কাজিৰঙাৰ বান পৰিস্থিতি
১৭০ টাতকৈ অধিক বনশিৱিৰ এলেকা প্লাবিত
গঁড় পোৱালি উদ্ধাৰ, ৰাজপথত গঁড়ৰ বিচৰণ
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ
বিগত তিনিটা দিন বৃদ্ধিৰ পাছত আজি স্থিৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ জলস্তৰ৷ আজি বিয়লি পৰ্যন্ত বনবিভাগৰ তথ্য অনুসৰি ১৭০ টাতকৈ অধিক বনশিৱিৰ এলেকা বাঢ়নি পানীত বুৰ গৈ থকাৰ বিপৰীতে স্থানান্তৰ কৰা বনশিৱিৰৰ সংখ্যা ৯ টালৈ বৃদ্ধি পাইছে৷
আনহাতে, বিগত তিনি দিনত কাজিৰঙাৰ বিভিন্ন এলেকাৰ পৰা অৰ্ধ শতাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে৷
বানৰ কৱলত পৰি বিভিন্ন বন্যপ্ৰাণী উৱাদিহ হেৰুৱাই উদ্যানৰ দক্ষিণ দিশে ওখ আশ্ৰয়ৰ সদ্ধানত দিহিঙে-দিপাঙে ভ্ৰমি ফুৰাৰ খবৰৰ মাজতে কাজিৰঙাৰ হালধিবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত প্ৰত্যক্ষ কৰা হয় এটা বানাক্ৰান্ত গঁড়ৰ ভয়াৰ্ত বিচৰণ৷ আজি দিনৰ ভাগত কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ দক্ষিণে থকা হালধিবাৰী বুঢ়ী মাই মন্দিৰৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব বিচৰা সময়ত প্ৰত্যক্ষ কৰা হয় গঁড়টো৷ পানীৰ পৰা উঠি আহি ঘাইপথত কিছু সময় ইফাল-সিফাল কৰি অৱশেষত কাৰ্বি আংলঙৰ পাহাৰাঞ্চলৰ সমীপৰ এটা হোলাত আশ্ৰয় লয় গঁড়টো৷ এলেকাটোত গঁড়টোৰ সুৰক্ষাৰ বাবে বনকৰ্মীসকলে পহৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷
ইফালে, বানৰ মাজতে কাজিৰঙাত উদ্ধাৰ কৰা হয় এটা গঁড় পোৱালি৷ আজি সন্ধ্যা কাজিৰঙাৰ হালধিবাৰীত মুমূৰ্ষুু অৱস্থাত গঁড় পোৱালিটো উদ্ধাৰ কৰে বন্যপ্ৰাণী উদ্ধাৰ ও পুনঃসংস্থাপন কেন্দ্ৰৰ এটা দলে৷ ডেৰবছৰীয়া পোৱালিটো উদ্ধাৰ কৰি ইতিমধ্যে কেন্দ্ৰলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে৷