বিশেষ লেখা
ব্ৰহ্মপুত্ৰ ব’র্ড প্ৰতিষ্ঠাৰ ৪৫ বছৰ আৰু বানপানী
— ড০ জয়ন্ত দাস
মূৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে. ডি.এছ.জি. মহাবিদ্যালয়, বোকাখাত
ফো: ৭০০২৩২৮৫৪০
এই কথা সর্বজন বিদিত যে অসমত বানপানী হয়, প্ৰায় প্ৰতিবছৰে হয় আৰু কৌটি কৌটি টকা মূল্যৰ কৃষি আৰু অন্যান্য সম্পদ নষ্ট হয়৷ মানুহ আৰু পশুধনৰো ক্ষতি হয়৷ লগতে নদীৰ বুকুত জাহ যায় ঘৰ, মাটি আৰু হাজাৰজনৰ স্বপ্ন৷ নদীপৰীয়া মানুহ হিচাপে শৈশৱৰে পৰা দেখি আহিছোঁ নদী আৰু বানপানীৰ তাণ্ডৱ৷ বানপানীৰ, মথাউৰি ভঙাৰ ভয়ত পাৰ কৰিছোঁ বহু বিনিদ্ৰ নিশা৷ দেখিছোঁ বানপানীয়ে উটুৱাই নিয়া শইচ আৰু খেতিয়কৰ সপোন, আপোনজনৰ লগতে পোহনীয়া জীৱ-জন্তুক হেৰুৱাই ভাঙি পৰা মানুহৰ কান্দোন আৰু ভৰ বাৰিষাৰ নাচোন৷ সৰুতে স্কুলত লিখিবলৈ দিয়া ৰচনাবোৰ এখন প্ৰায় অনিবার্যভাৱেই আছিল বানপানী বিষয়ক৷ বানপানীৰ বিষয়ে আমাৰ জ্ঞান বিশ্বকোষৰ সমান অৱশ্যেই নহয়, কিন্তু অনুভৱ-অভিজ্ঞতা দীর্ঘদিনীয়া আৰু সমৃদ্ধ৷
আমাৰ স্কুলৰ দিনৰ পৰা এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰে বহুত পানী বৈ গ’ল, দেশ-ৰাজ্যই বৈষয়িক উন্নতিৰ বহু সীমাৰেখা চুলে বা ভাঙিলে, মানুহ শিক্ষা-ৰাজনীতি, অর্থনীতি-সমাজনীতিৰে বহু ‘পৰিপক্ক’ হ’ল৷ মাত্ৰ কিবা যেন মায়াবী কাৰণত ১৯৮০-ৰ সেই ব্ৰহ্মপুত্ৰ ব’র্ডখন ২০২৪ পর্যন্ত সুদীর্ঘ প্ৰায় ৪৪-৪৫ বছৰ সময় নদীয়ে কোনো দাগ-আঁচোৰ লগাব নোৱাৰাকৈ প্ৰায় একে ঠাইতে থাকি গ’ল৷ অথবা ক’ব পাৰি, যি উদ্দেশ্যত ব’র্ডখন গঠন কৰা হৈছিল সেই উদ্দেশ্য আজিও প্ৰায় একেই আছে৷ একে থাকিল অন্য দুটা কথা-বানপানী বিষয়ক ৰচনাত আজিও প্ৰসঙ্গক্ৰমে টানি আনোঁ ‘ব্ৰহ্মপুত্ৰ ব’র্ড’ৰ নাম আৰু কি বিড়ম্বনা যে এতিয়াও ‘বৈৰী’ চীন দেশে কোন কাহানিয়ে মূৰৰ বিষ দি থকা ‘হোৱাং-হো’ নদীক নিজৰ সুবিধাৰ অনুকূলে সলাই পেলোৱাৰ প্ৰসঙ্গ বা ইতিহাস৷ ১৯৮০ দশকৰ আৰু এটা প্ৰসঙ্গ আজিও একে থাকিল—সেয়া হ’ল অবৈধ বাংলাদেশী বিতাড়ণ, তাৰ বাবে গঠন কৰা বিদেশী ন্যায়াধীকৰণ, অসমীয়াৰ আৱেগেৰে গঢ়ি তোলা আন্দোলন আৰু তাৰ গইনা লৈ পৰৱর্তী সময়ত গঠন হোৱা কিছু দল-সংগঠনে দেখুওৱা হাজাৰ স্বপ্ন৷
কেৱল যদি ব্ৰহ্মপুত্ৰ ব’র্ডৰ কথা কওঁ, এই ব’র্ড ১৯৮০ চনত দেশৰ সংসদে প্ৰণয়ণ কৰা এখন আইনৰ অধীনত গঠন হৈছিল৷ মূখ্য উদ্দেশ্য আছিল “ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানী আৰু খহনীয়া প্ৰতিৰোধৰ বাবে পৰিকল্পনা আৰু সমন্বিত কার্যকৰীকৰণৰ লগতে ইবোৰৰ স’তে সংলগ্ন হৈ থকা অন্যান্য বিষয়সমূহ”৷ (Planning and integrated implementation of measures for the control of flood and bank erosion in Brahmaputra and Barak Valley and for matters connected therewith.)
উক্ত উদ্দেশ্যৰে ১৯৮০ চনৰ পৰা, নতুন দিল্লীত সম্পর্ক ৰক্ষাৰ বাবে এটা Liasion Office আৰু ২১জনীয়া সদস্যৰ স’তে, ব’র্ডখন বানপানীৰ-খহনীয়াৰে সহাৱস্থান কৰি চলি আছে৷ এই ব’র্ডৰ ভৌগোলিক কর্তৃত্বৰ পৰিসীমাৰ ভিতৰত উত্তৰ পূব ভাৰত, ছিক্কিম আৰু পশ্চিম বঙ্গৰো কিছু অংশ পৰিছে৷ ব্ৰহ্মপুত্ৰ ব’র্ডৰ চৰকাৰী ৱেবচাইটৰ হ’ম পেইজত এতিয়াও আছে সেই মিছন/ভিছনৰ সদম্ভ ঘোষণা: “Flood/Erosion control through Integrated Management of Basins of interstate / international rivers of NE Region by involving expertise of domain, state-of-the-art knowledge & technology, working closely with State Governments and other Stake Holders.”
প্ৰায় ৪৫ বছৰ সময়ৰ পৰিকল্পনাৰ ফল ইমানেই হৈছেগৈ? ৪৫ বছৰ কোনোধৰণেই কম সময় নহয়৷ কেতিয়াকৈ বহুলাংশে মচি দিব পাৰিম সিংহভাগ বান-পীড়িত মানুহৰ চকুপানী? বানপানীৰ স’তে যুঁজি যুঁজি, আশাহীনতাৰ বিপৰতেও সপোন চাই চাই চকুৰ গুৰিত মেকুৰীৰ খোজে গভীৰ দাগ বহুওৱা মানুহ কিছুমানে কেতিয়ালৈ দোষ দিব লাগিব ভাগ্যক, প্ৰকৃতিক? প্ৰযুক্তিৰে চমক দিব খোজা দিনত আৰু কিমান দিনৰ অপেক্ষা বাকী আছে?
কোনেও এদিন, এবছৰ, বা হয়তো দহবছৰতো সমস্যাবোৰৰ সমাধানৰ কথা ভৱা নাছিল৷ হয়তোবা আৰু সময়, আৰু অধিক পৰিকল্পনাৰ দৰকাৰ৷ কিন্তু অস্তিত্বৰ ৪৫ বছৰত কিছু বাচি বাচি গণিব পৰা সিদ্ধি চকুত পৰিব লাগিছিল৷ হয়তোবা আছে এনে সিদ্ধিৰ তালিকা৷ হয়তো আমি সঁচাকৈয়ে অজ্ঞ৷ হয়তো ব’র্ডৰ বাজেটৰ ঈর্ষণীয় বার্ষিক বৃদ্ধি, বানপানী-খহনীয়া, ৰিভাৰ বেচিন মেনেইজমেণ্ট বিষয়ক আন্তর্জাতিক আলোচনাচক্ৰ নিয়মীয়াকৈ অনুষ্ঠিত হৈছে৷ পিছে বান-পীড়িত, খহনীয়া-বিধস্ত বহু অঞ্চলৰ সাধাৰণ জনতাই ইয়াৰ সুফল পাবলৈ এতিয়াও বহু বাকী৷
হোজাইৰ ভিতৰুৱা অঞ্চল এটাৰ সত্তৰোর্ধ এজন সম্বন্ধীয় ব্যক্তিয়ে ডিঙিলৈকে উজাই অহা আৱেগ আৰু চকুপানী ঢাকিবলৈ ব্যর্থ চেষ্টা কৰি কালি বর্ণনা কৰিলে কেনেকৈ জলকীয়া, তিঁয়হ, জিকাবোৰ বানপানীয়ে ৰাতিটোৰ ভিতৰতে মাটিত মিহলাই দিলে, কেনেকৈ সন্মুখেৰে উটি গ’ল ঘৰৰ আঁচ-বাব, কাঁহী-বাটি, কেনেকৈ চাঙ পাতি তাৰ ওপৰৰ পৰাই তলৰ পাৰাপাৰহীন পানীত পুৰুষ-মহিলাই প্ৰত্যকে প্ৰত্যেকক দেখাকৈ কৰিব লগা হয় প্ৰস্ৰাৱ-পায়খানা, ইত্যাদি৷ নিজৰ অঞ্চলত জন্মৰে পৰাই দেখি-ভূগি আহিছোঁ এই দূর্দশা৷ বহুতেই স্বীকাৰ কৰিব যে সাহায্য হিচাপে পোৱা তিনি-পাঁচ কেজি চাউল, আধা কিলোগ্ৰাম মচুৰ দাইল, ২০০ মি:লি: মিঠাতেল, এপোৱা নিমখ, ক’ৰবাত দিনৰ পিছত দিন চৰকাৰী কার্যালয়লৈ তাঁত-বাটি কৰি ঘৰ ভঙাৰ বাবদ পোৱা কেইহাজাৰমান টকা, এইবোৰ কেতিয়াও প্ৰতিবছৰে বানে চূৰমাৰ কৰা কঠোৰ পৰিশ্ৰম আৰু স্বপ্নৰ দাম বা ক্ষতিপূৰণ বা একো নহ’লেও প্ৰকৃত সাহায্য হ’ব নোৱাৰে৷ পিছে ইমানতে সীমাৱব্ধ হৈ ৰৈছে ব’র্ডে সুদীর্ঘ ৪৫ বছৰ জুৰি দিয়া সুফলৰ গৰিমা৷ বা আমাৰ শ্লোগান থমকি ৰৈছে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কৰা দাবীত বা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত লোৱা ভূমিকাক লৈ কৰা সমালোচনাত৷ দাবী আৰু বোকা-চটিওৱাৰ খেল দিশপুৰ-দিল্লীত চৰকাৰ অনুযায়ী সলনি হৈ থাকে৷ মানুহ আমিবোৰেই-মই, আপুনি আৰু তেওঁলোক৷