অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বোকাখাত শাখা সমিতি গঠন

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বোকাখাত শাখা সমিতি গঠন
ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ
আবৃত্তিৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যক প্ৰতিজন ব্যক্তিৰ হৃদয়ত স্থাপন কৰাৰ মানসেৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে বোকাখাত শাখা সমিতিখন গঠন কৰে। শনিবাৰে বোকাখাতৰ গ্ৰাছৰ মুখ্য কাৰ্যালয় সেউজ ভৱনত অনুষ্ঠিত সভাত গোলাঘাট জিলাৰ সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত শাখা সমিতিখন গঠন কৰা হয়। বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতি দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰে উদ্দেশ্য ব্যাখ্যা কৰে। জিলা উপদেষ্টা ড° বিপুল চন্দ্ৰ ভূঞা, জিলা সাংগঠনিক উপসভাপতি ড° ধীৰেন তামুলী আৰু জিলা সাংগঠনিক সম্পাদক ৰবীন শইকীয়াই উদ্দেশ্য ব্যাখ্যাৰ ওপৰত আলোচনা কৰে। জিলা সম্পাদক দিপীকা ফুকনে আবৃত্তি পৰিষদৰ বিষয়ে সুন্দৰকৈ অৱগত কৰে আৰু নৱগঠিত সমিতিখনৰ নাম ঘোষণা কৰে।

নৱ গঠিত বোকাখাত শাখা সমিতিখনৰ সভাপতি মৃদুস্মিতা শৰ্মা, আৰু সাধাৰণ সম্পাদক হিচাবে অংকুৰ বৰঠাকুৰক মনোনিত কৰে । উপসভাপতি বদন দুৱৰা, সাংগঠনিক সম্পাদক পঙ্কজ কালিন্দী, সহকাৰী সম্পাদক ৰিজু হাজৰিকা আৰু ইভান লয়িং, কোষাধ্যক্ষ ইন্দ্ৰেশ্বৰ বৰা, কাৰ্যনিৰ্বাহক সদস্য নিশামণি শৰ্মা বৰুৱা, অমল দাৱ, চন্দ্ৰ গগৈক লৈ ১১ জনীয়া সমিতি গঠন কৰা হয় যদিও ইয়াৰ পৰিসীমা বৃদ্ধি কৰা হ’ব বুলি জানিব দিয়ে।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বোকাখাতত আবৃত্তি বিষয়ক কৰ্মশালা আয়োজন কৰি নৱপ্ৰজন্মক অসমীয়া ভাষা চৰ্চাৰ পাঠ দিয়াৰ গুৰুত্ব আৰোপ কৰে। সভাত উপস্থিতসকলৰ একাষাৰত কে এন এনৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা আৰু নৱগঠিত সমিতিখনৰ সভাপতি, সম্পাদক, সাংগঠনিক সম্পাদক, সহকাৰী সম্পাদক আদিয়ে বক্তব্য আগবঢ়ায়। সভাৰ অন্তত দিপীকা ফুকন আৰু মিনতি দলেৰ কবিতা পাঠ কৰে। আবৃত্তি পৰিষদৰ সংবিধান জিলাৰ বিষয়ববীয়াসকলে নতুন সমিতিৰ হাতত অৰ্পণ কৰে। সভাপতিৰ মন্তব্যৰে সভাভংগ ঘোষণা কৰা হয়।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস