জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত বংকোৱাল নিকৰিত বিনামূলীয়া স্বাস্থ্য শিবিৰ৷ শতাধিক পৰিয়াললৈ বান সাহায্য
পৱন কামান, কমাৰগাঁও, ৰাইজৰ খবৰ ডিজিটেলঃ গোলাঘাট জিলাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত জয়া গগৈ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট আৰু ভি. কে. এন আৰ এল হস্পিটেলৰ সহযোগত বংকোৱালৰ নিকৰিত বানাক্ৰান্ত ৰাইজৰ মাজত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে।
স্বাস্থ্য শিবিৰত অঞ্চলটোৰ দুই শতাধিক লোকক জ্যেষ্ঠ চিকিৎসকে চিকিৎসা প্ৰদান কৰে। স্বাস্থ্য শিবিৰত ৰোগীসকলক বিনামূলীয়াকৈ তেজ পৰীক্ষা আৰু ঔষধ প্ৰদান কৰে।
ইপিনে, অঞ্চলটোৰ শতাধিক পৰিয়ালক বান সাহায্য প্ৰদান কৰে জয়া গগৈ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট আৰু প্ৰাক্তন ছাত্ৰ সন্মিলীয়ে। প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক সঞ্জীৱ গগৈৰ ব্যৱস্থাপনাৰে অনুষ্ঠিত স্বাস্থ্য শিবিৰত ভি.কে.এন আৰ এলৰ জ্যেষ্ঠ চিকিৎসক ডা° হেমন্ত কুমাৰ ফুকন, ডা° দিগন্ত কোঁৱৰ, ডা° কৰৱী শইকীয়াৰ লগতে স্বাস্থ্যকৰ্মীৰ দলে ৰোগীসকলক চিকিৎসা প্ৰদান কৰে।
বান সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যাপিকা উৎপলা গগৈ, কৰ্মচাৰীদ্বয় পংকজ গগৈ আৰু মাখন গগৈ, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক সঞ্জীৱ গগৈ, বিত্ত সম্পাদক বিশ্বজিত হাজৰিকা, সন্মিলনীৰ সদস্য ঋষভ ৰোহণ বৰা, সীমান্ত তামূলী, আকাশ পাথৰি, অংকুৰ লইং, উপদেষ্টা ভাস্কৰ গগৈ আদি।