ডা° দীননাথ শৰ্মাক জানেনে

ডা° দীননাথ শৰ্মাক জানেনে ?

অসমীয়া সমাজ আৰু সাহিত্য জগতলৈ বিশেষ বৰঙনি আগবঢ়াই অসমত আধুনিক চিন্তা-চৰ্চাৰ প্ৰসাৰ ঘটাই এটা যুগৰ সূচনা কৰা “আৱাহন’’ আলোচনীৰ (১৯২৯ চনত প্ৰথম প্ৰকাশ) প্ৰতিষ্ঠাপক সম্পাদক ডা° দীননাথ শৰ্মাৰ আজি স্মৃতিদিৱস।

চিকিৎসক ৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰা ডা° শৰ্মাই প্ৰকৃতাৰ্থত অসমীয়া ভাষা-সাহিত্যৰ নিৰৱচ্ছিন্ন সাধক ৰূপে সেৱা আগবঢ়াইছিল। তেখেতে ‘আৱাহন’ৰ সম্পাদকীয় নিৱেদনত লিখিছিল যে জাতীয় উত্থান বা দেশৰ উন্নতিৰ মূলতেই হৈছে সাহিত্য ৷ “ছোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য’’ পুথি ৰচনা কৰি তেওঁ লাভ কৰিছিল ছোভিয়েট দেশ নেহৰু বঁটা। তেওঁ ৰচনা কৰা আন এখন গ্ৰন্থ হৈছে “ভাৰত ৰুছ কাহিনী’’।

তেওঁৰ কলমত সদায় দেশ আৰু জাতিৰ দায়বদ্ধতা প্ৰকাশ পাইছিল। মহাত্মা গান্ধীৰ অস্পৃশ্যতাবিৰোধী আন্দোলনক গুৰুত্ব প্ৰদান কৰাৰ লগতে তেওঁ গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰাৰ বাবে অসমৰ গাঁৱে-নগৰে ঘূৰি মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছিল।

এই গৰাকী মহান অসমীয়াৰ ১৯৭৮ চনৰ ৪ জুনত পৰলোকপ্ৰাপ্তি ঘটে।

সংগ্ৰহ আৰু সম্পাদনাঃ গীতিৰেখা দত্ত

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস