
বহাগ বিহু আৰু জেতুকাৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিহুত লোৱা জেতুকা কেৱল সৌন্দৰ্য্যৰ বাবেই নহয়, জেতুকাৰ আছে বহু স্বাস্থ্য উপকাৰিতা গুণ।
ৰঙালী বিহুত অতীজৰে পৰাই অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে। ব’হাগ বিহুৰ লগত সম্পর্ক থকা উদ্ভিদৰ ভিতৰত বিহুৱতীৰ ৰূপ চৰোৱা জেতুকা (Lawsonia inermis) আৰু বৰহমথুৰি (Magnolia Sphenocarpa) ৰ ব্যৱহাৰ সর্বাধিক। বাৰ মাহে জেতুকাৰ পাত থেতেলি হাত-ভৰিৰ নখ, হাতৰ পতা নতুবা চুলিত লগোৱা হ’লেও বিহুৰ সময়ত বিশেষকৈ গৰু বিহুৰ দিনাখন লগাই লোৱা জেতুকাৰ ৰঙে ঔষধিৰ কাম কৰে। লোকবিশ্বাস আছে, সেইদিনা জেতুকা হাত-ভৰিত লগালে ছালৰ বেমাৰতো নহয়েই বৰঞ্চ ই বসন্ত আইৰো প্রতিষেধকৰ কাম কৰে।
জেতুকাৰ সʼতে পাণৰ পিপলি, চূণ, কেঁচা হালধিৰ কেইটোপালমান ৰস আৰু চাহপাতৰ ৰস আদি মিহলাই গোটেই ৰাতি হাতৰ তলুৱাত বান্ধি ৰাখিলেই পুৱা ধুনীয়া ৰং উঠে।
সৌন্দৰ্য্যতাৰ লগতে জেতুকাৰ আছে বহু ঔষধি গুণাগুণঃ
বহাগ বিহু আৰু জেতুকা, ইটোৰ লগত সিটোৰ লগত এৰাব নোৱাৰা সম্পৰ্ক আছে।
জেতুকাই আমাৰ দেহৰ বহু বেমাৰ নাশ কৰে।
ইয়াক Henna Plant আৰু বৈজ্ঞানিক নাম হ’ল Lawsonia Inermis বুলি কোৱা হয়।
— ছালৰ ৰোগৰ বাবে জেতুকা এবিধ মহৌষধ। হাতৰ বা ভৰিৰ তলুৱাৰ হোৱা খজুৱতি নিৰাময়ৰ বাবে জেতুকা এবিধ উপকাৰী দৰৱ।
— জেতুকাৰ ৰস শৰীৰৰ গা-মুখ, কঁকাল, পিঠিত ঘঁহিলে ছাল মসৃণ হয় আৰু ঘামচি ভাল হয় ।
—উচ্চ ৰক্তচাপত জেতুকাৰ পাতৰ ৰস কপালত সানিলে ভাল হয়।
— জেতুকা নখত ব্যৱহাৰ কৰিলে নখচুকীয়া, নখ খৰ, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়।
— ব’হাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোৰ ভিতৰত বসন্ত ৰোগ নহয়। ঘামচি হ’লে, ৰঙা হৈ বৰকৈ খজুৱালে জেতুকাৰ ৰস দুচামুচ, হালধিৰ ৰস এচামুচ মিহলাই এবাটি পানীত মিহলাই গা-ধুব লাগে। ঘামচি নাইকিয়া হ’ব আৰু আনুসংগিক লক্ষণবোৰ কমি যাব।
— জৰায়ু স্থানচ্যুত হ’লে জেতুকা পাতৰ ৰস দুচামুচকৈ দিনে এবাৰকৈ দহ-বাৰ দিন খাব লাগে।
— জেতুকা পাতৰ ৰস দিনে এবাৰকৈ পোন্ধৰদিন খালে তেজ পৰিষ্কাৰ হয়।
(সংগ্ৰহঃ তৰালি শইকীয়া)
Disclaimer: লেখাটোৰ তথ্যসমূহ ইন্টাৰনেট আৰু বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত৷ এই কেৱল সাধাৰণ জ্ঞানৰ বাবে আৰু শিক্ষামূলক৷ ইয়াৰ সত্যসত্যতা ৰাইজৰ খবৰ ডিজিটেলে দাবী নকৰে৷ উপৰোক্ত তথ্য ব্যৱহাৰ কৰি কোনো হানি-বিঘিনি হ’লে ৰাইজৰ খবৰ ডিজিটেল তাৰ বাবে দায়ী নহয়৷