বংকোৱালত নাও দুৰ্ঘটনা
দুই কিশোৰৰ সলিল সমাধি, তিনিজন আহত
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বংকোৱালত এতিয়া কান্দোনৰ ৰোল৷ চকুৰ পচাৰতে ঘৰ-বাৰী নিঃচিহ্ন হোৱা বংকোৱালত জনগণৰ দুখৰ মাজতে ব্ৰহ্মপুত্ৰৰ কাল বানে প্ৰাণ কাঢ়িলে দুটিকৈ কিশোৰৰ৷ যাৰ বাবেই অঞ্চলটোৰ প্ৰায় প্ৰতি ঘৰ মানুহেই আজি উচুপিছে৷ কোনো কাৰণতে মানি ল’ব পৰা নাই কথাটো৷ গৰু-ছাগলীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ গৈ চিৰদিনৰ বাবে চকু মুদা কণমানি দুটাৰ বাতৰিত সমগ্ৰ অঞ্চলটোতে পৰিছে গভীৰ শোকৰ ছাঁ৷ ঘটনাটো সংঘটিত হৈছে বংকোৱালৰ ১ নং গৰৈমাৰীৰ মাজৰ চাপৰি গাঁৱত৷ অঞ্চলটোৰ ৰাইজে জনোৱা অনুসৰি, সৌ সিদিনা ব্ৰহ্মপুত্ৰৰ বানে তচনচ কৰে বৃহত্তৰ বংকোৱাল এলেকাৰ প্ৰায় ৭৫ খন গাঁও৷ এই বানত ক্ষতিগ্ৰস্ত হয় ৯৫ হাজাৰ লোক৷ বোকাখাত মহকুমাৰ অন্তৰ্গত বংকোৱালত ব্ৰহ্মপুত্ৰৰ বানে মথাউৰি চিগাত কেউফালে পানীয়ে আগুৰি ধৰে৷ খাদ্য-আশ্ৰয়ৰ বাবে হাহাকাৰ কৰা ৰাইজে সাংঘাতিক ধৰণে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম৷ তাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে প্লাবিত কৰা গাঁও সমূহৰ ভিতৰত ১ নং গৰৈমাৰী মাজৰ চাপৰি গাঁৱত আজি ঘটিল এক অঘটন। গৰু-ছাগলীৰ কাৰণে গছৰ পাত, ঘাঁহ আদি আনিবলৈ কেইজনমান কিশোৰে নাৱেৰে যাওতে হঠাৎ নাওখন ডুবি যায়৷ ফলত নাওখনত থকা ৫ জন কিশোৰ বাঢ়নী পানীত সোমাই যায়। কিশোৰ কেইজনে চিঞৰ-বাখৰ কৰাত সমগ্ৰ এলেকাটোত লগে লগেই হূলস্থূল লাগে৷ অঞ্চলটোৰ ডাঙৰ লোক সকল লগে লগে উদ্ধাৰৰ বাবে আগবাঢ়ি যায় যদিও আটাইকেইজন কিশোৰ পানীৰ তলত সোমাই যায়। ইয়াৰে তিনি জনক জীৱিত অৱস্থাত আৰু ২ জনক মৃত অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে। ব্ৰহ্মপুত্ৰৰ বানত সলিল সমাধি হোৱা ২ জন অঞ্চলতটোৰ লাহন মাহিলী (১৩ বছৰ) আৰু পাপু দাস (১৫ বছৰ)৷ আনহাতে, জীৱন্তে উদ্ধাৰ হোৱা তিনিজন কিশোৰ হ’ল, ৰাজ দাস (১৬ বছৰ), মৌচম দাস (১৫ বছৰ) আৰু দ্বীপজ্যোতি মাহিলী (১৬ বছৰ)৷ ইয়াৰ সংকটজনক অৱস্থাত ৰাজ দাসক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে৷ নাও দুৰ্ঘটনাৰ এই খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে৷ ইপিনে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই মহুৰামুখ চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ বুজ লয় কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই৷ তাচাই অঞ্চলটোৰ বিভিন্ন বানশিৱিৰ পৰিভ্ৰমণ কৰে৷ তাচাক সংগ দিয়ে অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰাই৷ ইফালে, বংকোৱালৰ মথাউৰি চিগা অংশত আজি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক বিতোপন শইকীয়া, ৰাজ্যিক নেত্ৰী মিনতি দলে, ইয়ং ব্ৰিগেডৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়া, গোলাঘাট জিলাৰ সভাপতি গোলাপ শইকীয়া, উপ-সভাপতি উৎপল দলে, ৰত্ন গগৈ, ধৰ্মেশ্বৰ কুৰ্মী, উপাধ্যক্ষ সাহায্য আৰু পুনৰ সংস্থাপন অমৃত কুমাৰ বুঢ়াগোহাঁই, বোকাখাত ব্লকৰ সভাপতি সীমান্ত শইকীয়া, টাউনৰ সভাপতি লক্ষী শইকীয়া, মামনি দলে, বিমল দলে, বিজু পেগু আদি বিভিন্নজনৰ উপস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজৰ স’তে মত বিনিময় কৰাৰ লগতে সাহায্য বিতৰণ কৰে৷ তেখেতে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি মহুৰামুখৰ ১ নং গৰৈমাৰীৰ মাজ চাপৰিত দুজন কিশোৰৰ সলিল সমাধি ঘটাত দুখ প্ৰকাশ কৰেে৷ তেখেতে কয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্ধাৰকাৰী বিভাগ সম্পূৰ্ণ বিফল হৈছে৷ আনহাতে, এই পৰ্যন্ত কৃষি বিভাগ আৰু জলসম্পদ বিভাগৰ কোনো পৰিকল্পনা যুগুত নকৰা কাৰ্যক ধিক্কাৰ দিয়ে৷ বংকোৱালৰ এক লাখ কৃষক পৰিয়ালক কিদৰে চৰকাৰে পুনৰ কৃষি কৰ্মত উৎসাহিত কৰিব তাৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ হাতত৷ কোন দলৰ চৰকাৰ থাকিব সেয়া ৰাইজে নিৰ্ণয় কৰিব। ৰাইজে সমস্যা সমূহৰ কথা কওতে মন্ত্ৰীয়ে ধমক দিব সেয়া ৰাইজে মানি নলয়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তীব্ৰ সমালোচনা কৰে চৰকাৰক৷ সাহায্যৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্তই বিশেষ একো পোৱা নাই বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে ডবল ইঞ্জিনৰ চৰকাৰে ডাবল সাহায্য দিব লাগিছিল৷ কিন্তু সেয়া হোৱা নাই৷ বানত মৃত্যু হোৱা এগৰাকী লোকৰ পৰিয়ালে এই পৰ্যন্ত ৰাজ সাহায্য নোপোৱাটো দুখৰ বিষয় বুলি উল্লেখ কৰে ভূপেন বৰাই৷ ভূপেন বৰাই কয় যে চৰকাৰৰ লোকসকলে বান পৰিদৰ্শন কৰাৰ নামত পিকনিক খোৱাহে পৰিলক্ষিত হৈছে৷