যোৰহাট জিলা কবি সন্মিলনৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

যোৰহাট জিলা কবি সন্মিলনৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কবি সন্মিলন সম্পন্ন

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰাৰ লগতে পাদপ্ৰদীপৰ অন্ধকাৰৰ পৰা কবি সকলক আনি এখন মঞ্চত উপবিষ্ট কৰাৰ বাবে বিগত তিনিদশকে অহোপুৰুষাৰ্থ কৰি অহা যোৰহাট জিলা কবি সন্মিলনৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ২ জুলাইত দিনযোৰা কাৰ্য্যসূচীৰে উদ্‌যাপন কৰা হয়।

১৯৮৯ চনৰ ২ জুলাইত প্ৰতিষ্ঠা লাভ কৰা যোৰহাট জিলা কবি সন্মিলনৰ আৰু লগতে সদৌ অসম কবি সন্মিলনৰ নিৰ্মীয়মাণ স্থায়ী কাৰ্যালয় ড° কুতুবুদ্দিন আহমেদ স্মৃতিভৱনৰ প্ৰাঙ্গণত পুৱাবেলা পতাকা উত্তোলন কৰে যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ড° পৰাণ বৰুৱাই। এগছি বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্যালয়ৰ ভূমিদাতা অভিযন্তা এলিজা বেগমে। সম্পাদক দেৱজিৎ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন , কাকজান শাখাৰ সভাপতি কেশব চন্দ্ৰ বৰা , বন্দনা সন্দিকৈ , অভিজিত বৰুৱা , মিনু স্বৰ্ণকাৰ , মফিদা বেগমকে আদি কৰি বহু সংখ্যক সদস্য উপস্থিত থাকে।

দ্বিতীয়াৰ্দ্ধত , সমাজৰত্ন নবীনচন্দ্ৰ বৰদলৈ স্মৃতি সদনত ড° পৰাণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাত শিৱসাগৰৰ বিশিষ্টা কবি কুন্তলা কল্যাণী সন্দিকৈ , ছৈয়দ পাৰভিজ হুছেইন , আৰেছা বেগম , গোপালচন্দ্ৰ বেজবৰুৱা , কবি উজ্বল পাওগাম , সাহিত্যিক মহেন্দ্ৰনাথ হাজৰিকা , হেমচন্দ্ৰ গগৈ , মানিকচন্দ্ৰ বৰা , কবি ৰণজিত গগৈ , প্ৰাঞ্জল কুমাৰ লাহন , বাবলু প্ৰসাদ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। প্ৰাক্তন সভানেত্ৰী যোগমায়া গগৈয়ে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত উদ্বোধনী ভাষণ আগবঢ়াই সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্তই ৷ যোৰহাট জিলা কবি সন্মিলনৰ কৰ্মসূচী আৰু অসমৰ কাব্যজগতলৈ যোৰহাটৰ অৱদান সম্পৰ্কে তেখেতে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইনে কেন্দ্ৰীয় কাৰ্যসূচী সমূহৰ এক ৰেঙণি আগবঢ়াই আৰু যোৰহাট জিলাৰ সক্ৰিয় সহযোগিতাক ধন্যবাদ জনায়।
যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামীয়ে আঁত ধৰা সভাখনিত এটি সমবেত সংগীত পৰিবেশন কৰে যোৰহাট মহানগৰ শাখাৰ সদস্যা সকলে। এই অনুষ্ঠানতে যোৰহাট জিলাৰ বিভিন্ন শাখাৰ সদস্য সকলে আৱেদন কৰা সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ সমূহো বিতৰণ কৰা হয়।
বিয়লি বিশিষ্ট কবি অজন্ত কুমাৰ বৰাই সঞ্চালনা কৰা কবি সন্মিলনখনি উদ্বোধন কৰে কবি নীৰদা গগৈ বৰাই।

সন্মিলনখনিত সুশীল গগৈ, জ্বলি বেগম, বন্দিতা বুঢ়াগোহাঁই , মৃদুমনি ফুকন, বিনু ফুকন, অনুৰাধা শইকীয়া, ডিম্বেশ্বৰী দাস, অষ্টমী দত্ত, ঊষা বৰা, সূৰ্য কমল বনিয়া, অংকুৰজ্যোতি বুঢ়াগোহাঁই, দ্বিজেন্দ্ৰ ৰাও, নিভা দত্ত ৰাভাকে আদি কৰি তিতাবৰ, মৰিয়নি, নকছাৰি, টীয়ক, উত্তৰ পশ্চিম যোৰহাটৰ শতাধিক কবিয়ে কবিতা পাঠ কৰে। শেষত কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানটি সামৰণি মৰা হয়।

Related Posts

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

“অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস