বংকোৱালৰ বানাক্ৰান্তৰ কাষত এন আৰ এলঃ বন্যাৰ্তৰ মাজত বান সাহায্য
অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ
পৱন কামান, কমাৰগাঁও, ৰাইজৰ খবৰ ডিজিটেলঃ অসম আন্দোনৰ ফচল নুমলীগড় ৰিফাইনেৰী লিমিটেড চমুকৈ এন আৰ এল কৰ্তৃপক্ষই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সহযোগত নুমলীগড়ৰ সমীপৰ বানবিধস্ত অঞ্চল বংকোৱালত বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ কৰি দেখুওৱালে সামাজিক দায়বদ্ধতা আৰু মহানুভৱতা। বংকোৱাল অঞ্চলৰ তিনি শতাধিক বন্যাৰ্তৰ মাজত এন আৰ এল কৰ্তৃপক্ষই বান সাহায্য বিতৰণ কৰে।
বান সাহায্য বিতৰণত উপস্থিত থাকি এন আৰ এলৰ এগৰাকী বিষয়াই কয় যে বৃহত্তৰ বংকোৱাল অঞ্চলৰ বান প্ৰলয়ৰ খবৰ পোৱাৰ লগে লগে বানাক্রান্ত এলেকা পৰিদৰ্শন কৰি এন আৰ এলৰ তৰফৰ পৰা বান সাহায্য প্ৰদান কৰাৰ তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে প্ৰয়োজন অনুসৰি বানাক্ৰান্তৰ মাজত ধাৰাবাহিকভাৱে বান সাহায্য প্ৰদান কৰিব বুলিও জনায় এন আৰ এলৰ বিষয়া গৰাকীয়ে৷
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সহকাৰী সম্পাদক প্ৰাচুৰ্য দুৱৰাই বানাক্ৰান্ত বৃহত্তৰ বংকোৱালৰ পৰাই অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে শীঘ্ৰে ঘোষণা কৰিবলৈ দাবী জনায়। বানত বিধ্বস্ত বাট-পথ, স্কুল, অনুষ্ঠান-প্ৰতিষ্ঠানৰ উচিত ক্ষতিপূৰণ দিবলৈও চৰকাৰক দাবী জনায় ছাত্ৰ নেতা প্ৰাচুৰ্য দুৱৰাই।
বান সাহায্য বিতৰণৰ কালত উপস্থিত থাকে এন আৰ এল কৰ্তৃপক্ষৰ তৰফৰ পৰা দ্বীপজ্যোতি বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ক্ৰীড়া সম্পাদক ৰিদীপ বৰা, মৰঙি আঞ্চলিক সমিতিৰ সভাপতি গৌৰাঙ্গ বৰা, কমাৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক ৰিন্টু দুৱৰাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী।