দাঁতৰ সমস্যা সমাধানত গুৰুত্ব দিয়ক
ডা: প্ৰিয়ংকা দাস, দন্ত ৰোগ বিশেষজ্ঞ, মেডিচিটি গুৱাহাটী
প্ৰায়ভাগ লোকে কম বেছি পৰিমাণে দাঁতৰ সমস্যাত ভোগে। কিছুমানে সৰুৰে পৰা দাঁতৰ সমস্যাত ভোগাৰ ফলত বিভিন্ন আনুসংগিক ৰোগে দেখা দিয়ে। দৰাচলতে প্ৰায়ভাগ লোকে সৰুৰে পৰা দাঁতৰ অসুখত ভুগিলেও বিশেষে গুৰুত্ব দিব নোখোজে বাবে পৰৱৰ্তী সময়ত এনে ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰে। সকলোৱে সৰুৰে পৰা সাৱধানতা অৱলম্বন কৰিলে পৰৱৰ্তী সময়ত বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰি। এই বিষয়ে কোনোৱে গুৰুত্ব নিদিয়া বাবে পৰৱৰ্তী সময়ত বহুতো সমস্যাই জটিল ৰূপ ধাৰণ কৰে। অসাৱধানতাৰ বাবে সাধাৰণতে যিবোৰ সমস্যাই গা কৰি উঠে সেইবোৰৰ বিষয়ে উল্লেখ কৰা হ’ল।
আলুৰ পৰা তেজ ওলায় কিয়?
আলুৰ পৰা তেজ ওলোৱাটো এটা সাধাৰণ ৰোগ হিচাপে গণ্য কৰা লোকৰ সংখ্যাই অধিক। কিছুমানৰ সঘনাই তেজ ওলায় থকাৰ পিছতো বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰে। সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰা বাবে লাহে লাহে ই জটিল ৰূপ লয়। শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোকলৈ সকলোৱে এনে সমস্যাত আক্ৰান্ত হয় যদিওঁ সোনকালে চিকিৎসকৰ পৰামৰ্শ নলয়। যদিও ই দাঁতৰ ৰোগ তথাপিও আন কাৰণতো হ”ব পাৰে। সেইবাবে যিমান সোনকালে সম্ভৱ সিমান সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। তাদুপৰি ৰ দাঁতৰ জটিল ৰোগৰো আগ জাননী হ’ব পাৰে।
- যেতিয়া আলু বিভিন্ন কাৰণত ফুলি উঠে তেতিয়া ইয়াৰ পৰা কম বেছি পৰিমাণে তেজ ওলাব পাৰে ।সহজ অৰ্থাৎ যাবলৈ গ’লে জিনজিভাইটিছে গা কৰি উঠে তেতিয়া ইয়াৰ পৰা তেজ ওলোৱাৰ আশংকা অধিক । সেইবাবে অধিক সতৰ্ক হ’বই লাগিব । যদি তেজ ওলোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে তেতি়যাহ’লে সহজে হাত সাৰিব পাৰে।
- দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাৰ আন এক কাৰণ হল পায়োৰিয়া। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক “পেৰিঅ’দেন্তেল ডিজিজ” বুলি কোৱা হয়। যদি এই ৰোগে গা কৰি উঠে তেতিয়াহ’লে প্ৰথমে দাঁতৰ আলু ফুলি উঠিব ধৰে। ব্ৰাছ কৰাৰ লগে লগে আলুৰ গুৰিৰ পৰা তেজ ওলাব ধৰে। তদুপৰি মুখৰ পৰা দুৰ্গন্ধ ওলায়। যেতিয়া এনে লক্ষনে দেখা দিয়ে তেতিয়া এই অৱস্থাটোক জিঞ্জিভাইটিছ বুলি কয়। এনে হ’লেও ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।
- দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাৰ আন এক কাৰণ হ’ল ভিটামিনৰ অভাৱ। ভিটামিন ‘ চি’ আৰু ‘কে ‘ ৰ অভাৱ হ’লে আলুৰ পৰা তেজ ওলায়। খাদ্য গ্ৰহণ সঠিক ভাবে নহ’লে এনে ভিটামিনৰ অভাৱ ঘটে।এই দয়োবিধ ভিটামিনযুক্ত খাদ্য সকলোৱে গ্ৰহণ কৰা উচিত।
- গৰ্ভাৱস্থাত মহিলাৰ দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ আশংকা থাকে। সেইবাবে এই সময়ত গুৰুত্ব দিয়া উচিত। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনোধৰণৰ ঔষধ খোৱা উচিত নহয়। কাৰণ এই সময়ত সদায় সতৰ্কতা অবলম্বন নকৰিলে গৰ্ভস্থ সন্তানৰ অপকাৰ হোৱা আশংকা অধিক।
- বেছিকৈ ধূমপান কৰিলেও দাঁতৰ পৰা তেজ ওলোৱাৰ আশংকা থাকে। বিশ্বৰ বিভিন্ন ঠাইত হোৱা গৱেষণাত এনেধৰণৰ তথ্য লাভ কৰিছে গৱেষকে। যদিহে এবাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায় তেতিয়া হ’লে বেক্টেৰয়াই গা কৰি উঠিছিল আখ্যান উপযুক্ত ক্ষেত্ৰ লাভ কৰে। সেই বাবে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। সেই ন’ স্ম’কাৰ সকলৰ এনে হোৱাৰ আশংকা অধিক।
- মুখখন ভালদৰে পৰিষ্কাৰ নকৰিলেও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।বহুতে সদায় ভালদৰে পৰিষ্কাৰ নকৰা বাবে লাহে লাহে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। পুৱা আৰু নিশা শুৱাৰ আগতে দাত ভালদৰে পৰিষ্কাৰ কৰিব লাগে।
এডাল ব্ৰাছ কিমান দিন ব্যৱহাৰ কৰিব ?
সাধাৰণতে প্ৰায়ভাগ লোকে একেডাল ব্ৰাছকেই দীৰ্ঘদিন ব্যৱহাৰ কৰে। যেতিয়ালৈকে এডাল ব্ৰাছ ক্ষয় নাজায় তেতিয়ালৈকে ব্যৱহাৰ কৰে। নিয়ামীয়াকৈ ব্যৱহাৰ কৰিলেও তিনি মাহতকৈ বেছি কৰিব নালাগে। কাৰণ এনে কৰিলে বেক্টেৰিয়া আদিয়ে খোপনি পুতিবলৈ বিশেষ ক্ষেত্ৰ এখন লাভ কৰে। শিশুসকলৰ ক্ষেত্ৰত বেছি সাৱধান হ’বই লাগিব। তদুপৰি বহুতে দাঁত বগা হবলৈ হাৰ্ড ব্ৰাছ ব্যবহাৰ কৰে। কিন্তু তেওঁলোকে এবাৰো ভাবি নাচায় যে এইদৰে ব্যবহাৰ কৰিলে ক্ষতি হব পাৰে।
চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো মলম ব্যবহাৰ নকৰিব
আজি কলি প্ৰায়ভাগ লোকেই চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ ফাৰ্মাচীৰ পৰা কিনি আমি ব্যবহাৰ কৰে। ভূলতেও ইনে কৰিব নালাগে। কাৰণ এনে কৰিলে দাঁতৰ সংক্ৰমণ আদি হব পাৰে। তদুপৰি আন বহুতো সমস্যাই গা কৰি উঠিব পাৰে।
মনোযোগ দিব লাগিব কোনবোৰ কথাত
- সাধাৰনতে শিশুৰ মাজত প্ৰায়ভাগৰে আঙুলি চুপি থকাৰ সমস্যা দেখা যায়। দাঁতে দাঁতে কৰচি থকা আদিয়েও গা কৰি
উঠা দেখা যায়। কিছুমানৰ জিভাখন শুকায়ো যাব পাৰে। সেইবাবে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। - দাঁত নষ্ট হোৱা অথবা বয়সৰ পূৰ্বেই সৰি যায়। কিছুমানৰ আকৌ আঘাতৰ বাবে দাঁত ভাঙি যোৱাৰ পিছতো অৱহেলা কৰা দেখা যায়।
- শিশুসকলৰো দাঁতৰ আলুৰ সমস্যাই গা কৰি উঠা দেখা যায়। এইটো ভালদৰে জানি থোৱা ভাল যে ভালদৰে দাঁত ব্ৰাছ কৰাৰ লগে লগে ফ্লছিং আদি কৰিলেও আলুৰ ৰোগে গা কৰি উঠিব নোৱাৰে।
- শিশুৱে দাঁতেৰে তলৰ ওঁঠটো কামুৰি থাকে। বয়স বৃদ্ধিৰ সমান্তৰালভাৱে যদি শিশুৰ এনে অভ্যাসৰ সলনি নহয়, তেতিয়াহ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
- এগৰাকী মহিলাই গৰ্ভধাৰণৰ পিছতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। এইখিনিতে উল্লেখ কৰিব পাৰি যে গৰ্ভাৱস্থাত মহিলাই সেৱন কৰা কিছুমান ঔষধৰ প্ৰভাৱ দাঁতৰ ওপৰত পৰাৰ শংকা থাকে। সেইবাবে এই সময়ত ঔষধ সেৱন কৰোতে সকলোৱে সতর্কতা অৱলম্বন কৰা উচিত। শিশুৰ প্ৰথমটো অস্থায়ী দাঁত হৈছে ছেদক দাঁত। নিম্ন হনুত প্ৰথমতে আৰু তাৰ পিছত লাহে লাহে উৰ্ধ হনুত সোঁ আৰু বাওঁফালে চাৰিটা দাঁত ওলায়। এনেধৰণৰ দাঁত ওলোৱাৰ সময়ত শিশুৰ আলুত বিষ অনুভৱ কৰে। আনকি শৰীৰৰ উত্তাপ বৃদ্ধিৰ লগতে বমি আৰু শৌচ হ’ব পাৰে।