বিপন্ন সময়ঃ প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা
আন্ধাৰত উৰি ফুৰা এজাক ভোকাতুৰ বাদুলি
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
ত্ৰিশ বছৰীয়া মনোজ ঘামি-জামি বগাইছিল, কেৱল বগাইছিল ওপৰলৈ আৰু ওপৰলৈ৷ কষ্ট আৰু ভয়ক একাষৰীয়া কৰি মনোজে ক্ৰমে সত্তৰ ফুট ওখ তামোলজোপাৰ আগ পালেগৈ৷ জালখনৰ গাঁঠিটো খুলি দি পুনৰ চুঁচৰি নামি আহিল৷ সি ফোঁপাইছিল, হাত-ভৰিয়ে নটনা হৈছিল৷ কিন্ত আৰু অপেক্ষা কৰিব নোৱাৰি! সি পুনৰ সিজোপা তামোল গছৰ ওপৰলৈ উঠিল৷ তেনেকৈ ইজোপাৰ পিছত সিজোপাকৈ চাৰিজোপা তামোল গছ বগাই জালৰ গাঁঠিবোৰ খুলি মাটিলৈ মনোজ নামি আহিল৷ সি ফোঁপাইছিল ভাগৰত৷ ভৰিৰ ছাল ঘঁহনি খাই এৰাই গৈছিল৷ তালৈ মনোজৰ কোনো ভ্ৰুক্ষেপ নাই৷ তামোল কেইজোপাৰ পৰা নামিয়েই সি ল’ৰালৰিকৈ হেণ্ড গ্ল’ভছ্ এযোৰ পিন্ধি ল’লে৷
পুৱাই ফোন কৰিছিল কাঁক গোসাঁনী থানৰ মূল প্ৰবেশদ্বাৰৰ সোঁফালে দিৰিং নদীৰ পাৰৰ বাসিন্দা অমৃত শৰ্মাই৷ ৰাতিটো হেনো কিছুমান যন্ত্ৰণাময় গেঙনিয়ে তাক শুবলৈ নিদিলে৷ পুৱাই উঠি দেখিছিল সন্মুখৰ বাৰীখনত লেচু খাবলৈ আহি চাৰিজোপা তামোল গছত বান্ধি থোৱা জালখনত জোত-পোত খাই এজাক বাদুলিয়ে মৃত্যুৰ ক্ষণ গণিছে৷ মনোজে খবৰটো পাই কান্ধত সা-সৰঞ্জামবোৰ লৈ বেগাবেগিকৈ ঘটনাস্থলীত উপস্থিত হৈছিল৷
গ্ল’ভছ্ পিন্ধি সাৱধানেৰে নাইলনৰ মিহি সূতাবোৰ কাটি বাদুলিকেইটা এৰুৱাবলৈ মনোজে চেষ্টা কৰিলে৷ ইহঁতবোৰ বৰ বেয়াকৈ পাক খাইছে৷ লৰচৰ কৰিব নোৱাৰি গাঁঠি লাগি লাগি বাদুলিবোৰ জঠৰ হৈ পৰিছিল৷ আধাঘণ্টা সময় লাগিল তিনিটা বাদুলি এৰুৱাওঁতে৷ বাদুলিকেইটা লোহাৰ গড়ালটোৰ ভিতৰত ভৰাই বাকী কেইটা বাদুলি এৰুৱাব খুজি সি স্তদ্ধ হৈ পৰিল! জালত লাগি থকা বাকী কেইটা বাদুলিৰ প্ৰাণবায়ু ইতিমধ্যে হেৰাই গ’ল! হে ভগৱান!! কি অধিকাৰত ইহঁতৰ প্ৰাণ লোৱা হ’ল!! ই যে অন্যায়!! মনোজৰ ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ মন গ’ল৷ কিয় মানুহৰ বাদুলিৰ প্ৰতি অহেতুক ঘৃণা আৰু ভয়!!
বাদুলিবোৰ কি চৰাই অ’ মনোজ? তাক বহুতে এই প্ৰশ্নটো কৰে৷ সি কয় – আচলতে বাদুলিবোৰ উৰিব পাৰিলেও বা গছত বাস কৰিলেও ইহঁত প্ৰকৃততে চৰাই নহয়৷ ইহঁত স্তন্যপায়ী প্ৰাণী, ইংৰাজীত Flying mammal বুলি ক’ব পাৰি৷ স্তন্যপায়ী প্ৰাণীৰ ভিতৰত বাদুলি হ’ল দ্বিতীয় বৃহৎ প্ৰজাতি থকা প্ৰাণী৷ প্ৰায় বাৰশতকৈও বেছি প্ৰজাতিৰ বাদুলি এই পৃথিৱীত আছে৷ ইহঁতক প্ৰধানত দুটা ভাগত ভাগ কৰিব পাৰি – ফলমূল খোৱা বাদুলি ইংৰাজীত ইহঁতক Frugivores আৰু আনবিধ পোক-পৰুৱা- পতংগভোজী বাবে ইংৰাজীত সিঁহতক Insectivores বুলি কোৱা হয়৷ ফলমূল খোৱা বাদুলিবোৰে দিশ আৰু গোন্ধক অনুসৰণ কৰে আৰু কীট-পতংগ খোৱা বাদুলিবোৰে শব্দ তৰংগৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে৷ দিনত চকু মেলিব নোৱাৰা বাদুলিয়েনো ৰাতি কেনেকৈ দেখা পাই সিও এক আমোদজনক কথা৷ কিছুমানৰ ধাৰণা বাদুলিৰ চকু নাই৷ ই কিন্ত ভুল ধাৰণা৷ বাদুলিৰ চকু আছে৷ মানুহৰ দৰে দিনতো দেখা পায়৷ আচৰিত নহ’ব বাদুলিয়ে কিন্ত ৰাতিহে নেদেখে৷ সেয়ে এন্ধাৰত উৰি ফুৰোঁতে ই অতি উচ্চ কম্পনাংৰ শব্দ তৰংগ মুখেৰে নিৰ্গত কৰে৷ সেই শব্দ আমাৰ শ্ৰৱণ শক্তিয়ে ঢুকি নাপালেও বাদুলিৰ শ্ৰৱণ শক্তিয়ে ঢুকি পায়৷ বাদুলিৰ সেই শব্দ তৰংগই সন্মুখত ঠেকা খাই প্ৰতিফলিত হৈ বাদুলিৰ কাণত পৰেহি৷ তেতিয়া বাদুলিয়ে তাৎক্ষণিকভাৱে দিশ সলনি কৰে বা চিকাৰৰ বাবে সন্মুখলৈ আগুৱায়৷ সিদিনা বাদুলিজাকে ৰাতি জালখন দেখা হ’লে জালত নালাগিলহেঁতেন৷ কিন্ত পকা লেচুৰ গোন্ধক অনুসৰণ কৰি আহি জালত লাগিলহি৷
এই অকণমানি নিৰীহ প্ৰাণীটোক লৈ কিমান অন্ধবিশ্বাস! কিমান ধৰণৰ ভয়ানক আৰু ভৌতিক কল্পনা বাদুলিক লৈ৷ মালয়েছিয়া, ইণ্ডোনেছিয়াত পোৱা কালং নামৰ বাদুলিবোৰ দেখিলে তাৰ মানুহে ভয়তে পেঁপুৱা লাগে৷ এই বাদুলিটোৱেই বিশ্বৰ আটাইতকৈ ডাঙৰ আকৃতিৰ বাদুলি৷ যাৰ ইংৰাজী নাম Giant Golden Crowned Flying Fox, ডেউকা দুখন মেলিলে ইয়াৰ বিস্তৃতি প্ৰায় ৫ ফুট ৭ ইঞ্চি হয় আৰু Hog Nosed Bat নামৰ বাদুলিটোৱেই পৃথিৱীৰ আটাইতকৈ সৰু স্তন্যপায়ী প্ৰাণী৷ যি আকাৰত কেৱল ৩ ছেঃমিঃ ৷ কাজিৰঙাত আগতে মানুহৰ বাঁহৰ ঘৰবোৰত প্ৰায়ে চুঙা বাদুলিবোৰ দেখা গৈছিল৷ এতিয়া জানো সেইবোৰ ক’ত হেৰাই গ’ল!! এক কথাত বাদুলিক কৃষকৰ বন্ধু বুলি ক’ব পাৰি৷ কিয়নো বাদুলিয়ে বিস্তৰভাৱে কীট-পতংগ ভোজন কৰি ইহঁতৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আছে৷ এক পৰিসংখ্যা মতে আমেৰিকাত ৩.৭ বিলিয়নৰ পৰা ৫৩ বিলিয়ন পৰ্যন্ত পৰিমাণৰ টকাৰ পোক-পতংগৰ পৰা হোৱা ক্ষতি বাদুলিয়ে হ্ৰাস কৰি আছে৷ মালয়েছিয়া, চাৰবাক আদি বিদেশী ৰাষ্ট্ৰত বাদুলি সংৰক্ষণৰ বাবে The Wildlife Protection Ordinace 1998 নামৰ আইন চৰকাৰে প্ৰণয়ন কৰিছে৷ দুখৰ কথা Chistans Island Pipstelle নামৰ বাদুলিবিধ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰাই হেৰাই গ’ল!
কথাবোৰ চিন্তা কৰি কৰি মনোজে বাদুলিকেইটাৰ জখমী ঠাইবোৰ চাফা কৰি দিলে৷ হেণ্ডছ গ্লভছ পিন্ধি সাৱধানে মনোজে সিঁহতক চোৱা-মেলা কৰিছিল. কাৰণ বাদুলিৰ মানুহৰ দৰে দুপাৰি তীক্ষ্ণ দাঁত আছে৷ তাতে কিছুমান বাদুলি ৰেবিজ ভাইৰাছৰ বাহক হ’ব পাৰে৷ অৱশেষত গড়ালৰ ৰেলিঙত উলমি থকা বাদুলিকেইটালৈ চাই মনোজ নিশ্চুপ হৈ থাকিল৷ সন্ধিয়া নামিছে৷ লাহে লাহে গড়ালটোৰ দুৱাৰখন খুলি দি বাদুলি কেইটাক বিদায় সম্ভাষণ জনালে৷ বাদুলি তিনিটা সোঁ-সোঁৱাই উৰি গ’ল এন্ধাৰৰ মাজলৈ৷