বিশেষ পৃষ্ঠাঃ বিষ্ণু ৰাভা বিষয়ক একাধিক কবি-লেখকৰ ৰচনা সম্ভাৰ
গীতিকাৰ বিষ্ণু প্ৰসাদ ৰাভা
— অঞ্জলি বাইলুং বুঢ়াগোহাঁই, গোলাঘাট
কুৰি শতিকাৰ প্ৰথম ভাগত যিসকল মহান শিল্পীয়ে অসমৰ সমাজ জীৱনত অসমৰ জনসাধাৰণক ঐক্য, সম্প্ৰীতিৰ ডোলেৰে একত্ৰিত কৰি প্ৰগতিৰ পথেৰে আগুৱাই লৈ যাবৰ কাৰণে যত্ন কৰিছিল, বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল, তেওঁ লোকৰ ভিতৰত বিষ্ণু প্ৰসাদ ৰাভা আছিল অন্যতম। তেওঁ একেধাৰে নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, ঔপন্যাসিক, ৰাজনীতিবিদ, সমাজ সংস্কাৰক, অভিনেতা, নৃত্য নিপুণ, অসাধাৰণ, ব্যক্তিত্ব আৰু প্ৰতিভাৰ গৰাকী ,অসমৰে নহয় ভাৰতৰ এজন সুযোগ্য সন্তান।
তেওঁৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আছিল ইংৰাজ চাহাবৰ অধীনত উচ্চ পদ সশস্ত্ৰ বাহিনীৰ চুবেদাৰ মেজৰ। চাকৰি সূত্ৰে বাংলাদেশৰ ঢাকাত থকা সময়তে ১৯০৯ চনৰ ৩১ জানুৱাৰীত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল। তেওঁৰ মাতৃৰ নাম আছিল গেথিবালা ৰাভা। পিতৃ গোপাল চন্দ্ৰ ৰাভাৰ সংগীতৰ প্ৰতি ৰাপ আছিল। সেয়ে হয়তো তেওঁ বিষ্ণু ৰাভাক চাৰি পাঁচ বছৰ বয়সতে,ঘৰতে ওস্তাদ ৰাখি ,নিজৰ লগতে গীত, নৃত্যৰ প্ৰশিক্ষণ দিয়াইছিল।ঢাকাৰ যশস্বী শিল্পী, নৃত্য পটিয়সী গহৰজান বিবিয়ে তেওঁক কথক নৃত্য ,ঠুমৰি গীত শিকাইছিল। মেধাৱী ছাত্ৰ বিষ্ণু ৰাভাই ছবছৰ মান বয়সতে উচ্চাংগ সংগীতৰ জ্ঞান লাভ কৰিছিল আৰু নৃত্যত পাকৈত হৈ উঠিছিল। সৰুতেই দেউতাকৰ মৃত্যু হোৱাত তেঁওলোক তেজপুৰলৈ গুচি আহিছিল। তেজপুৰ চৰকাৰী উচ্চতৰ বিদ্যালয়ৰ পৰা ১৯২৬ চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে “কুইন এমপ্ৰেছ” পদক লাভ কৰিছিল। তেওঁ কলিকতাত পঢ়িবলৈ গৈছিল আৰু তেওঁ১৯২৮ চনত আই এছ চি পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল ,ছেইণ্ট প’ ল কেথেদ্ৰল মিছন কলেজৰ পৰা। বিএছ চি পঢ়াৰ কাৰণে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ৰিপন কলেজত নাম লগাইছিল। পিছত ভিক্ট’ৰিয়া কলেজত অধ্যয়ন কৰিছিল আৰু স্বাধীনতা আন্দোলনৰ ভৰপকৰ সময়ত তেওঁ এটা কবিতা লিখিছিল।
কবিতাটি আছিল,
“ৰাজ্যে আছে দুইটি পাঠা, একটি কাল একটি সাদা।
ৰাজ্যেৰ যদি মঙ্গল চাওঁ, দুইটি পাঠাই বলি দাও।”
বৃটিছ শাসনৰ বিৰুদ্ধে ই এক কবিতাই নাছিল,ইয়াৰ জৰিয়তে তেওঁৰ আকুল আহ্বান আছিল দেশৰ জনতাৰ মঙ্গলৰ উদ্দেশ্যে। তেওঁ আন্দোলন কৰি পলাই ফুৰিছিল আৰু কোচবিহাৰত থকা সময়ত এজেন্ট জ’নৰ কাৰ্যালয়ত ইংৰাজৰ পতাকা আঁতৰাই ভাৰতৰ পতাকা মনে মনে আঁৰি থৈ আহিছিল। সেয়ে ইংৰাজৰ ৰোষত পৰি পুলিচৰ ভয়ত পঢ়িবলৈ এৰি দিছিল। শিক্ষাজীৱনৰ সমাপ্তি ঘটাই তেওঁ ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগদান কৰিছিল । জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত তেওঁ জয়মতী কথাছবিৰ নৃত্য পৰিচালনা কৰিছিল। জ্যোতিপ্ৰসাদৰ মৃত্যুৰ পাছত তেওঁ সদৌ ভাৰত থিয়েটাৰ সন্থাৰ সভাপতি হৈছিল।১৯৩৯ চনত তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ বাৰানসীত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল। বিপ্লৱী কমিউনিষ্ট দলৰ হৈ কাম কৰাৰ বাবে তেওঁ জেললৈ যাবলগা হৈছিল।
বিষ্ণু প্ৰসাদ ৰাভাই সংগীত পৰিচালক আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰিছিল।ৰাভাই গীতিকাৰ হিচাপে বহু কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। তেওঁৰ দ্বাৰা ৰচিত মুঠ ১৩৭ টা গীত গ্ৰন্থত প্ৰকাশ পাইছে। তেওঁৰ গীতত প্ৰকৃতি,প্ৰেম,ঐতিহ্য, শিশু উপযোগী গীত,মুক্তিকামী জনতাৰ বিপ্লৱী মনোভাৱ আদি বিভিন্ন বিষয়বস্তুৰ প্ৰকাশ ঘটিছে। ৰাভাৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত আছে —
(১)বনৰীয়া আমি বনৰ চৰাই,বনে বনে ফুৰো অনাই বনাই।
(২)লগন উকলি গ’ল তেও যে নহ’ল কোৱা।
(৩)পৰজনমৰ শুভলগনত,যদিহে আমাৰ হয় দেখা।
(৪) বিশ্বৰ ছন্দে ছন্দে, মহানন্দে আনন্দে,নাচা নাচা তমোহৰ দেউ নাচা।
(৫)সুৰৰে দেউলৰে,ৰূপৰে শিকলি,ভাঙি দিলি খুলি দুৱাৰ সোনোৱালী, পূজাৰী অ’
(৬)আজি, মন্দিৰ দুৱাৰ খোলা,বহে মিলনৰ উৎসৱ মেলা।
(৭)ব’ল,ব’ল,হ’ল,হ’ল কৃষক শক্তি দ’ল।
(৮)জোনবাই এ তৰা এটি দিয়া।
(৯) আগুৱাই ব’ল আগুৱাই ব’ল।
(১০) কাষতে কলচি লই,যায় অ’ ৰূচকী বাই।
(১১)নিছলা আইৰে আমি খাটি অসমীয়া।
(১২)মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম।
(১৩)বিলতে হালিছে ধুনীয়া পদুমী।
(১৪) নাহৰ ফুলে নুশুৱাই।
(১৫)তেজৰ বোলেৰে লিখি যাম ইতিহাস।
ৰাভা দেৱৰ ৰচিত আৰু বহু গীত আছে । তেওঁৰ সুৰাৰোপিত গীতৰ এক সুকীয়া বৈশিষ্ট্য আছে, তেওঁৰ এই গীতসমূহক “বিষ্ণু ৰাভা সংগীত” হিচাপে জনা যায়।
গীতিকাৰ ৰাভাই সুন্দৰ ছবি আঁকিছিল। চিত্ৰলেখা,নটৰাজ, শকুন্তলা আদি। তেওঁৰ অভিনীত ছবি এৰা বাটৰ সুৰ,ছিৰাজ, প্ৰতিধ্বনি। বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে তেওঁৰ মৃত্যু তিথিত বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। গীতিকাৰ ৰাভা দেৱৰ গীতৰ বিষয়ে বহু গ্ৰন্থ ৰচিত হৈছে বিশেষকৈ” বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু স্বৰলিপি” অন্যতম। বিষ্ণু ৰাভা ৰচনাৱলী, মুক্তি জেলৰ ৰূপকাৰ, জ্যোতি বিষ্ণু, সাংস্কৃতিক ৰূপান্তৰৰ ৰূপৰেখা আদি।আজীৱন দুখীয়া নিচলাৰ বাবে সংগ্ৰাম কৰা, দেশপ্ৰেমিক ৰাভা দেৱক গুণমুগ্ধ সকলে” শিল্পী সৈনিক “আখ্যা দিছিল।
সুৰকাৰ, গীতিকাৰ ৰাভা দেৱে প্ৰথমা পত্নী সুগায়িকা প্ৰিয়লতা দত্তৰ মৃত্যুৰ পিছত,কনকলতা মেধিৰ লগত বিবাহ সম্পন্ন কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ কনকলতাৰ কম বয়সতে মৃত্যু হোৱাত তেওঁ তৃতীয় পত্নী মোহিনীবালা বসুমতাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।বহু প্ৰৱন্ধ, উপন্যাস,নাটক আৰু গল্প আদিৰ গ্ৰন্থ ৰচোঁতা ৰাভা দেৱৰ অনন্য প্ৰতিভা চিৰকাল স্মৰণীয় হৈ থাকিব।
১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাভা দেৱৰ পৰলোক প্ৰাপ্তি ঘটিছিল। মৃত্যুৰ পিছতো এইজন মহান লোক, কলাগুৰু ৰাভাদেৱৰ মহান কীৰ্তি জগতত চিৰজ্যোতিষ্মান হৈ ৰ’ব।
আৰু পঢ়ক 🔻
বিষ্ণু ৰাভা এতিয়া দোভাগ ৰাতি
— হিৰণ ভূঞা, মুম্বাই
কল্যাণ ৰাগত খৰমান তালত
জীৱন নাটৰ অৱসান
স্তব্ধ হৈছিল বিশাল অৰ্থপূৰ্ণ
শব্দ সম্ভাৰ।
যি প্ৰবাহিত হৈছিল
সাধাৰণ জনতাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
প্ৰাণে প্ৰাণে।
কৃষক, বনুৱা শ্ৰমিকৰ সখা
প্ৰেমিকাৰ দুৰ্দ্দান্ত প্ৰেমিক
পৰজনমৰ শুভলগনত
পুনৰ মিলন হোৱাৰ দুৰ্বাৰ আকাংক্ষা যাৰ বুকু আছিল ভৰি।
বুকুৰ তেজেৰে লিখি যাওঁ মানুহৰ কথা,
মানুহেই দিলে বুকুভৰা ব্যথা।
বিলৰ বুকুত পদুম দেখি পুলকিত হোৱা হিয়া
ক্ষোভিত হৈছিল
শাসকৰ বিভ্ৰান্ত বিচাৰ – বিবেচনাত।
ৰাজ্যে আছে দুইটি পাঠা,
ৰাজ্যেৰ যদি মঙ্গল চাও
দুইটি পাথা বলি দাও।
তোমাৰ ক্ষোভৰ উচ্চ আজিও আছে বিষ্ণু ৰাভা।
তোমাৰ গান, তোমাৰ শব্দ বৈ আছে শিলৰ তলত বৈ থকা নদীৰ দৰে।
জীৱ শুই যায় মৃত্যুৰ শীতল কোলাত,
কিন্তু শব্দ অমৰ।
ই বৈ থাকিব নিৰবধি, চিৰকাল।
যিমান দিনলৈ থাকিব
সুন্দৰৰ পূজাৰী, শব্দ অনুগামী।
তুমি দিয়া গান, শব্দ
ঘূৰি আছে চক্ৰাকাৰে।
কলীয়া ডাৱৰে কৰিব পৰা নাই পৰাভূত।
অসমত এতিয়া দোভাগ ৰাতি,
বঠাহীন নাওঁৰ দৰে।
হে, উদিত সূৰ্য্য
তুমি আহা সূৰ্য্য উঠা দেশলৈ
তোমাৰ ভাষাৰে
পৰমজনমৰ শুভ লগনত
জনাতাৰো জনতা,
প্ৰাণৰো প্ৰাণ
তুমি আহা শব্দ হৈ
যি শব্দই জাগ্ৰত কৰিব
শুই থকা জনতাক।
আৰু পঢ়ক 🔻
বিষ্ণু ৰাভা এতিয়া বহুত ৰাতি
— অজন্তা তামুলী ফুকন, হোজাই।
বিষ্ণু ৰাভা এতিয়া বহুত ৰাতি!
তোমাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ
আজি নিজকে প্ৰশ্ন কৰিছোঁ
সঁচাকৈয়ে,
এতিয়া ধলফাট দিয়ালৈ বহুত বাকী
তোমাৰ সপোনৰ কাৰেঙত ঘুণে ধৰিছে
অসমীয়াৰ হৃদয়ত শোকে উজাইজে
পিছে দল সংগঠনৰ বিবেক বন্ধকত
এতিয়া ধলফাট দিয়ালৈ বহুত বাকী
বিষ্ণু ৰাভা তোমাৰ ত্যাগৰ মূল্য
অসমীয়াই দিবলৈ অপাৰগ
ঘুণে ধৰিছে আমাৰ চিন্তাত
বিষ্ণু ৰাভা তুমি জাতিৰ আভা
তোমাৰ সৃষ্টিৰাজিৰে জগত সভালৈ
অসমী আইক আলফুলে লৈ গ’লা
অথচ,
আজি তোমাৰ স্মৃতি ৰোমন্থন কৰিবলৈ
তোমাৰ সৃষ্টিৰাজিক একত্ৰিত কৰিবলৈ
জগত সভালৈ লৈ যাবলৈ
আমাৰ সুপৰিকল্পনাৰ অভাৱ
সেয়ে ধলফাট দিয়ালৈ বহুত বাকী
এদিন সুৰুযে কঢ়িয়াই আনিব প্ৰচুৰ সম্ভাবনা
বিষ্ণু ৰাভা এতিয়া বহুত ৰাতি!
আৰু পঢ়ক 🔻
হাত
— অংকুৰিতা ফুকন, দেৰগাঁও
সিদিনা আন্ধাৰতো নিজক
স্পষ্টকৈ দেখা পোৱাৰ পৰত
সদ্যমৃত বিপ্লৱীজনে আহি ক’লে
কবিৰ এখন অদৃশ্য হাত থাকে
সেইখন হাতেৰে তেওঁ প্ৰথমে বিপ্লৱৰ কবিতাটো লিখে
তেজ মঙহৰ কবিৰ
এখনেই তেজ মঙহৰ হাত
খাবলৈয়ো লিখিবলৈয়ো…
অথবা বিপ্লৱৰ বাবে হাত উজান দিবলৈয়ো
ময়ো যদি খোৱাৰ পৰতে
লিখিব পাৰিলোঁহেতেন অদৃশ্য হাতেৰে কবিতা
তেওঁৰ হাতত ধৰি ক’লোঁহেতেন-
যিটো কবিতাৰ শেষৰ শাৰীত
ৰৈছিল তেওঁৰ হাত
তাৰ পৰাই ভোকৰ ভাৱনাই
ৰোধিছে কবিৰ বিপ্লৱী মাত…
আৰু পঢ়ক 🔻
শিল্পগ্ৰাম
— গাৰ্গী ভূঞা, যোৰহাট
কবিতাৰে মই যদি এখন সমাজ গঢ়াৰ কথা ভাবোঁ
মোৰ হাত দুখন বান্ধি পেলোৱা হয়
আৰু মই গুজৰি থাকোঁ অন্তৰ-মনে
কণ্ঠ অবিহনে এটি বিপ্লৱী সুৰ
যেতিয়া কাণবোৰত শব্দ হৈ গজে
মোৰ কান দুখন তেতিয়া চেপি পেলোৱা হয়
মই, আঠুমুৰীয়াকৈ বহি থাকোঁ
মোৰ মুখখন সোপা মাৰি ধৰা হয়
মই, কথা ক’লেই হেনো শিল্পগ্ৰামৰ সৃষ্টি হ’ব!
তীক্ষ্ণ চকুবোৰে মোক চাই থাকে
এজন শিল্পীয়ে বোলে দৃষ্টিৰেও শিল্প বিলায়
সেই দোষতে মোৰ চকুযুটিও ক’লা কপোৰেৰে বান্ধি পেলোৱা হ’য়
মোৰ ভৰিৰ খোজে গঢ় লোৱা চিত্ৰখনো শিল্প বুলি
মোহাৰি পেলোৱা হ’য়
মই, আজি কবিতা নিলিখিলেও
প্ৰতি-কণে, প্ৰতি-ক্ষণে এক শিল্পী সত্তা জীয়াই থাকে
ইহকাল পৰকাল সৰ্ব্বতিকালে
আৰু পঢ়ক 🔻
সৈনিক শিল্পীজনাৰ স্মৃতিত…
— কল্পনা দেৱী, গুৱাহাটী
হে সৈনিক শিল্পী এবাৰ
আকৌ এবাৰ জন্ম লোৱা
তোমাৰ বৰ অসমত_
তুমি এৰি যোৱা অসমখনত
এতিয়া তেনেই অৰাজকতা
হেৰাই গৈছে মানৱতা
মানুহৰ মাজৰ একাত্মতা
মন-মগজু সম্প্ৰতি পোতাশালত বন্দী
তোমাৰ প্ৰয়োজন আকৌ এবাৰ!
জাগ্ৰত কৰা মানৱতা
জগোৱা ভাতৃত্ববোধ
কোনো অসমীয়া ডেকাৰ(অভি-নীল)
প্ৰাণকাতৰ চিঞৰত যেন
ভূ-লুন্ঠিত নহয় অসমীৰ অস্মিতা!
হে সৈনিক শিল্পী_
আকৌ এবাৰ জন্ম লোৱা
এই পুণ্যভূমি অসমত
তোমাৰ সপোনৰ সোণৰ দেশখন
তুলিকাৰে বোলোৱা প্ৰতিটো জনমত।
আৰু পঢ়ক 🔻
বিপ্লৱী বীৰ
— ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
কৃষ্টিৰ পথাৰত
সৃষ্টিৰ মন্ত্ৰৰে
অমৃতৰ সুধা বকা
অস্তমিত সূৰুয……!
মোৰ মাটিৰ পৰিচয় বুলিলেই
তোমাৰ নামৰ সৃষ্টিৰ বৰপেৰাৰ
সুগন্ধৰে বিয়পি পৰে
সূৰ্য্য উঠা দেশৰ চোতাল,
আত্মগৌৰৱৰ মহাক্ষণত
যিদৰে উৰুৱাও তোমাৰ নিচান
আত্মবিস্মৃতিৰ মহাপ্ৰলয়তো
আহ্বান কৰোঁ বাৰে বাৰে
তোমাকেই হে মোৰ দেশৰ সূৰুয……
হে বিপ্লৱী বীৰ…………!
তোমাৰ আত্মাৰ আশীসেৰে
জী উঠক নিদ্ৰামগ্ন আত্মাত
অপ্ৰতিৰূদ্ধ গতিৰে……
নটৰাজ নৃত্যৰ উত্তাল তৰংগৰ
নৱ নৱ সৃষ্টিৰ সাগৰ গভীৰ কৃষ্টি……
“ডাচকেপিটেল”ৰ শেষৰ পৃষ্ঠাত
উদ্ভাসিত হৈ উঠক তোমাৰ
উদাত্ত কণ্ঠৰ……”বিশ্বৰে ছন্দে ছন্দে
মহানন্দে……নাচা…..নাচা…..”
আৰু সেই নৃত্যৰ তালে তালে…
মোৰ দেশৰ চুকে কোণে জাগ্ৰত হওক
বিশ্বৰ বুকুত নিজক জীয়াই ৰখাৰ
অম্লান উশাহৰ বিপ্লৱী সত্তা…
আৰু পঢ়ক 🔻
বিষ্ণু ৰাভা তুমি আকৌ আহা
— দ্বিজেন শৰ্মা, সেউজী পাম, বৰপথাৰ, নাৰায়ণপুৰ
বিষ্ণু ৰাভা তুমি আকৌ আহা
জনতাৰ জাগ্ৰত প্ৰহৰী হোৱা
আকাশ-বতাহ নিনাদি গোৱা
বুভুক্ষু জনতাৰ হৃদয়ৰ গান,
কলমৰ শক্তিৰে জাগ্ৰত কৰা
শোষিত নিষ্পেষিত জনতাৰ
অজেয় শক্তিৰ হেৰোৱা মান!
বিষ্ণু ৰাভা তুমি আকৌ আহাঁ
নাঙল মাটিৰ গীতবোৰ গোৱা
দৰিদ্ৰ কৃষকৰ কথাবোৰ কোৱাঁ
কৃষক বনুৱাৰ শক্তিশেল হোৱা
হেৰোৱা গোন্ধেৰে কেঁচা মাটিৰ
জাতি-মাটি-ভেটীৰ কবিতা লিখাঁ
বিষ্ণু ৰাভা তুমি আকৌ এবাৰ আহাঁ!
বিষ্ণু ৰাভা তুমি আকৌ আহাঁ
জনতাৰ উজাগৰী শিল্পী হোৱা
সৃষ্টিত কৃষ্টিৰ ৰক্তবীজ সিঁচি
পৰাধীনতাৰ শিকলিদাল চিঙি
ৰোপন কৰা হেৰোৱা মানৱতা
প্ৰতিবাদী চেতনাৰে হৃদয় জিনি
দুখুনী অসমীৰ কথাবোৰ কোৱা
বিশ্ববিজয়ী ভাৱনাৰে আকৌ ধোৱাঁ
আইৰ কলুষিত আঁচল নিকা কৰা
বিষ্ণু ৰাভা তুমি আকৌ আহা,
বিষ্ণু ৰাভা তুমি আকৌ আহা !
আৰু পঢ়ক 🔻
গান হৈ আহা ‘কমৰেড’
— নিৰ্মিতা বৰগোহাঁই, গুৱাহাটী
হে শিল্পী, তোমাৰ আভায়ে
আন্ধাৰ বিনাশী
পোহৰৰ বাট দেখুৱালা
সুন্দৰৰ পূজাৰী তুমি
চিৰসুন্দৰৰ
সুৰৰে দেউলৰে
ৰূপৰে শিকলি ছিঙি
তুমিয়েই তুলিলা ঝংকাৰ
আকাশে বতাহে
পাহাৰে ভৈয়ামে
বন্ধু ,কৃষকক
বাহুত বল দি
জগাই তুলিলা
বণুৱা মজদুৰ
নৱ-জোৱানক
ধনীৰ অহংকাৰ
দেশৰ শতৰুক
বিদ্ৰোহী সত্বাৰে জিনি
মুক্তি যুঁজাৰু
বিপ্লৱী তুমি
হে শিল্পী, এতিয়া কিমান ৰাতি
মাজনিশা!
এতিয়াও সাৰে আছা তুমি
এন্ধাৰৰ মাজতো জিলিকি আছে
তোমাৰ চিৰ পৰিচিত আভা
তুমি সাৰে আছা,সাৰে আছো আমিও
সাৰে থাকিবা তুমি
প্ৰতিটো কালতে, উজ্জ্বল জ্যোতি হৈ
আমাৰ মাজত
অতীত, বৰ্তমান, ভৱিষ্যতলৈ…
আৰু পঢ়ক 🔻
এটোপা তেজ
(সৈনিক শিল্পী বিষ্ণু ৰাভা সমীপেষু)
— চন্দন ভাগৱতী, নলবাৰী
এটোপা তেজ
বুল্লুংবুথুৰেদি উজাই গৈ
দুপৰ নিশাৰ চিফুঙৰ সুৰ হ’ল
দেশৰ বতাহত উৰি ৰ’ল
মানুহৰ প্ৰিয়তম
তেজৰঙা পতাকা
এতিয়া উৎকণ্ঠ সমাজ
উৎকৰ্ণ সময়
বেলতলাৰ পথাৰত
এহেজাৰ এটা ৰণুৱা ঘোঁৰা
ক্ৰমে আগুৱায়…
অদূৰত চিৰসেউজীয়া ব’হাগে ৰিঙিয়ায়…
আৰু পঢ়ক 🔻
জীৱন এষণা
— গীতাঞ্জলি কলিতা, বোকাখাত
ঢাকাৰ মজিয়াত ওপজি
আৰম্ভিলা বাংলা ভাষাৰ পাঠটি ৷
ঢাকাতে শিকিলা
সংগীতৰ সা ৰে গা মা পা টি ৷
হৃদয়ত জ্বলালা
অসমৰ জাতীয়তাবাদৰ বন্তি ৷
সংস্কৃতিৰ পথাৰৰ অভিযাত্ৰী
কেঁচা বোকাত লুতুৰিপুতুৰি ৷
ষোল্লটা জনগোষ্ঠীৰ কৃষ্টিৰ বীজেৰে
সমৃদ্ধ কৰিলা সংস্কৃতিৰ বৰ ভঁৰালটি ৷
সৰ্বহাৰাৰ দুখত ম্ৰিয়মাণ তুমি
প্ৰত্যাখিলা চাহাবী পদবী ৷
দীন-হীনজনৰ আশাৰ পথটি
বিপ্লৱী সত্ত্বাৰে কৰিলা মুকলি ৷
ষ্টেনগানৰ কবিতাৰ শৱদত
শংকিত হ’ল সাম্ৰাজ্যলুন্ঠনকাৰী ৷
গীত কবিতা নাটেৰে সজালা ধৰাখনি
শিৱৰ তাণ্ডৱ নৃত্যৰে হ’লা কলাগুৰু তুমি ৷
নিবন্ধকাৰ, গৱেষক ৰাজনৈতিক নেতা
চিত্ৰকাৰ খেলুৱৈ জীৱন এষণা ৷
তুমি অগ্নি ফিৰিঙতি নতুন যুগৰ
তুমি সংস্কৃতিৰ নদী বোৱতি অনন্তকালৰ ৷
আৰু পঢ়ক 🔻
সব্যসাচী বিষ্ণু ৰাভা
— মিনতি দলে, বোকাখাত।
সত্য-সুন্দৰ-সাম্যৰ পূজাৰী
নিপীড়িত জনতাৰ মুক্তিকামী
অনেক কণ্টকময় পথ অতিক্ৰমি
হে মহা বিপ্লৱী
জগাই তুলিলা গণদেৱতাক
ক্ৰোধৰ অগ্নিশিখা জ্বলাই
প্ৰাপ্য অধিকাৰ সাব্যস্তৰ।
মানুহৰ দ্বাৰা মানুহৰ শোষণ
কান্দি উঠিছিল অন্তৰ শ্ৰমিক বন্ধুৰ
শোষণকাৰীক ৰুধিবলৈ
হালোৱা-হজোৱা-বনুৱাক
জাগ্ৰত কৰিলা মুকুতি সংগ্ৰামৰ।
কাৰাগাৰৰ ৰূদ্ধ দুৱাৰ
গুজৰি গুমৰি উঠে বিপ্লৱী
মুক্ত আকাশে দিয়ে
উৎকট হাবিয়াস জাগে
পুৰি চাৰখাৰ
সমাজৰ উৎপীড়ণ অবিচাৰ।
সৌৱা এজাক নীলা শিয়ালৰ হোৱা
আঁউসীৰ আন্ধাৰে অসম গিলিব ধৰে
জাগি উঠা, জাগি উঠা
হে জনতা
বিষ্ণু ৰাভাৰ আভাৰে আপ্লুত হোৱা
কৃষ্টিৰ পথাৰে পথাৰে
পাহাৰে-ভৈয়ামে
কলাগুৰুৱে সিঁচি থৈ যোৱা বীজ সংস্কৃতিক
উজলাই তোলা, বিয়পাই দিয়া আৰু গঢ়ি তোলা
সমণ্বয়-সংস্কৃতি সমাজৰ।
পূৰ্ণমানৱ হে সব্যসাচী
বিষ্ণু ৰাভা নামে
আই অসমীৰ কোলাত জনম লভি
মানুহৰ বুকুৱে বুকুৱে জ্বলালা
মানৱপ্ৰেমৰ জ্ঞানবন্তি।
হে কলাগুৰু
বিষ্ণু প্ৰসাদ ৰাভা
তোমাক শতকোটি
কৰো প্ৰণিপাত।
আৰু পঢ়ক 🔻
কমৰেডৰ চন ৬২
— অনুপ অসমীয়া, তেজপুৰ
২০ জুনৰ সংলাপ —-
এটি দৃশ্যৰ কথা কম আজি
আঘাতৰ কথা কম
সেই দৃশ্যত
ৰাজবাটৰ মজিয়াত শিলগুটি
চমটাৰ চামৰা , শিকলি
আৰু থাকিল এডল মুখাপিন্ধাৰ জয়ধ্বনি . . .
ৰাভাৰ পিন্ধনত বিদ্ৰোহৰ পোচাক যোৰ
তাত দীনতা- হীনতা
শ্ৰমিক – মজদুৰ
আৰু নিপীড়িতৰ কত যে ইতিহাস!
খোজত তেওঁৰ শত সমদল
গৰজা খঙত
বৰটোপ হিলৈ আৰু ষ্টেনগান . .
যেন গীতৰ বিপ্লৱ
কবিতাৰ বিপ্লৱ
আৰু ঘূৰণীয়া বেলিৰ বুকুত
জীৱন নাটৰ ভ্ৰাম্যমাণ . .
অথচ সেই দিনতে মলিয়নেৰে ভৰিল এটা কামিজ
মাত্ৰা এটা দিনতে বগাৰ পৰা
ছাইৰঙীন ভেশ
আৰু কামিজৰ নাম ৰ’ল বিপ্লৱ।
বিপ্লৱ, মানে ক্ৰান্তিকাৰী
ব্ৰিটিছ ভক্তৰ ভাষাত
‘হোৱাট দ্যা হেল অফ ক্ৰান্তিকাৰী’
তাৰ চিঞৰত কিন্তু সেইটি কবিতা
ভাঙ্ ভাঙ্ লোহাৰ শিকলি ভাঙ্
চিঙ্ চিঙ্ দাসত্ত্বৰ বান্ধোন চিঙ্
যদিও দৃশ্যটো কৰুণ . .
ইটাৰ দেৱালত লিখা থাকে
দৃশ্যৰ কৰুণগাঁথা ,
ইটাৰ দেৱালে মেলি দিয়ে
আধা মৰা বেলিৰ হেঙুল হাইতাল ৰঙা!
দৃশ্যটো কৰুণ
আপোনবোৰেই গঢ়া ..
আজিও সেই দৃশ্যই শিয়ৰি যায়
গণবন্ধুৰ কথা
বন্ধুৱে অগ্নিযুগক কৈ ৰৈ চিঞৰি গায়
বিশ্ব বিজয়ী গান
শেষ গান..
আৰু পঢ়ক 🔻
বিষ্ণু ৰাভা
— চম্পাৰাণী হালৈ, লতাকটা (শান্তিনগৰ)
অসমীয়াৰ তেজৰ প্ৰৱাহত
বিষ্ণু ৰাভা অসমীয়াৰ চেতনাৰ জোৱাৰত
বিষ্ণু ৰাভা দুৰ্বিহীত জীৱনৰ গান হৈ তুমি আকৌ আহা
তোমাৰ অসীমতাত মোৰ জাতিৰ মানচিত্ৰ
নাচা গোৱা বিদ্ৰোহ কৰা কাঢ়ি আনা নিঃস্বজনৰ স্বাধীনতা
মানুহৰ মাজত শান্তিৰ বাণী লৈ পৰাধীন চেতনাৰ সম্ভাৱনা হৈ
হে বিপ্লৱী বিদ্বোহী বীৰ তুমি আকৌ আহা
মুক্তিৰ দেউলত ৰৈ আছো তোমাৰ বাবে।
আৰু পঢ়ক 🔻
(২০ জুন বিষ্ণু ৰাভা দিৱস উপলক্ষে)
ৰাভাৰ উন্মীলিত শোভা
— নৱ ডেকা, পূব-জ্যোতিনগৰ, গৌৰৱ-অশ্বিনী নিৱাস
এহাতত বিদ্ৰোহৰ অস্ত্ৰ আৰু আনহাতত কলম লৈ অসমীয়া জাতিৰ সৰ্বাংগীণ উৎকৰ্ষ বৃদ্ধিৰ হকে জীৱন উছৰ্গা কৰা বহুমুখী প্ৰতিভাধৰ জীৱন শিল্পীগৰাকী হ’ল সকলোৰে পৰিচিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ইংৰাজ চৰকাৰৰ এজন উচ্চ পদবীধাৰী বিষয়াৰ সু-সন্তান হৈ সুখ-স্বাচ্ছন্দ্যৰ এক লাহ-বিলাহৰ জীৱন নিৰ্বাচন কৰিব পাৰিলেহেঁতেন কিন্তু তাৰ পৰিৱৰ্তে শোষিত- নিষ্পেষিত, নিপীড়িত-নিৰ্যাতিত, দুখীয়া-দাৰিদ্ৰ্যপীড়িতৰ মুক্তিৰ বাবে পুঁজিপতি, সাম্ৰাজ্যবাদী, শাসক আৰু শোষক গোষ্ঠীৰ কৰ্ণকুহৰত জমা হোৱা মলিনতা দূৰ কৰিবলৈ তীক্ষ্ণ বাক্যবাণেৰে গুজৰি আছিল সৰ্বহাৰাৰ হিয়াৰ আমঠু গৰাকীয়ে। এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠাৰ কৰাৰ সপোন দেখিছিল এইজন ক্ষণজন্মা বিপ্লৱী সৈনিক শিল্পীয়ে য’ত ধনী-দুখীয়া, উচ্চ-নীচ সকলোৱে সমঅধিকাৰেৰে জীৱনৰ পথত আগুৱাই যাব পাৰে বৰলুইতৰ দৰে বিশাল দৃঢ়মনা আৰু গতিশীল সন্মিলিত এটা জাতিহৈ।
১৯০৯ চনৰ ৩১ জানুৱাৰী, বৃহস্পতিবাৰে ঢাকা চহৰৰ লাইন বেৰাকত সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা বিপ্লৱৰ অধিনায়কজনৰ লগত ১৯৪৬ চনত বামপন্থী আন্দোলনৰ পৰিচয় ঘটিছিল। মাৰ্ক্সবাদী-লেনিনবাদী মতাদৰ্শেৰে উদ্বুদ্ধ হৈ স্বাধীনোত্তৰ কালত শ্ৰেণীহীন, শোষণহীন, বৰ্ণহীন সমাজৰ বৰভেটি স্থাপন কৰিবলৈ আৰু জনতাৰ মুক্তিৰ পথ প্ৰশস্ত কৰিবলৈ সংগ্ৰামত লিপ্ত হৈছিল। মানৱতাবোধৰ জ্ঞানেৰে প্ৰবুদ্ধ এক অনন্য যুগচেতনাৰ নায়কগৰাকীৰ অপ্ৰতিৰোধ্য গুঞ্জনত আকাশে-বতাহে মুখৰিত হৈছিল কেৱল অৱহেলিত, অনাদৃত, নিপীড়িত, নিৰ্যাতিতৰ মুক্তি আমোঘ মন্ত্ৰ। ১৯৪৭ চনৰ ১৫ আগষ্টৰ তথাকথিত স্বাধীনতাক ‘ভুৱা স্বাধীনতা’ বুলি আখ্যা দি অবিভক্ত কামৰূপৰ দীঘেলিত ক’লা পতাকা উত্তোলন কৰি জোৰেৰে চিঞৰিছিল -‘ ইয়ে আজাদী ঝুঠা হ্যায়!’ গতিকে আন্দোলনৰ স্ফুলিংগই যেতিয়া চৰকাৰী শাসকতন্ত্ৰৰ গাদী উত্তপ্ত কৰিছিল তেতিয়াই বহুধাবিভক্ত প্ৰতিভাৰ খনিকৰজন চৰকাৰী ৰোষত পৰিছিল। চৰকাৰী কোপদৃষ্টিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আত্মগোপন কৰিবলগীয়া হৈছিল। শোষকতন্ত্ৰ আৰু ধনতন্ত্ৰবাদৰ বিৰুদ্ধে সৰৱ কণ্ঠৰ গৰাকীজনক ৰাষ্ট্ৰদ্ৰোহী আখ্যাৰে মূৰটোৰ মূল্য ১০ হাজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত দলীয় ৰাজনীতিৰে সমাজ পৰিৱৰ্তন কৰিব বিচৰা অপৰাধত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে যাযাবৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী সত্তাক ৰোধিবলৈ
এবছৰ কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত তেজপুৰবাসী ৰাইজক সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা চলোৱা কাৰ্যত কংগ্ৰেছ চৰকাৰৰ পুলিচ বাহিনীয়ে আকৌ সমাজবিদজনক অকথ্য নিৰ্যাতনেৰে কঁকালত পঘাৰে বান্ধি দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ৰাজপথেদি খোজকঢ়াই পুলিচ থানালৈ নি সুদূৰ বঢ়মপুৰ জে’ললৈ নিক্ষেপ কৰিছিল । দুখ-কষ্টৰ নিৰ্মম বাস্তৱৰ আঁচোৰ-পিঁচোৰত বিচলিত নহৈ সেইএকে স্থিতপ্ৰজ্ঞাৰে আগবাঢ়ি গৈছিল শাসনতন্ত্ৰৰ মলিন পোছাকযোৰ সলনি কৰাৰ নিমিত্তে নিপীড়িত জনতাৰ স্নেহসিক্ত আশিসক মূলধন হিচাপেলৈ ।
প্ৰণিধানযোগ্য যে অসমীয়া কৃষ্টি-সংস্কৃতিৰ বৰপথাৰখনত নিজৰ স্থিতি সাঁচত কাটিবলৈ সক্ষম হোৱা ধাৰক-বাহক সকলৰ ভিতৰত অন্যতম চিৰদীপ্তিমান জ্যোতিষ্ক গৰকী হ’ল বিষ্ণুপ্ৰসাদ ৰাভা। কৃষ্টি-সংস্কৃতিৰ উত্তৰণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগান্তকাৰী অৱদানৰ লেখীয়াকৈ জীৱন শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰো অৱদান যে কোনো গুণে কম নাই তাত কোনো দ্বিমত নাই। ৰূপান্তৰৰ মাজেদি নতুন সমাজ সাধনাত ব্ৰতী ৰাভাই শংকৰদেৱে প্ৰতিষ্ঠা কৰি যোৱা সমাজ সংহতি, ভাতৃত্ববোধ, মানৱতাবোধ, ঐতিহ্য-সংস্কৃতিৰ ভেটিতে গঢ়িব খুজিছিল এক সাম্যবাদী সমাজ, এক সংস্কৃতিবান সমাজ। এককথাত অসমীয়া জনজীৱনলৈ নৱ সংস্কৃতিৰ সোঁত প্ৰৱাহিত কৰিবলৈ সংগীত, সাহিত্য, কথাছবি, নৃত্য, নাটক, চিত্ৰকলা, সমাজবিজ্ঞান, খেল-ধূলা আদি সকলো ক্ষেত্ৰতে ৰাভাই উন্মীলিত শোভা বিকশিত কৰিছিল।
চিৰসুন্দৰৰ সাধক গৰাকীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্য লাভ কৰি অসমীয়া সংগীত জগতলৈ এক নতুন পৰিমাত্ৰা প্ৰদান কৰিছিল। যিহেতু তেওঁৰ অন্তৰ আত্মাত জনজীৱনৰ দুখ-দুৰ্গতি, শোষণ-নিৰ্যাতন, উৎপীড়নৰ কদৰ্যময় পৰিৱেশ তন্ত্ৰৰ বাতাৱৰণৰ অন্তঃসলিলা নৈ এখন চিৰপ্ৰৱাহিত হৈ আছিল গতিকে গান আৰু সুৰৰ লালিত্যময় ভাষাৰ যুগজয়ী গীতবোৰত দেশপ্ৰেম, জাতিপ্ৰেম আৰু মানৱপ্ৰেমৰ মূৰ্ত প্ৰকাশ ঘটিছিল । অগ্নিবৰষা শব্দৰ প্ৰতিধ্বনিৰে অসমীয়া সংগীত জগতত চিৰপ্ৰোজ্জ্বল বিৰল ব্যক্তিসত্তা অধিকাৰী এই যুগদ্ৰষ্টা প্ৰবাদ-পুৰুষজনে যি সুকীয়া ধাৰাৰ সৃষ্টি কৰি থৈ গ’ল তাক ‘ৰাভা সংগীত’ নামেৰে জনাজাত হৈ ৰল ।
স্মৰ্তব্য যে গীতৰ সমান্তৰালকৈ তেওঁ সাহিত্য, নৃত্য, কথাছবি আদিৰ জগতকেইখনটো সমানে খোজ পেলাইছিল। অসমীয়া কৃষ্টিৰ চমু আভাস, মটক সম্প্ৰদায়ৰ ইতিহাস, ৰাভা জাতিৰ ইতিহাস, বড়ো জাতিৰ ইতিহাস তেওঁৰ লেখত ল’বলগীয়া গ্ৰন্থৰ জৰিয়তে প্ৰতিভাৰ সোণালী স্বাক্ষৰ বহন কৰি গৈছে । মিচিং কনেং তেওঁৰ মননশীল উপন্যাস য’ত আমাৰ সমাজত ছানি ধৰা অভিশাপস্বৰূপ সংকীৰ্ণতা আঁতৰাই বৃহৎ অসমীয়া সমাজ গঢ়িবৰ বাবে কাতৰে আহ্বান জনাইছিল । মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং আদি গল্পৰ বিপৰীতে সোণপাহি এখন গল্প সংকলন। কলিকতাৰ তালিগঞ্জৰ অস্থায়ী আৱাসত থাকোঁতে দুৱাৰ বন্ধ কৰি তেওঁ এদিনতে কাৰোবাৰ হতুৱাই লিখা গল্পসমূহ সোণপাহি’ত সন্নিৱিষ্ট কৰিছিল। উল্লেখ যে সৰ্বতোপ্ৰকাৰে বিপ্লৱী সত্তাৰ সৈনিক শিল্পীজনে সকলোকে আশ্চৰ্যান্বিত কৰি তুলিছিল যেতিয়া ১৯৪৯ চনত কাশী বিশ্ববিদ্যালয়ত শিৱৰ নটৰাজ নৃত্য, ওজাপালি (দশাৱতাৰ নৃত্য) আৰু কৃষ্ণৰ কালিয় দমন নৃত্য পৰিৱেশন কৰিছিল। তেতিয়াৰ উপাচাৰ্য ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণে নটৰাজ নৃত্যত মুগ্ধ হৈ ‘কলাগুৰু’ সন্মানেৰে বিভূষিত কৰিছিল। ভাৰতীয় সংস্কৃতিৰ নতুন পৰিমাত্ৰা প্ৰদান কৰা সংগীতানুৰাগী ৰাভাৰ অপ্ৰাণ প্ৰচেষ্টাত কলিকতাত বেউলা, বিহুৱতী আদি নাটকৰ ৰেকৰ্ডিং কৰা হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথম অসমীয়া কথাছবি জয়মতীৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থকা সুনিপুণ অভিনেতাজনে চিৰাজ, এৰা বাটৰ সুৰ, প্ৰতিধ্বনি কথাছবিত অপূৰ্ব, দুৰন্ত আৰু কলাত্মক অভিনয়েৰে দৰ্শকৰ হৃদয়ত এদনীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
একেদৰে চিত্ৰকলা আৰু খেলা-ধূলাৰ জগতখনত চিত্ৰকৰ আৰু পাকৈত খেলুৱৈগৰাকীয়ে সময়ৰ বালিত কাহানিও মচিব নোৱাৰা পদচিহ্ন ৰাখি থৈ গৈছে। ভাৰতীয় চিত্ৰকলাৰ গুণৰাজিক অক্ষুণ্ণ ৰাখি চিত্ৰকলাৰ যাদুকৰজনে সৌন্দৰ্যৰ ৰূপৰাশিক অংকন কৰি গৈছিল নিজৰ সৃষ্টিৰ মাজত । ৰূপৰ মাধুৰ্য আত্মপ্ৰকাশ হৈছিল তেওঁ ৰং-তুলিকাৰে অঁকা এখন সাৰ্থক ছবি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। তেওঁৰ আন আন চিত্ৰৰ লগতে কনকলতা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছবি অংকন কৰি সুকুমাৰ মনৰ পৰিচয় বহন কৰিছিল। কৃষ্টি-সংস্কৃতিৰ উত্তৰণত আগৰণুৱা দিকদৰ্শীজন খেল-পথাৰতো আছিল সমানে আগৰণুৱা। ফুটবল, ভলীবল, হকী খেলত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ লগতে ঘোঁৰা দৌৰ, মুষ্টিযুদ্ধতো সমানে পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে।
আকৌ ৰাজনীতিৰ ফালে চকু ফুৰালে দেখা যায় ৰাজনৈতিক পথাৰখনৰ বোকা-পানী গচকি জনতাৰ অধিকাৰ নিৰ্ণীত কৰিবলৈ ১৯৬৭ চনত অসম বিধানসভালৈ তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচিত হৈছিল। বিধানসভাৰ মজিয়াত যি জ্ঞানগৰ্ভ ভাষণ প্ৰদান কৰিছিল তাৰ সাৰগৰ্ভত অৱক্ষয়ী মানৱতাৰ পুনৰুজ্জীৱিত কৰা ঢাপে ঢাপে প্ৰকট হৈছিল। ভাষণবোৰৰ প্ৰকৃত বিশ্লেষণ হ’লে বৰ্তমান নৱপ্ৰজন্ম জাগতিক চেতনাৰে উদ্বেলিত হোৱাৰ অৱকাশ নিশ্চয় নথকা নহয় ।
আঁহে আঁহে ৰাইজৰ মানুহজন ১৯৬৯ চনৰ ২০ জুনৰ নিশা এই মায়াময় দুনিয়াৰ মোহ সম্বৰণ কৰি গুচি গ’লগৈ অজান্তিমুলুকলৈ মাথোঁ থৈ তেওঁ আদৰ্শ আৰু জাতীয় চেতনাসম্পৃক্ত অসাধাৰণ অৱদানবোৰ। আক্ষৰিক অৰ্থত মুক্তি সংগ্ৰামী, গীতিকাৰ, সুৰকাৰ, গায়ক, লেখক, কবি, সাহিত্যিক, নৃত্যবিশাৰদ, অভিনেতা, চিত্ৰশিল্পী, কথাছবি পৰিচালক, ৰাজনীতিবিদ, সৰ্বগুণী মহান ব্যক্তিজনৰ ষাঠি বছৰীয়া বৰ্ণিল জীৱন পৰিক্ৰমাৰ অন্ত পৰিল। ২০ জুন দিনটো জ্ঞানৰ আকৰ আৰু কলাৰ গুৰুগৰাকীৰ কৃতকৰ্মক সুঁৱৰি সমগ্ৰ ৰাজ্যতে ‘বিষ্ণুৰাভা দিৱস’ ৰূপে উদ্ যাপন কৰি অহা হৈছে। এই সুন্দৰৰ পূজাৰী গৰাকীৰ অনুপস্থিতিত তেওঁৰ অম্লান জ্যোতি চিৰদিনৰ বাবে জ্যোতিষ্মান হৈ উজলি থাকক অসমী আইৰ আকাশত উন্মীলিত শোভাহৈ। সদৌশেষত তেওঁৰ ভাষাৰে কওঁ –
“তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস৷৷”
আৰু পঢ়ক 🔻
তুমি কলাগুৰু
— পংকজ সভাপণ্ডিত, উত্তৰ লখিমপুৰ
ৰাভাৰ আভাৰে সমৃদ্ধ অসমীয়া জাতি
এক যুগদ্ৰষ্টা,অসমৰ স্বপ্ন দ্ৰষ্টা
গীত -কবিতা,নৃত্য -চিত্ৰ, চৌষষ্ঠি ক’লাৰ
পুৰোধা তুমি বিঞ্চু ৰাভা…
যুগজয়ী তোমাৰ সৃষ্টি,
জোন বেলি তৰা থকালৈকে তুমি অসমীয়াৰ
আবেগ,স্বাভিমান হৈ থাকিবা…
ধন্য অসম ভূমি, নজহা নপমা তোমাৰ নাম।
স্বৰ্ণীল সময়ৰ তুমি এক স্বাক্ষৰ
সাত সাগৰ তেৰ নদীৰ পাৰলৈকে
তোমাৰ নৃত্যৰ গুঞ্জৰিত পদধ্বনি,
তোমাৰ সকলো সৃষ্টিৰ জয়জয়কাৰ….
তুমি বিষ্ণু ৰাভা
তুমি কলাগুৰু
সমাপ্ত
(মতামতৰ বাবে সম্পাদনা সমিতি দায়ী নহয়)