সাহিত্য চৰ্চাৰ গোট সাহিত্য অন্বেষণৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উপেলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা অনলাইন ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ
অসমীয়া সাহিত্য চৰ্চাৰ অন্যতম গোট ‘সাহিত্য অন্বেষণে’ বিষ্ণু ৰাভা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা অনলাইন ৰচনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাখনিৰ ফলাফল গুগল মিটৰ জৰিয়তে ২৯ জুনত ঘোষণা কৰা হয়।
সাহিত্য অন্বেষণৰ সভাপতি কেশৱ কুমাৰ শইকীয়া, মুখ্য সম্পাদক দৃষ্টিৰূপা বৰদলৈ, সাধাৰণ সম্পাদক দীপজ্যোতি বৰদলৈ আৰু ধনমনি দাৰফাঙৰ লগতে অন্বেষণ গোটৰ সদস্য আৰু প্ৰতিযোগী সকলক একত্ৰিত কৰি বিচাৰকৰ আসনত থকা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা সুমন্ত ৰাজবংশীয়ে গুগল মিটত ফলাফল সমূহ ঘোষণা কৰে।
তেখেতে প্ৰতিযোগী সকলক উদ্দেশ্যি কয় যে আজিৰ নৱপ্ৰজন্মই এনেদৰে আগবাঢ়ি যোৱাত তেখেত অতিশয় আনন্দিত। যিহেতু আমাৰ ভাষা সংস্কৃতিক জীয়াই ৰাখিবলৈ আজিৰ নৱপ্ৰজন্মই উঠিপৰি লাগিছে। এই প্ৰতিযোগিতা খনত ‘ক’ শাখাত প্ৰথম স্থান লাভ কৰে যোৰহাটৰ নৰেন শইকীয়া, যুটীয়া ভাবে দ্বিতীয় স্থান লাভ কৰে জামুগুৰি হাটৰ নিহাৰিকা বৰা আৰু ৰিকি কোচ, তৃতীয় স্থান লাভ কৰে শুৱালকুচিৰ সুৰুজজ্যোতি দাস আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে বঙাইগাঁওৰ তৃষ্ণা দেৱীয়ে।
‘খ’ শাখাত প্ৰথম স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ বিকাশ শৰ্মা বৰুৱা, দ্বিতীয় স্থান লাভ কৰে বাইহাটা চাৰিআলিৰ ধৰ্মেন্দ্ৰ বৰুৱা আৰু তিনিচুকীয়াৰ পৰীস্মিতা ভূঞাঁ, তৃতীয় স্থান লাভ কৰে যুটীয়া ভাবে গোলাঘাটৰ ৰেখা বৰা আৰু নীলিমা দেৱীয়ে। উক্ত অনুষ্ঠানৰ আঁত ধৰে সাহিত্য অন্বেষণৰ যুটীয়া সম্পাদক ধনমনি দাৰফাঙে।
সভাপতিৰ একাষাৰ মন্তব্য দাঙি ধৰে সাহিত্য অন্বেষণ গোটৰ সভাপতি কেশৱ কুমাৰ শইকীয়াই।
ফলাফল ঘোষণা কৰাৰ লগতে এক কবিতা পাঠৰ অনুষ্ঠানো গুগল মিটৰ জৰিয়তে সম্পন্ন হয়। কবিতা পাঠ কৰে ডিম্পল হাজৰিকা, ভাস্কৰজ্যোতি কুটুম, জাহ্নৱী ডেকা, সমুজ্জ্বল ডেকা , অন্তৰীপ কাকতি, অবিনাশ বৰাৰ লগতে আৰু বিভিন্নজনে৷