বোকাখাতৰ চয়নিকা গন্ধীয়াৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯১ শতাংশ
বেষ্ট একাডেমীয়ে বিনামূলীয়াকৈ দিছিল শিক্ষা
অমৰ শৰ্মা, বোকাখাতঃ দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে। বুকুত অদম্য ইচ্ছা শক্তি থাকিলে অসম্ভৱ বুলি একো কথা এই জীৱনত নাই। এই কথাকে যেন প্ৰতিপন্ন কৰিলে চয়নিকাই। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলে বোকাখাতৰ লখৌজান ঘগৰাপথাৰ গাঁৱলৈ আনন্দৰ খবৰ কঢ়িয়াই আনিছে। ৯১ শতাংশ নম্বৰ লাভ কৰি লখৌজানৰ বীৰেণ গন্ধীয়া আৰু টুটুমণি গন্ধীয়াৰ কন্যা চয়নিকা গন্ধীয়া উত্তীৰ্ণ হৈছে। নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা চয়নিকাৰ পিতৃ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছিল। নিচেই কম খেতি মাটিত হাল কোল বাই যেনে তেনে পৰিয়াল চলাই থকা বীৰেণ গন্ধীয়াৰ চয়নিকাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগে আগে এটা দুৰ্ঘটনাত এখন ভৰি ভাগে আৰু কৃষি আৰু ব্যৱসায় কৰিব নোৱাৰা হয়। এনে অৱস্থাতে চয়নিকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো কেউটি বিষয়তে লেটাৰ মাৰ্ক সহ ডিষ্টিংচন পাবলৈ সক্ষম হৈছিল। এই বাৰৰ উচ্চতৰ মাধ্যমিক শিক্ষান্তৰ দুইটি বৰ্ষত দুই এজন শুভাকাংক্ষী আৰু বোকাখাতৰ বেষ্ট একাডেমীৰ সহযোগত বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰি এই সফলতা অৰ্জন কৰে। চয়নিকাই ইংৰাজীত ৮০, অসমীয়া ৯০, ৰাজনৈতিক বিজ্ঞানত ১০০, শিক্ষাত ৮৮ আৰু অৰ্থনীতি বিষয়ত ৮৪ নম্বৰ লাভ কৰিছে। আনহাতে, ৰাজনীতি বিজ্ঞান বিষয়ত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰিছে। চয়নিকা গন্ধীয়াৰ পৰিয়ালৰ বৰ্তমান একমাত্ৰ উপাৰ্জনক্ষম সদস্য জন হ’ল চয়নিকাৰ ভাতৃ দশম শ্ৰেণীত পঢ়ি থকা ৰক্তিম গন্ধীয়া। অতি মেধা ছাত্র হিচাপে পৰিচয় দিয়া ৰজাবাৰী হাইস্কুলৰ অধ্যয়নৰত ৰক্তিমে নিজৰ পঢ়াৰ লগতে বজাৰ হাট কৰি অতি কষ্টেৰে পৰিয়ালটি চলাই আছে। ওচৰ চুবুৰীয়া, ককাই ভাই আৰু শুভাকাংক্ষী আত্মীয়ৰ সহায়ত চয়নিকাই বৰ্তমানৰ শিক্ষা গ্ৰহণ কৰিছিল যদিও পুনৰ উচ্চ শিক্ষাৰ বাবে সমস্যাৰ মুখামুখি হোৱাৰ আশংকা হৈছে। ৰাজনীতি বিজ্ঞানক বিশেষ বিষয় হিচাপে লৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ হাবিয়াস থকা চয়নিকাই যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়াৰ আগ্ৰহ প্ৰকাশ কৰিছে যদিও বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়তো অধ্যয়ন কৰাৰ আগ্ৰহ আছে। আজি চয়নিকাৰ ঘৰত অসংখ্য লোক উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰিছে।