঠাটোৰ এটা চুকত থৈ দুৱাৰখন বন্ধ কৰি মনোজহঁত ওলাই আহিল৷
পিছদিনা গৰম পানীৰে ঘঁহি ঘঁহি সিহঁতৰ গাৰ পৰা বোকাবোৰ আঁতৰাই পুনৰ সেক দি লেক্টজেন খোৱালে৷ তৃতীয় দিনা ৰ’দ দিয়া দেখি মনোজে সিহঁতক আগৰ ঠাইতে এৰি থৈ অহাৰ কথা ভাৱিলে৷ মাক শিয়ালজনীয়ে কিজানি পোৱালি হেৰুৱাই বুকুৰ গাখীৰ বুকুতে লৈ পাগলীৰ দৰে ঘূৰি ফুৰিছে৷ মনোজে লগৰজনৰ সৈতে বাকচটো সাৱধানেৰে সিদিনাৰ বাঁহনিখন পালেহি৷ সন্ধিয়া ঠিক লাগিছে৷ মনোজে ইফালে সিফালে চাই মাকক দেখে নেকি চাবলৈ চেষ্টা কৰিলে৷ আতঁৰত ক’লা কিবা এটা লৰচৰ কৰা যেন লাগিল৷ মনোজে বিলম্ব নকৰি পোৱালি কেইটা বাকচৰ পৰা উলিয়াই যিমান পাৰি বেগত তাৰ পৰা আতঁৰি আহিল৷ বাঁহনিখন ঠিক পাৰহৈ মানুহ ঘৰৰ পদূলিমুখ পাওঁতেই মনোজে শিয়ালৰ মাত এটা শুনিলে৷ সেই মাতত যেন কাতৰভাৱে শিয়ালী মাকজনীয়ে মনোজক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ বিদায়! মনোজে নিজকে কোৱাদি ক’লে৷
( বুবুল শৰ্মাৰ অপ্ৰকাশিত গ্ৰন্থ – ” বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপনৰ অসাধাৰণ কাহিনী ১” নামৰ গ্ৰন্থৰ পৰা)