বানত ক্ষতিগ্ৰস্ত কাজিৰঙাত
৩১ টা পহুৰ মৃত্যু, চিকিৎসাধীন গঁড় পোৱালি, জাংগল কেটকে ধৰি ২০ টা বন্যপ্ৰাণী
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বছৰটোৰ প্ৰথমটো বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে কাজিৰঙা৷ বাঢ়নি পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ৰাইজৰ ঘৰ-বাৰী তথৈবচ কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ ৮০/৯০ শতাংশ এলেকাই জলমগ্ন হৈ পৰা পৰিপ্ৰেক্ষিতত দিহিঙে দিপাঙে ভ্ৰমি একাংশ বন্যপ্ৰাণীয়ে উদ্যানৰ অন্তৰ্ভাগৰ হাইলেণ্ডসমূহত আশ্ৰয় লোৱাৰ বিপৰেতে নিৰাপদ আশ্ৰয়ৰ সন্ধানত বিভিন্ন বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি আশ্ৰয় লৈছে উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে দক্ষিণৰ কাৰ্বি পাহাৰত।
(ফটোঃ কিষাণ ছেত্ৰী, কাজিৰঙা)
এই বন্যপ্ৰাণীসমূহ সুৰক্ষাৰ বাবে বনবিভাগৰ লগতে বিভিন্ন ব্যক্তি-সংগঠনে দিন-ৰাতি একাকাৰ কৰিছে৷ সমান্তৰালকৈ বানত আবদ্ধ হৈ অথবা উদ্যানৰ দক্ষিণ দিশৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে আঘাতপ্ৰাপ্ত বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰিছে বনবিভাগৰ দলে৷
হাতী পোৱালি, মাকৰ পৰা বিচ্ছিন্ন গঁড় পোৱালি, হৰিণা আদিকে ধৰি বিভিন্ন বন্যপ্ৰাণী বিভিন্ন সময়ত ইতিমধ্যেই উদ্ধাৰ কৰা হৈছে কাজিৰঙাৰ ভিন্ন এলেকাৰ পৰা৷ এই সন্দৰ্ভত বিভাগীয় ভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি, কাজিৰঙাত এই পৰ্যন্ত মুঠ ৮২ টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে৷ ইয়াৰে ১ টা গঁড় পোৱালি, ১টা জাংগল কেট, ১ ইণ্ডিয়ান হেৰণ, ২ টা অ’টাৰ, ২ টা চাম্বাৰ, ২ টা স্কুপ’চ আউল আৰু বাকী সমূহ পহু৷ আনহাতে, এই ৮২ টা বন্যপ্ৰাণীৰ ৭ টা পহু তত্বাৱধানৰ মাজত থকাৰ সময়ত মৃত্যু হোৱাৰ লগতে ২৩ টা পহুৰ পানীত বুৰি মৃত্যু হয়৷
আনহাতে, ১ টা উটাৰো মৃত অৱস্থাত উদ্ধাৰ কৰা হয়৷ অৰ্থাৎ মুঠ ৮২ টা বন্যপ্ৰাণীৰ ৩১ টাৰ মৃত্যু, ২০ টা চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩১ টা বন্যপ্ৰাণী চিকিৎসা প্ৰদান কৰি পুনৰ মুকলি কৰি দিয়া হৈছে৷ চিকিৎসাধীন হৈ থকা বন্যপ্ৰাণী সমূহৰ ১৫ টা পহু, ১ টা উটাৰ, ১ টা গঁড় পোৱালি, ১ টা জাংগল কেট আৰু ২ টা স্কুপ’চ আউল বুলি তথ্যত প্ৰকাশ৷ ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নি পানীৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে৷