
ৰাইজৰ খবৰ জন্মৰ আঁৰৰ কাহিনী
বুবুল দত্তঃ সাংবাদিক ভাতৃ সুশীল দাসৰ বিয়া। আমি বোকাখাতৰ মফচলীয় সাংবাদিক সকল বৰ যাত্ৰী।কইনাৰ ঘৰ ডিমাপুৰত। ভাতৃ সুশীলৰ দাবী আছিল,আমি বৰ যাত্ৰী ৰূপে যাবৈ লাগিব। কিন্তু আমাৰ ভয় হৈছিল,সেইসময়ত ডিমাপুৰ আছিল অগ্নিগৰ্ভা। চলি আছিল সান্ধ্য আইন। সামৰিক, অৰ্ধসামৰিক বাহিনীৰ হাতত আছিল ডিমাপুৰ। ডিমাপুৰৰ হত্যা হিংসা, আৰক্ষী – সেনাৰ অতিচাৰৰ কথা প্ৰাত্যহিক প্ৰকাশ পাইছিল কাকতত।সুশীলে নিশ্চয় তেওঁৰ বিশ্বস্ত সংগী সকল লগত গ’লে কিছু সাহস পাব বুলিয়েই আমি যোৱাত অধিক গুৰুত্ব দিছিল।দিনটো আছিল ২০০৬ চনৰ ২২ জানুৱাৰী। সন্ধিয়া পৰত আমি ডিমাপুৰ পাইছিলোগৈ।নিমাও মাও ডিমাপুৰ। বন্ধ দোকান-পোহাৰ।
আমাক পোনে পোনে এখন হোটেলৰ একেবাৰে ওপৰ মহলালৈ লৈযোৱা হৈছিল। সুদৃশ্য কোঠা এটাত ফ্লৰৰ ওপৰত দলিচা পাৰি আমাক বহিবলৈ দিছিল। চলিছিল সম্ভ্ৰান্ত আপ্যায়ন। চাহৰ লগত আহিছিল বিধে বিধে মিঠাই। জানিবলৈ পাইছিলো, নিশা নিৰ্ধাৰিত সময়ত আমাক কইনা ঘৰলৈ লৈ যোৱাৰ অনুমতি লৈ থৈছে কইনা ঘৰে। ৰ’ব লাগিব কিছু দীঘলীয়া সময়।

সুশীল দাসৰ স’তে পৰিয়ালটি
লাহে লাহে আমাৰ আড্ডা আৰম্ভ হৈছিল। সুষময় পুৰকায়স্থ ছাৰ, ৰাতুল ৰাজখোৱা দাদা, জিতু শৰ্মা ৰাজখোৱা, নীলু আচাৰ্য, মহেন শইকীয়া, মহেশ্বৰ ৰবিদাস, তৰুণ কুমাৰ বিশ্বাসকে উপস্থিত সাংবাদিক সকলোৱে আড্ডাত অংশ লৈছিল। তৰলৰ পৰা ক্ৰমশঃ আলোচনা আগুৱাইছিল বৌদ্ধিক দিশত। এই সময়ত কাৰ্বি-আংলঙৰ দুজন সাংবাদিকেও সংগ দিছিল। কোঠাটোত প্ৰথমেই যুদ্ধ বন্দী যেন লাগিছিল যদিও ক্ৰমে ভয় আঁতৰিছিল। মাজতে এজন চি আৰু পি এফ জোৱানে নিৰ্ভয় দি গ’ল।
বোকাখাতৰ পৰা এখন বাতৰি-কাকত ওলাব লাগে। আমি দৈনিক কাকতলৈ পথোৱা,অথচ প্ৰকাশ নোপোৱা,অঞ্চলবাসীৰ বাবে প্ৰয়োজনীয় বাতৰি সমূহ প্ৰকাশৰ বাবে আমাক এক আধাৰ লাগে।এই আলোচনা এসময়ত সিদ্ধান্ত হ’লগৈ।ওলাব।বোকাখাতৰ পৰা আমাৰ আশা কৰা বাতৰি কাকত খন ওলাব। সভাপতি বিহীন ,কাৰ্যবিবৰণী বিহীন এক অনানুষ্ঠানিক আড্ডাৰ চেৰাশালীত জন্ম হ’ল এটি স্থায়ী সিদ্ধান্তৰ।
এতিয়া চিন্তা হ’ল “কি নাম দি মাতিম তোমাক!” এৰা কি নাম দিয়া হ’ব কাকত খনৰ? অৱশেষত মোৰ মুখৰ পৰাই ওলাল,- ‘ৰাইজৰ খবৰ’৷ দ্বিদ্ধাহীন ভাৱে গ্ৰহণ কৰিলে সকলোৱে। ইয়াতো প্ৰশ্ন নথকা নহয়। কোনে প্ৰকাশ কৰিব কাকতখন? সিদ্ধান্ত হ’ল, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ পৃষ্ঠপোষকতাত প্ৰকাশ পাব ‘ৰাইজৰ খবৰ’।
সুশীলৰ বিয়াৰ পৰা আহি কাকতৰ কামত সকলো উবুৰি খাই পৰিলোঁ। সেইযে আৰম্ভণি, পিছলৈ ঘূৰি নোচোৱাকৈ এতিয়া ঊনৈশ বছৰীয়া হ’ল ‘ৰাইজৰ খবৰ’। নামত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ পৃষ্ঠপোষকতাত বুলি প্ৰকাশ পালেও, মূলতঃ কাকত খনৰ চালিকাশক্তি জিতু শৰ্মা ৰাজখোৱা। ৰাজখোৱা কাকত খনৰ মুখ্য সম্পাদক। আমি সম্পাদনা উপদেষ্টা ৰূপে আছোঁ। ক্ৰ’মে তৰুণ কুমাৰ বিশ্বাস, খগেন শৰ্মা আৰু বৰ্তমান বদন দুৱৰা কাৰ্যবাহী সম্পাদক ৰূপে আছে।
ইফালে, সুশীল দাসৰ পত্নী খুচী এতিয়া দুই সন্তানৰ মাতৃ। উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰী বৰজী দীপশিখা। সৰু জী খুচমিতা প্ৰাথমিকৰ ছাত্ৰী। সুশীলৰ বিয়াৰ দিনটোৰ ডিমাপুৰৰ হোটেলখনত আবদ্ধ নথকা হ’লে ‘ৰাইজৰ খবৰ’ৰ জন্মৰ বাবে আৰু কিছুদিন ৰ’ব লাগিলহেতেন। ‘ৰাইজৰ খবৰ’ এতিয়া যৌৱনা। চিৰ যৌৱনা হৈ থাকক মানস কন্যা ‘ৰাইজৰ খবৰ’।