অন্ধবিশ্বাসৰ বিৰুদ্ধে অবিৰত যুঁজ দি যোৱা বিৰুবালা ৰাভাৰ দেহাৱসান।
বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ অন্ধবিশ্বাসৰ বিৰুদ্ধে অবিৰত যুঁজ দি যোৱা বিৰুবালা ৰাভাৰ দেহাৱসান।
বিগত দুই দশক ধৰি ডাইনী হত্যাৰ বিৰুদ্ধে একক যুদ্ধ চলাই আহিছিল ৰাভাই ডাইনী সন্দেহত বলি হোৱা বহু মহিলাৰ কাষত সাহস হিচাপে থিয় দিছিল।
ভাৰত চৰকাৰৰ তৰফৰ পৰা ২০২১ চনত ৰাভালৈ প্ৰদান কৰা হৈছিল দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান।
কিছুদিন ধৰি অসুস্থ হৈ থকা বিৰুবালা ৰাভাৰ চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটিছে।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত আৰু সম্পাদক নীলু আচাৰ্যই ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।