গৌতম বুদ্ধ
আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা। বুদ্ধদেৱৰ প্ৰেম, শান্তি, অহিংসা, দয়া আৰু কৰুণাৰ আদৰ্শই সকলোকে উদ্বুদ্ধ কৰে।
ভগৱান বুদ্ধৰ জন্ম আৰু মৃত্যুৰ তাৰিখ আৰু সময় অনিশ্চিত যদিও অনুমান কৰা হয় যে তেওঁ খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ আৰু চতুৰ্থ শতিকাৰ আছিল। নেপালৰ লুম্বিনীত ৰাজকুমাৰ হিচাপে জন্মগ্ৰহণ কৰি ৰাজকীয় বিলাসিতাৰে ডাঙৰ হোৱা সিদ্ধাৰ্থই এদিন মানৱ জীৱনৰ পীড়া, ৰোগ, বৃদ্ধত্ব আৰু মৃত্যু সম্পৰ্কীয় অনুসন্ধিৎসুতাৰে ইয়াৰ উত্তৰ বিচাৰি ওলাই গৈছিল ৰাজপ্ৰসাদৰ পৰা।
জ্ঞানতত্ত্বৰ অন্বেষণৰ উদ্দেশ্যে তেওঁ গভীৰ ধ্যানত মগ্ন হৈছিল। এদিন ৰাতি তেওঁ বিচৰা সকলো উত্তৰ লাভেৰে জাগ্ৰত হৈছিল ধ্যানৰ পৰা। এনেদৰেই ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ হৈ পৰিল গৌতম বুদ্ধ বা জাগ্ৰত ব্যক্তি। জীৱনৰ বাকী সময়ছোৱাত, তেওঁ আন লোকসকলক জ্ঞানৰ পথত আগুৱাই নিয়াৰ বাবে ধৰ্মপ্ৰচাৰ কৰিছিল। উত্তৰ প্ৰদেশৰ কুশীনগৰত গৌতম বুদ্ধই ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
কোৱা হয় যে গৌতম বুদ্ধৰ জীৱনৰ তিনিওটা গুৰুত্বপূৰ্ণ ঘটনা – তেওঁৰ জন্ম, জ্ঞান প্ৰাপ্তি আৰু মহাপৰিনিৰ্বাণ– বছৰটোৰ একেদিনাই পৰে। এই ঘটনাৰ বাবে, বৌদ্ধ ধৰ্মত এই দিনটো যথেষ্ট মহত্ত্বপূৰ্ণ । এই দিনটোৱেই হৈছে বুদ্ধ পূৰ্ণিমা।
বহাগৰ পূৰ্ণিমা তিথিত বুদ্ধৰ জন্ম জয়ন্তী উদযাপনৰ সিদ্ধান্ত ১৯৬০ চনৰ মে মাহত বৌদ্ধসকলৰ বিশ্ব ফেলোশ্বিপে গ্ৰহণ কৰিছিল।
পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ এই বিশেষ দিনটোত সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা।
সংগ্ৰহ আৰু সম্পাদনাঃ গীতিৰেখা দত্ত