কাজিৰঙাত মুখ্যমন্ত্ৰী

কাজিৰঙাত মুখ্যমন্ত্ৰী
আগন্তুক বান সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ
সুৰক্ষাৰ বাবে নিয়োগ তিনিটা কামাণ্ডো বেটেলিয়ন
কাজিৰঙাত নদী পথ সুৰক্ষাৰ বাবে দিয়া হ’ব ২০ খন মেৰাইন ইঞ্জিনযুক্ত নাও

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙা, ১৫ জুনঃ
“২০১৬ চনৰ পৰাই ক্ৰমাগত ভাৱে অসমত চোৰাংচিকাৰীৰ দ্বাৰা গঁড় নিধনৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পাই আহিছে৷ ২০২১ চনত চোৰাংচিকাৰীয়ে এটাও গঁড় হত্যা কৰিব পৰা নাছিল৷” — আজি কাজিৰঙাত বনবিভাগৰ স’তে হোৱা এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ তেখেতে লগতে কয় যে, বিগত দুটা বৰ্ষত বছৰি দুটাতকৈ অধিক গঁড় চোৰাংচিকাৰীয়ে হত্যা কৰিব কৰা নাই৷ আনহাতে, বানৰ সময়ত ৰাজপথত বন্যপ্ৰাণীৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, এইবাৰ বানপানীত যাতে এটাও বন্যপ্ৰাণীৰ যাতে ৰাজপথত মৃত্যু নহয় তাৰ বাবে চেষ্টা কৰিম৷ উল্লেখ্য, আজি কাজিৰঙাৰ কহঁৰাৰ আয়’ৰা ৰিজ’ৰ্টত ৰাজ্যৰ বনবিভাগ, আৰক্ষী প্ৰশাসনৰ স’তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আগন্তুক বান সন্দৰ্ভত এক পৰ্যালোচনা সভাত অংশ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী চোৰাংচিকাৰীৰ পৰা সুৰক্ষা দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ পৰ্যালোচনা সভাত লোৱা হয় বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ সেইমতে, এই সময়চোৱাৰ বাবে ইতিমধ্যে তিনিটা অতিৰিক্ত কামাণ্ডো বেটেলিয়ন নিয়োগ কৰা হৈছে৷ লগতে নতুনকৈ উলাব লগা প্ৰায় ৬০০ ফ’ৰেষ্ট বেটেলিয়নকো কাজিৰঙাৰ বাবে নিয়োগ কৰাৰ প্ৰয়াস কৰা হ’ব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷
ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুঢ়াচাপৰি পৰ্যন্ত সম্প্ৰসাৰণ হোৱা বুলি সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বুঢ়াচাপৰিৰ উচ্ছেদৰ পাছত তাত ৪ টা গঁড়ে নিগাজীকৈ বাস কৰাৰ লগতে ১২ টাৰ পৰা ১৫ টা বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰা হৈছে৷ এই সমূহ তথ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে মুখ্যমন্ত্ৰীক অৱগত কৰা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় বুঢ়াচাপৰিত এটা বনৰীয়া ম’হো প্ৰত্যক্ষ কৰা হৈছে৷ বুঢ়াচাপৰিৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে প্ৰয়োজন সাপেক্ষে বনানিকৰণ আৰু পৰৱৰ্তী সময়ত এটা কামাণ্ডো বেটেলিয়ন বাহিনী নিয়োগৰ ব্যৱস্থা কৰা হ’ব বুলি পৰ্যালোচনা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি কয় মুখ্যমন্ত্ৰীয়ে৷
ইফালে, বিগত কেইটামান বৰ্ষত ব্ৰহ্মপুত্ৰই কাজিৰঙাত তীব্ৰ গতিত গৰাখহনীয়া সৃষ্টি কৰি উদ্যানৰ মাটি কালি সংকুচিত কৰি আনিছে বুলি জানিব দি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰতি বছৰে কাজিৰঙাত ১৮০ হেক্টৰ মাটি খহনীয়াত জাহ গৈছে৷ সেয়ে খহনীয়া ৰোধৰ বাবে বনবিভাগ আৰু জলসম্পদ বিভাগৰ এটা যৌথ টাস্ক ফ’ৰ্ছ গঠন কৰা হ’ব আৰু উক্ত ফ’ৰ্ছটোৰ পৰামৰ্শদাতা হিচাপে কাজিৰঙাৰ প্ৰাক্তন সঞ্চালক সকল থাকি জিঅ’ বেগ, ৰ’ক ইনষ্ট’লেচন আৰু প্ৰি কাষ্টেড ব্ল’ক — ইয়াৰে কোনোটো প্ৰযুক্তি ব্যৱহাৰ কৰি তৎকালীনভাৱে গৰাখহনীয়া ৰোধ কৰিব পৰা যাব সেই সন্দৰ্ভত মন্তব্য আগবঢ়াব৷ এই খহনীয়া উদ্যানৰ অগৰাতলি আৰু বাগৰি বনাঞ্চলত ৰোধ কৰাৰ ক্ষেত্ৰত টাস্ক ফ’ৰ্ছটোৱে আগন্তুক ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও জানিব দিয়ে মুখ্যমন্ত্ৰীয়ে৷
ইফালে, যোৱা পৰ্যটন বৰ্ষত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ ৩,০৪০০০ পৰ্যটকৰ বিপৰীতে কাজিৰঙাত ৩,২৭,০০০ পৰ্যটকৰ আগমনে একপ্ৰকাৰ অভিলেখ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি কৰিবৰ বাবে আগন্তুক পৰ্যটন বৰ্ষৰ পূৰ্বে কাজিৰঙা আৰু মানাহৰ তথ্যচিত্ৰ প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় চেনেলত প্ৰচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ তদুপৰি, কাজিৰঙাত বন্যপ্ৰাণী পৰ্যটনৰ লগতে টি টেষ্টিং, চাইক্লিং আৰু নৌকা বিহাৰৰ ব্যৱস্থাও সংলগ্ন কৰাৰ কথা চিন্তা-চৰ্চ্চা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, নদীৰ তৰফৰ পৰা অহা চোৰাংচিকাৰী ৰোধ কৰিবৰ বাবে ২০ খন মেৰাইন ইঞ্জিনযুক্ত নাও কাজিৰঙা কৰ্তৃপক্ষক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷
আজি পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীৰ লগতে বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে৷

Related Posts

বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে…

অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

মৃদুস্মিতা শৰ্মা , ৰাইজৰ খবৰ ডিজিটেলঃ যোৱা ৫ জানুৱাৰীত নৱী মুম্বাই শ্বাচীস্থিত অসম ভৱনত অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হৈ যায়। “অ’মোৰ আপোনাৰ দেশে”ৰে আৰম্ভ কৰা…

অন্যান্য বাতৰি

বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ

১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ