মৃত্যু উপত্যকাত পৰিণত বিশ্ব ঐতিহ্যক্ষেত্ৰ

মৃত্যু উপত্যকাত পৰিণত বিশ্ব ঐতিহ্যক্ষেত্ৰ

চলিত বানত কাজিৰঙাত ১০ টা গঁড়কে ধৰি ১৭৪ টা বন্যপ্ৰাণীৰ মৃত্যু

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ
বাঢ়নী পানী শুকোৱাৰ লগে লগে কাজিৰঙাত উদ্ধাৰ হৈছে ইটোৰ পাছত সিটোকৈ বন্যপ্ৰাণীৰ শৱদেহ৷ মৃত্যু উপত্যকাত পৰিণত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বানত ১০টা গঁড়কে ধৰি ১৭৪ টা বন্যপ্ৰাণীৰ শৱদেহ উদ্ধাৰ হৈছে৷ কাজিৰঙা বনবিভাগৰ সূত্ৰই জনোৱা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ ২৩৩ বনশিৱিৰৰ ৪৬ টা বনশিৱিৰ এলেকা বৰ্তমানেও বাঢ়নী পানীয়ে বুৰাই ৰাখিছে৷ ইয়াৰে অগৰাতলিৰ ৩৪টা শিবিৰৰ ৪ টা বৰ্তমানেও বাঢ়নী পানীয়ে বুৰাই ৰখাৰ বিপৰীতে কাজিৰঙাৰ ৫৮টাৰ ২০ টা বনশিৱিৰ, বাগৰিৰ ৩৯ টাৰ ১৭ টা বনশিৱিৰ, বুঢ়াপাহাৰৰ ২৫টাৰ ৪ টা বনশিৱিৰ এলেকাত পাঁচ ফুটতকৈ অধিক পানী আছে৷ ইপিনে, বোকাখাত বনাঞ্চলৰ ৯ টা বনশিৱিৰৰ প্ৰতিটোৰ তলৰ পৰাই পানী প্ৰায় শুকাই যোৱাৰ বিপৰীতে নগাঁও বন সংমণ্ডলৰ ৩৮ টা বনশিবিৰৰ এটা বনশিৱিৰ বাঢ়নী পানীত বুৰ গৈ আছে৷ বাঢ়নী পানী হ্ৰাস পাই অহাত ইতিমধ্যেই স্থানান্তৰ কৰা বনশিৱিৰ সমূহত পুনৰ বনকৰ্মী উভতি গৈছে৷ ইপিনে, বছৰটোৰ প্ৰথমটো বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া এলেকা৷ বাঢ়নী পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ৰাইজৰ ঘৰ-বাৰী তচনচ হোৱাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। উদ্যানৰ বহু বন্যপ্ৰাণী উদ্যানৰ অন্তৰ্ভাগৰ হাইলেণ্ডত আশ্ৰয় লোৱাৰ বিপৰীতে খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ সন্ধানত বিভিন্ন বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি আশ্ৰয় লৈছে উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে দক্ষিণৰ কাৰ্বি পাহাৰত। এই বন্যপ্ৰাণীসমূহ সুৰক্ষাৰ বাবে বনবিভাগৰ লগতে বিভিন্ন ব্যক্তি-সংগঠনে দিন-ৰাতি একাকাৰ কৰিছে৷ সমান্তৰালকৈ বানত আবদ্ধ হৈ অথবা উদ্যানৰ দক্ষিণ দিশৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে আঘাতপ্ৰাপ্ত বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰিছে বনবিভাগৰ দলে৷ এই পৰ্যন্ত দুটা হাতী পোৱালি আৰু মাকৰ পৰা বিচ্ছিন্ন হোৱা দুটা গঁড় পোৱালি তথা ১২২ টা হৰিণাকে ধৰি ১৩৫ টা বন্যপ্ৰাণী চলিত বানত কাজিৰঙাৰ বনবিভাগে উদ্ধাৰ কৰিছে৷ আনহাতে, বনবিভাগৰ পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি ১১৬ টা বন্যপ্ৰাণী ইতিমধ্যেই মুকলি কৰি দিয়া হৈছে৷ সমান্তৰালভাৱে কাজিৰঙাত এই পৰ্যন্ত পানীত ডুবি মৃত্যু হোৱা ১০ টা গঁড়ৰ দেহ ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত উদ্ধাৰ হোৱাৰ বিপৰীতে ১৪৪ টা হৰিণাৰ লগতে বিভিন্ন বন্যজন্তুৰ মৃতদেহ উদ্যানৰ অন্তৰ্ভাগত উদ্ধাৰ হৈছে৷ আনহাতে, গাড়ী খুন্দা, চিকিৎসাধীন অৱস্থাত মৃত্যু তথা পানীত ডুবি মৃত্যু হোৱা বিভিন্ন বন্যপ্ৰাণীকে ধৰি চলিত বানত প্ৰায় ১৭৪ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে৷ অৱশ্যে কাজিৰঙা এলেকাত গাড়ীসমূহ এছকৰ্ট দি পাৰ কৰোৱাৰ ব্যৱস্থা কৰাত এইবাৰ গাড়ীৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা তেনেই নগণ্য হৈছে৷ ইপিনে, ৰাজপথত চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ ছাত্ৰ-ছাত্ৰী, বোকাখাতৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, কাজিৰঙা জীপ ছাফাৰী সন্থাকে ধৰি বিভিন্ন বেচৰকাৰী অনুষ্ঠানে দিনে-নিশাই ৰাজপথৰ বন্যপ্ৰাণী আহ-যাহ কৰা স্থানত পহৰা দিছে৷ আনহাতে, স্বেচ্ছাই পহৰা দিয়া এই কৰ্মীসকলৰ লগতে আৰক্ষী-বনবিভাগৰ লোকসকলক শেহতীয়াকৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বোকাখাত মহকুমাৰ তৰফৰ পৰা নিশাৰ আহাৰ যোগান ধৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, কাজিৰঙাৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই নিৰাপদ আশ্ৰয়ৰ সন্ধানত ওলাই অহা বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস