বিপন্ন সময়ঃ প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা
চেৰেং!
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
পুৰণি অভ্যাসটো চৰাইজনীৰ সলনি নহ’ল৷ পথাৰৰে জপং জপং কৈ, কোনোবাটো গৰুৰ পিঠিত উঠি, কোনোবাটো ম’হৰ পিঠিত, কোনোবাটো কাষে কাষে ঘূৰি ফুৰা অভ্যাসটোৰ কথা কৈছোঁ৷ কোনোবাটো আকৌ গঁড়ৰ পিঠিত! হয় বগলীজাকৰ কথাই কৈছোঁ৷ মই ক’ব বিচৰা বগলীজাকটো সন্ধিয়া উভতি আহে বগৰিজুৰি হালোৱা গাঁৱৰ দিগন্ত বৰাহঁতৰ বাঁহনিডৰালৈ৷ যাবই বা কলৈ? কাজিৰঙাতো সিহঁতৰ বাবে ঠাইৰ অভাৱ ঘটিছে৷ ক্ৰমাৎ হেৰাই আহিছে ভৰুণ পথাৰ, মৈ দিয়া পথাৰ! দ পথাৰবোৰত নাঙল-জুঁৱলিলৈ মানুহবোৰৰ হাঁহি-খিকিন্দালি! মৈ দিয়াৰ দিনা সিহঁতজাক হালোৱাজনৰ পিছে পিছে পথাৰতে ঘূৰি ফূৰে৷ ইহঁতবোৰ গো-বগলী, দীঘে ৫০ ছেণ্টিমিটাৰ মান, পাখিবিলাক গাখীৰৰ দৰে ঢক্ ঢক্ কৈ বগা, ডিঙিৰ আকৃতি আঁকোৰা কাঁচিখনৰ দৰে৷ ঠেং দুটা ক্ষীণ আৰু দীঘল৷ কাজিৰঙাৰ পথাৰ-বিল দেখিলেই সিহঁতৰ আনন্দত মন ভৰি উঠে! আৰু এতিয়া!! কথাবোৰ ভাৱি ভাৱি বগলীজাক ভাবুক হৈ বাহঁনিডৰাত আশ্ৰয় লয়৷ আজলী বগলীবোৰে ভালকৈ বাহো সাজিব নাজানে৷ কেইটামান ডাল-পাত লগ লগাই লাপি লুপাকৈ বাহবোৰ সাজে৷ অকস্মাৎ লৰ-চৰ হ’লেই পোৱালিবোৰ সৰি পৰে৷
ব’হাগ মাহৰ বৰষুণমুখৰ এটা সন্ধিয়া। লাহে লাহে আকাশ ওন্দোলাই আনিছে ৷ হঠাৎ বৰ জোৰেৰে বতাহ বলিবলৈ ধৰিল৷ নিমিষতে সিহঁতৰ বাহবোৰ এটা দুটাকৈ তললৈ সৰি পৰিবলৈ ধৰিলে৷ বগলীবোৰে নিজৰ সন্তানক বুকুৰ মাজত জোৰেৰে সোমোৱাই ল’লে৷ এমা-ডিমা পোৱালিবোৰে বতাহ-বৰষুণ-মেঘৰ গাজনিত মাকৰ বুকুলৈ সোমাই যাবলৈ প্ৰয়াস কৰিলে! কিন্ত কিমান সময়লৈ৷ এটাসময়ত এটা দুটাকৈ বহুত এমা-ডিমা পোৱালিবোৰ তললৈ সৰি পৰিল৷
পুৱাই দিগন্তৰ দৃশ্যটো দেখি মনটো হাঁহাকাৰ কৰি উঠিল৷ বাঁহনিৰ তলখনৰ চৌদিশে বগলি পোৱালিৰ শৱ! মাকবোৰে বাহঁত পৰি , কাষৰ গোহালিৰ চালত পৰি চিঞৰি চিঞৰি কান্দিছে৷ কিছুমানে নিজৰ ভাগ্যক দোহাই দি যেন আকাশলৈ উকা দৃষ্টিৰে চাই আছে৷ দিগন্তই পাচি এটা আনি দৌৰি দৌৰি জীয়াই থকা পোৱালিবোৰ বিচাৰিবলৈ ধৰিলে৷ সকলো নিথৰ হৈ পৰি আছে৷ হঠাৎ দিগন্তই নিথৰ মৰাশ’বোৰৰ মাজত কিবা এটাই লৰচৰ কৰা দেখিলে৷ সি ল’ৰালৰিকৈ বুকুত বগলী পোৱালিটো বুকুত সুমুৱাই চিধাই মনোজ গগৈৰ ঘৰ অভিমুখে আগবাঢ়িল৷
মনোজৰ দুহাতত আলফুলকৈ বগলী পোৱালিটো দিগন্তই গতাই দি সোধো নুসোধোকৈ সুধিলে – ই জী থাকিবনে? মনোজে তাৰ পিঠিত ঢকা এটা মাৰি ক’লে – “চেষ্টা কৰিম৷” দিগন্ত নিশ্চিত মনেৰে ঘৰলৈ উভতি আহি পিচ চোতালত থিয় হ’লহি৷ এতিয়াও বাহঁনিডৰাত পৰি মাকবোৰে ৰাউচি জুৰি আছে৷ দিগন্তই বগলী পোৱালিৰ শ’বোৰ গাঁত এটা খান্দি পুতি দিলে৷
মনোজে বগলী পোৱালীটোলৈ চাই ভাৱিলে এই গো-বগলীবোৰৰ মাছৰ প্ৰতি মুঠেই ৰাপ নাই৷ গো-বগলীয়ে মাছ নাখাই বুলিলেই ভুল কোৱা নহয়৷ ঘাঁহনি বা খেতি পথাৰৰ মাজে মাজে থকা পোক-পৰুৱা, ভেকুলী, লালুকি ইহঁতৰ প্ৰধান খাদ্য৷ মনোজে বগলী পোৱালিটোক ওখ বাকছ এটাত ভৰাই থ’লে৷ এইবাৰ মনোজৰ ভেকুলী ধৰাৰ পাল৷ বাৰিষা কালত ভেকুলীৰ বাৰু অভাৱ নাই৷ পথাৰলৈ গৈ বোকাই লুতুৰি পুতুৰি হৈ সৰু সৰু পানী ভেকুলী দুটামান, দৰিকণা মাছ দুটামানো ধৰি আনিলে৷ ভেকুলী এটা টুকুৰা টুকুৰ কৰা দেখি মনোজৰ মাকে মূৰে-কপালে হাত দিলে -“এই ল’ৰাটোৰ পৰা আৰু উপায় নাই৷ পৰিবাৰ কাশ্মীৰীও ইয়াৰ লগত পৰি পৰি একে হ’ল৷” দেউতাকে কয় -“হওক দে জীৱক শুশ্ৰূষা কৰিব লাগে বুলি গুৰুজনাই কৈ গৈছে নহয়৷” মনোজে বাকছৰ পৰা পোৱালিটোক আনি মুখত লাহে লাহে গুজি দিলে৷ পোৱালিটোৰ কোনো আগ্ৰহ নাই৷ চকু দুটা মুদিয়েই আছে৷ ঠোঁটটো ফাঁক কৰি ভেকুলীৰ টুকুৰা এটা সুমুৱাই দিয়াত গিলি থোৱা দেখি মনোজৰ ভাল লাগিল৷ এনেকৈ কেইবাটুকুৰা ভেকুলীৰ মাংস খাই পোৱালিটোক সতেজ যেন দেখা গ’ল৷ লাহে লাহে বগলী পোৱালীটোক মনোজে চেৰেং চেৰেং নাম দি মাতিবলৈ ধৰিলে৷ চেৰেঙেও মনোজ আৰ মনোজৰ মৰম বুজি পোৱা হ’ল৷ মাতৃহাৰা এজনী চৰাই চেৰেং! যিসময়ত মুকলি আকাশত তলত সমনীয়াৰ সৈতে চেৰেং উৰি ফুৰিব লাগিছিল! তাইৰ বাবে মনোজেই এতিয়া মাক! সমনীয়া! সকলো !
মনোজৰ পিছে পিছে শোৱা কোঠালৈ, পাকঘৰলৈ সকলোতে চেৰেঙৰ অবাধ বিচৰণ৷ তথাপিও তাই বনৰীয়া৷ চেৰেঙৰ স্বাধীনতাক সি ঘূৰাই দিব লাগিব৷ বনৰ বস্ত বনকে গতাই দিয়াটো মনোজৰ কৰ্তব্য৷ মজিয়াত শুই থকা চেৰেঙলৈ চাই চাই মনোজৰ চকুহাল সেমেকি উঠিল৷ পুৱাই চেৰেঙক বিদায় দিবই লাগিব! চেৰেং বা মান্তি হয় নে নহয়? মনোজৰ মগজুত অসংখ্য প্ৰশ্ন৷ লাহে লাহে তাৰ চকুহাল মুদ খাই আহিল৷
পাছদিনা পুৱা মনোজে চেৰেঙক কোলাত লৈ কাষৰ বাহঁনিডৰালৈ আগবাঢ়িল৷ চেৰেঙক হাতৰ পৰা এৰুৱাই আকাশলৈ উৰুৱাই দিবলৈ মনোজে বহুবাৰ চেষ্টা কৰিলে৷ নাই চেৰেং আকোৰগোঁজ৷ তাই পুনৰ মনোজৰ হাততে পৰেহি৷ মনোজে বৰ বিষাদেৰে চিঞৰি উঠিল – “যা অ চেৰেং, তই যা গৈ…মোৰো বহুত কাম আছে নহয়!” চেৰেঙে যেন বুজি পালে! একো নোকোৱাকৈ শেষবাৰৰ বাবে মনোজৰ চকুলৈ চালে! কি আছে চকুহালত! চেৰেঙে মনোজলৈ চাই চাই আকাশলৈ উৰা মাৰিলে৷ চেৰেং নেদেখা হোৱালৈ মনোজ আকাশলৈ চাই থিয় হৈ থাকিল৷ আকাশেদি উৰি যোৱা আন এজাক বগলীৰ সৈতে চেৰেং মিহলি হৈ গ’ল! চেৰেঙে উৰি যোৱাৰ মুহূৰ্ত্ত মনোজৰ কপালত পোহৰৰ ফোঁট এটা দি গ’ল৷ সেই পোহৰত মনোজৰ চকুৰ কোণত দুটোপাল চকুপানী জিলিকি উঠিল৷ কোনেও নেদেখাকৈ মনোজে চকুহাল মচি থ’লে৷
(বুবুল শৰ্মাৰ অপ্ৰকাশিত গ্ৰন্থ “বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপনৰ অসাধাৰণ কাহিনী ১ ” ৰ পৰা৷)