বোকাখাতলৈ গৌৰৱ কঢ়িয়ালে চি এন বিৰ নয়নে

বোকাখাতলৈ গৌৰৱ কঢ়িয়ালে চি এন বিৰ নয়নে

ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ শীর্ষত নয়ন ৰঞ্জন শৰ্মা

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাত, ১৪ জুনঃ ২০২৪ বৰ্ষৰ মে মাহত অনুষ্ঠিত ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ স্নাতক চূড়ান্ত (বিজ্ঞান) বৰ্ষৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এই ফলাফল অনুসৰি বোকাখাতৰ বিজ্ঞান শিক্ষাৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান চি এন বি মহাবিদ্যালয়ে প্ৰায় ৭৮% উত্তীর্ণ হাৰেৰে সন্তোষজনক অৱস্থানত উপনীত হয়।

মহাবিদ্যালয় খনৰ পদাৰ্থ বিজ্ঞান বিভাগে পূর্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি বিশ্ব বিদ্যালয়ৰ শীর্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়। পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্র নয়ন ৰঞ্জন শৰ্মাই চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি মহাবিদ্যালয়ৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনে। নয়ন বোকাখাতৰ সেউজীপাৰৰ নিবাসী বুবুল শৰ্মা আৰু প্ৰণতি শৰ্মাৰ পুত্ৰ।

উল্লেখযোগ্য যে চি এন বি মহাবিদ্যালযয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা পূৰ্বেও ড° চন্দ্রানী নাথ আৰু ড° প্ৰিয়া ভৰালীয়ে স্নাতক চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

মহাবিদ্যালয় খনৰ এনে সন্তোষ জনক ফলাফলৰ বাবে প্ৰাক্তন অধ্যক্ষ শৰৎ চন্দ্র দত্ত, অধ্যক্ষ ড° সুৰজিৎ দত্ত, সাংবাদিক জিতু শৰ্মা ৰাজখোৱা, সমাজ কৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাই ছাত্র জনৰ লগতে, পদার্থবিজ্ঞান বিভাগ আৰু মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস