জখলাবন্ধাত মুখ্যমন্ত্ৰী

হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়াৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ যুৱ প্ৰজন্মক আহ্বান

জখলাবন্ধাত হেমপ্ৰভাৰ দোকানত চাহৰ জুতি ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই

কিশোৰী কুমাৰ ডেকা, কলিয়াবৰ, ৰাইজৰ খবৰ ডিজিটেলঃ
মৰমলগা ছোৱালীজনীৰ ঘৰ কলিয়াবৰত৷ আনে যোৱা বাটে নোযোৱা ছোৱালীজনীৰ অধ্যৱসায়ে আকৰ্ষিত কৰিছে বহুতকে৷ ভি আই পি, ভি ভি আই পি, কেবিনেট মন্ত্ৰী, বিধায়কৰ চলিছে সঘন আহ-যাহ চলিছে এই ছোৱালীজনীৰ ওচৰলৈ৷ সেই একে বাটে বাট বুলিছে আই এ এছ, আই পি এছসকলেও৷ কাৰণ, ছোৱালীজনী ব্যতিক্ৰম৷ তাইৰ চিন্তা ব্যতিক্ৰমী৷ মানুহে মানুহক চিনি নোপোৱা এক কণ্টকময় সময়তো ভিৰৰ মাজত হেৰাই নোযোৱা ব্যতিক্ৰমী চিন্তাৰ ছোৱালীজনীৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে এই ব্যস্ত পৃথিৱীৰ ব্যস্ত মানুহবোৰৰো৷

আৰ্থিক দৈন্যতাৰ পৰা পৰিয়ালটিক পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যৰে অধ্যৱসায়ৰ জৰিয়তে পাতনি মেলিছে জীৱনৰ পাঠশালাত বহুদূৰ আগবাঢ়ি যোৱা কলিয়াবৰৰ এই যুৱতীগৰাকী৷ তাইৰ নাম হেমপ্ৰভা বিশ্বাস৷ জীৱন সংগ্ৰামত এগৰাকী যোদ্ধা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ কচৰৎ কৰা এই হেমপ্ৰভাক সাক্ষাৎ কৰিবলৈ শুক্ৰবাৰে বিয়লি কলিয়াবৰৰ জখলাবন্ধাত খোদ উপস্থিত হ’লহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ এগৰাকী নাচনী তথা কলেজীয়া ছাত্ৰী কলিয়াবৰ মহকুমাৰ হাটবৰ নিৱাসী হেমপ্ৰভা বিশ্বাসে অসম চৰকাৰৰ পৰা লাভ কৰা মাননিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলাই জখলাবন্ধাত মুকলি কৰা দোকানত চাহৰ জুতি ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ আন আন শিক্ষিত নিৱনুৱাৰ বাবে অনুকৰণীয় আদৰ্শ গঢ় দিয়া হেমপ্ৰভাৰ প্ৰচেষ্টাক শলাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অসমৰ বিহুক আমি যেতিয়া ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে চেষ্টা কৰিছিলোঁ তেতিয়া এই অনুষ্ঠানত ‌ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ সহস্ৰাধিক বিহুৱা বিহুৱতীয়ে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানত কলিয়াবৰৰ হাটবৰৰ হেমপ্ৰভা বিশ্বাস আৰু পোৰাভেটিৰ প্ৰবীণ শ‌ইকীয়াই যোগদান কৰিছিল। তেওঁলোকৰ কষ্টৰ বিনিময়ত সকলোলৈকে ৩৫ হাজাৰ টকাকৈ মাননি দিছিলোঁ। সেই মাননিৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে জখলাবন্ধাত এখন চাহৰ দোকান দিয়ে। সেই চাহ দোকানৰ উপাৰ্জনেৰে হেমপ্ৰভাই কলিয়াবৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি পঢ়ি আছে। মন্ত্ৰী কেশৱ মহন্তৰ সৈতে চাহৰ জুতি লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমক লগতে কয় প্ৰবীণ শ‌ইকীয়া এজন গো পালক। তেওঁ ৱৰ্ল্ড ৰেকৰ্ডছৰ টকাৰে তিনি নম্বৰ গৰুটো কিনিবলৈ সক্ষম হ’ল তাৰ পিছত বানপানীৰ চৰকাৰী সাহায্যৰ টকাৰে চাৰি নম্বৰ গৰুটো কিনি ভাল গাখীৰ উৎপাদন কৰিছে৷ দৈ তৈয়াৰ কৰি বিক্ৰী কৰিছে মোকো এটা দৈৰ টেকেলি উপহাৰ দিছে। মই আশা কৰিম, হেমপ্ৰভা আৰু প্ৰবীণৰ দুয়ো গৰাকীৰ আদৰ্শ অসমৰ যুৱক-যুৱতী সকলে লয়৷ ইপিনে, কলং বোৱতী নৈলৈ যে অচিৰেই ৰূপান্তৰিত হ’ব, সেই সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাই কলঙক বোৱতী কৰিবলৈ চেষ্টা কৰি আছে। আজি মোৰ সৌভাগ্য কলঙৰ পানী বোৱা দেখিবলৈ পালোঁ। কোনোবা এটা দিনত আহিম কলঙৰ শ্লুইছ গেট খুলিবলৈ। তেতিয়া কিছু দিন পৰ্যবেক্ষণ কৰা হ’ব। যাতে ই বানপানীৰ সৃষ্টি কৰিব নোৱাৰে। যদি বানপানী আহে, আমি শ্লুইছ গেটটো ভালকৈ ৰাখিব পাৰোঁ তাৰ কাৰণে চিন্তা কৰিব লাগিব। আনহাতে, আমি আশা ৰাখিম, সময়ত যাতে বোৱতী কলঙৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰোঁ। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, কলং বোৱতী কৰাটো বহুত দিনৰ আশা আছিল। বিধান সভাত কেশৱ মহন্তই বক্তৃতা দিওঁতে প্ৰথম বাৰ ময়ে উল্লেখ কৰিছিলোঁ। আৰু মোৰ কথাৰ আলম লৈয়ে কেশৱ মহন্তই কামটো আৰম্ভ কৰিছিল। পীয়ূষ হাজৰিকাই এতিয়া সমাপ্তিৰ ফালে লৈ গৈছে। এয়া আমাৰ বাবে প্ৰাপ্তিৰ ক্ষণ বুলি ক’ব পাৰোঁ। আমি আকৌ এদিন কলং খন আনুষ্ঠানিক ভাৱে মুকলি কৰিবলৈ আহিম। তেতিয়া কলং খন নগাঁও হৈ কাজলি মুখলৈকে বোৱাই নিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিত্ত মন্ত্ৰীৰ দায়িত্বত থাকোঁতেই এটা চিগনেচাৰ প্ৰজেক্ট হিচাপে আৰম্ভ কৰা কলঙক পুনৰ বোৱাই অনা কামটো কেশৱ মহন্তই হাতত লৈছিল৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস