বোকাখাতত তেলডিপোৰ পাৰ্কিঙত উদ্ধাৰ পৰিত্যক্ত বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক
বোকাখাত, ৰাইজৰ খবৰ ডিজিটেল, ১৮ জুনঃ গোপন তথ্যৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে আজি সন্ধিয়া এখন ১০ চকীয়া বাৰ্মিজ চুপাৰীৰ গাড়ী জব্দ কৰে। প্ৰাপ্ত বাতৰি মতে ডব্লিউ বি ৫৯ বি ৩২৬৯ নম্বৰৰ গাড়ীখন বোকাখাত নগৰৰ লতাবাৰী এটা তেল ডিপোৰ পিছফালে পৰিত্যক্ত অৱস্থাত বোকাখাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অনুসন্ধানৰ সময়ত গাড়ী খনৰ চালক হেণ্ডিমেনৰ সন্ধান নোপোৱাৰ বাবে গাড়ী খন বোকাখাত থানালৈ অনা হয়। সন্ধিয়া হোৱাৰ বাবে গাড়ী খনত বোজাই কৰি অনা চুপাৰী পৰিমান জানিব পৰা হোৱা নায়। কালিলৈ গাড়ীখন তালাচী চলোৱাৰ সময়ত অধিক তথ্য লাভ কৰিব বুলি বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াই জানিব দিয়ে। উল্লেখ্য, অসমৰ মাজেদি বাৰ্মিজ চুপাৰী অবিৰতভাৱে পৰিবহন হৈ আছে। এনে খবৰ প্ৰায়েই প্ৰকাশ পাই আহিছে। ম্যানমাৰৰ সৈতে ভাৰতৰ কোনো ব্যৱসায়িক চুক্তি নথকাৰ বাবেই এই চুপাৰী পৰিবহণ অবৈধ বুলি গণ্য কৰা হয়। তাৰ পাচতো ভাৰতৰ বিভিন্ন ৰাজ্যত পঞ্জীয়ণ কৃত ট্ৰাকত বাৰ্মিজ চুপাৰী কেনেকৈ আহে সেইয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে। ইফালে ইতিপূৰ্বে ডিমাপুৰ হৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি চুপাৰী ভৰ্তি ট্ৰাকৰ অবাধ চলাচল আছিল। এই সকলো ট্ৰাক বোকাখাতৰ মাজেদিয়েই পাৰ হৈছিল বুলি আশংকা কৰা হৈছে। কিন্তু এনে ভালেমান ট্ৰাক বোকাজান আৰক্ষীয়ে জব্দ কৰাৰ পাছত, এতিয়া পথ সলনি কৰিছে বুলি প্ৰকাশ। সেইম’তে, এতিয়া চুপাৰীৰ ট্ৰাক আহে মৰিয়নি হৈ। জানিব পৰা ম’তে, যোৰহাটৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহে এই ট্ৰাক সমূহ। কিন্তু কি প্ৰকাৰে কেইবাখনো থানা অতিক্ৰম কৰি, আৰক্ষীৰ চকুত ধূলি মাৰি অবৈধ চুপাৰীৰ ট্ৰাক পাৰ হয়, ইয়াকে লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্দেহৰ।