বোকাখাতৰ জ্যোতিষ্মাই পোহৰাইছে চিনাকান
নাম তাইৰ জ্যোতিষ্মা দাস৷ জ্যোতিষ্মাৰ জ্যোতিয়ে সম্প্ৰতি পোহৰাইছে বোকাখাতৰ কুৰুৱাবাহী। একাগ্ৰতা থাকিলে অভাৱ-অনাটন যে গুৰুত্বহীন হৈ পৰে সেই কথাকে প্ৰমাণ কৰিছে কুৰুৱাবাহী চিনাকানৰ জ্যোতিষ্মাই।
প্ৰকৃতাৰ্থত, শৈক্ষিক উৎকৰ্ষৰ বাবে লাগে ছাত্ৰ-ছাত্ৰীৰ আধ্যয়নশীল মন আৰু একাগ্ৰতাৰ। আৰ্থিক অসমৰ্থতা, জৰাজীৰ্ণ এখন ঘৰ কেতিয়াও শৈক্ষিক উত্তৰণৰ বাধা হ’ব নোৱাৰে। এই কথা পুনৰ প্ৰমাণ কৰিলে বোকাখাত কুৰুৱাবাহী চিনাকানৰ এগৰাকী ছাত্ৰীয়ে।
জ্যোতিষ্মা দাস ছাত্ৰী গৰাকীৰ ঘৰৰ অৱস্থা শোচনীয়। চকী টেবুল নথকা এখন ভগ্নপ্ৰায় ঘৰত মাটিত ঢৰা পাৰি বহি লিখা পঢ়া কৰিছিল জ্যোতিষ্মাই। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া আৰু ঐচ্ছিক অসমীয়া বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে জ্যোতিষ্মা। এই খবৰে স্বাভাৱিকতে উৎসাহিত কৰিছে স্থানীয় ৰাইজক। ভৱিষ্যত পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধা আহিছে জ্যোতিষ্মাৰ। কোনো সহৃদয় লোকে সহায়ৰ হাত আগবঢ়ালে ভালকৈ পঢ়াশুনাত মন দি এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ আগ্ৰহ জ্যোতিষ্মাৰ।