এমুঠি জোনাকীৰ জিল মিল
— মুকুল শর্মা
বৰদলৈ নগৰ
বাইলেন ৭, চেক্টৰ ৩, তিনিচুকীয়া – ৭৮৬১২৫
ফোন: ৮৮২২২৫৫৩৮৫
সকলো মানুহৰ জীৱনলৈ কম-বেছি পৰিমাণে দুখ-বেদনা আহে। এই দুখ-বেদনা সমূহ আমি কেনেদৰে গ্ৰহণ কৰোঁ তাৰ ওপৰতহে আমাৰ জীৱন পৰিক্ৰমা নিৰ্ভৰ কৰে। শক্তিশালী ব্যক্তিত্ব, মূল্যবোধ থকা ব্যক্তিয়ে জীৱনৰ ওচৰত সহজে হাৰ নামানে। যিকোনো পৰিৱেশ-পৰিস্থিতি স্থায়ী নহয়। সাময়িক দুর্যোগৰ মাজতো নিজক শক্তিশালী কৰি ভাগি নপৰাকৈ আমি মনস্তাত্ত্বিক ভাৱে শক্তিশালী হ’ব লাগিব। আমাৰ চকুপানীও সময়ে উটুৱাই লৈ যায় আৰু দুখবোৰো সময়েই প্রশমিত কৰে। কিছুমান মানুহে জীৱনটো কৰ্মেৰে ধন্য কৰিছে। সজাই তুলিছে ন ন চিন্তা আৰু ঐশ্বর্যৰে, নির্মাণ কৰিছে ভাঙি পৰা সৌধবোৰ।
এটি সুন্দৰ আৰু পবিত্ৰ দিনৰ এটি সুন্দৰ বোকাখাতৰ অনুষ্ঠানে মোক হাত বাউলি মাতিলে। ড° ৰুৰী বৰা বাইদেউৱে একমাত্র পুত্ৰৰ মৃত্যুৰ বাতৰি সহজ ভাৱে গ্রহণ কৰিব নোৱাৰি হতাশ, বিষাদ, নিসংগ হৈ ভাগি পৰাৰ সময়তে জন্ম দিয়ে এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান “অভিলাষ প্রকাশন”। বাইদেউৱে ভালদৰে জানে কিদৰে যন্ত্রণাক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। দুখক সুখৰ আৱৰণ দি সমস্ত সত্তা, নিষ্ঠা, শ্রম, ত্যাগেৰে নির্মাণ কৰিছে মানস অনুষ্ঠানটো। বাইদেউৰ প্রেমময়, স্নেহময় হাতৰ পৰশত সৃষ্টি হোৱা অভিলাষ প্রকাশনে যোৱা ১১ বছৰে শিশু সকলৰ মানসিক তথা বৌদ্ধিক বিকাশৰ লক্ষ্যৰে কণ কণ শিশুসকলৰ হাতত তুলি দিবলৈ প্ৰয়াস কৰিছে একোটা নিপোটল সপোন। প্রতিভা সন্ধানৰ পোহৰমুখী খোজ। বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নিসংগ, বৃদ্ধ সকলক সহায়ৰ হাত আগবঢ়োৱা তথা পঢ়িবলৈ হেঁপাহ থকা আর্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছে৷ তদুপৰি, প্রতি বছৰে কেইবাখনো গ্রন্থ প্রকাশ কৰি বোকাখাত তথা অসমৰ বৌদ্ধিক জগত সমৃদ্ধ কৰিছে। অভিলাষ প্ৰকাশনৰ উদ্যোগত চলিত বৰ্ষৰ ১৪ জুনত বোকাখাত নাট্যমন্দিৰত শিশু একক অভিনয় প্রতিযোগিতা অনুষ্ঠিত কৰা লগতে শিশুৰ দ্বাৰা অভিনীত নাটক “বেলিফুলবোৰ ফুলি থাকে তাত” প্ৰদৰ্শন কৰা হয়। ১৫ জুনত বঁটা বিতৰণী আৰু “দেউতা মোৰ দেউতা” গ্রন্থখন উন্মোচন কৰা হয় লগতে শিশুৰ দ্বাৰা অভিনীত নাটক “বলিয়া বাৰীৰ সাধু” প্ৰদৰ্শন কৰা হয়। জীৱনৰ এটি অবিচ্ছেদ অংগ হেৰাই যোৱাৰ পাছতো ভাঙি যোৱা জীৱনটো কিদৰে পুনৰ নিৰ্মাণ কৰিব পাৰি সুন্দৰ উদাহৰণ হ’ল- অভিলাষ প্রকাশন।