দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ মীনাক্ষি ওজাৰ সাফল্য
পৰাগ বৰুৱা,ফৰকাটিং, ৰাইজৰ খবৰ ডিজিটেলঃ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ (স্বায়ত্ত শাসিত) দৰ্শন বিভাগৰ ছাত্ৰী মীনাক্ষি ওজাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান অধিকাৰ কৰিছে৷ মীনাক্ষি ওজা মাজুলীৰ বেঙেনাআটী সত্ৰ নিৱাসী প্ৰয়াত বীৰেন ওজা আৰু জুনু ওজাৰ কনিষ্ঠা কণ্যা৷ কেঁচুৱা অৱস্থাতেই পিতৃহাৰা হোৱা মীনাক্ষিয়ে অতিশয় দৰিদ্ৰতাৰ মাজেৰে পঢ়া-শুনা কৰি বেঙেনাআটী ৰমাকান্ত দেৱ হাইস্কুলৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ পৰৱৰ্তী সময়ত খুৰীয়েক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° মৌচুমী বৰুৱাৰ তত্বাৱধানত কলেজীয়া শিক্ষা গ্ৰহণ কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়৷