কাজিৰঙালৈ মুখ্যমন্ত্ৰী
থলুৱাক উচ্ছেদ কৰা, হাতীদণ্ডী বন্ধ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিষয়ে কি ক’ব মুখ্যমন্ত্ৰীয়ে?
কি ক’ব প্ৰকৃতিপ্ৰেমীয়ে?
প্ৰকাশ শৰ্মা, গোলাঘাট, ১৪ জুনঃ ১৫ জুন শনিবাৰে কাজিৰঙালৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। কাজিৰঙাৰ আগন্তুক বানপানী, চোৰাং চিকাৰী প্ৰতিৰোধকে ধৰি ভালেকেইটা বিষয় আলোচনা কৰিব। কিন্তু, এই কেইদিনত সৰ্বাধিক চৰ্চিত বিষয় হিচাপে দেখা পোৱা, থলুৱাক উচ্ছেদ প্ৰসংগ তথা পঞ্চতাৰকা হোটেল নিৰ্মাণৰ দিশত কিবা আলোচনা হ’ব নে নহয় সেই বিষয়ে জানিব পৰা হোৱা নাই।
বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ সৈতে জড়িত বৃহৎ জৈৱ বৈচিত্ৰ তথা জীৱকুলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ হকে অহৰ্নিশে কাম কৰা বুলি সততে দাবী কৰি অহা তথাকথিত প্ৰকৃতি সংগঠন সমূহৰ চকুৰ সন্মুখতেই এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ পৰ্যটন বিভাগে নিঃশেষ কৰিবলৈ ওলাইছে কাজিৰঙাত বন্যহস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি। কিয়নো, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত শীঘ্ৰেই স্থাপন হ’বলৈ গৈ আছে তিনিখনকৈ অত্যাধুনিক পঞ্চতাৰকা হোটেল। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ আতিথ্যত টাটা গ্ৰুপ আৰু হায়াত গ্ৰুপৰ অংশীদাৰিত্বত পৰিকল্পনা কৰা হৈছে তিনিখনকৈ হোটেল নিৰ্মাণৰ। অলপতে কাজিৰঙাত উপস্থিত হৈ প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে এই ঘোষণা কৰিছিল ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উদ্দেশ্য হৈছে — “অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ ঘটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পঞ্চতাৰকা হোটেলৰ সংযোজনেৰে এক নতুন মাত্ৰা প্ৰদান কৰা”, লগতে শিক্ষিত অসমীয়া তথা স্থানীয় যুৱক যুৱতীৰ কৰ্ম-সংস্থাপনৰ বাট মুকলি কৰা। উল্লেখযোগ্য, চলিত বৰ্ষৰ জুন-জুলাই মাহতে তিনিওটা আতিথ্য প্ৰকল্পৰ শিলন্যাস সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে যো-জা চলাইছে চৰকাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৰ কাৰ্বি পাহাৰৰ দাঁতিৰ ইংলেপথাৰৰ প্ৰায় ৬০ বিঘা কৃষি ভূমি আৰু কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণভূমি হাতীখুলিত নিৰ্মাণৰ যো-জা চলিছে ব্যক্তিগত খণ্ডৰ “গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেল”ৰ।
যাৰ বাবে এতিয়া কৃষকৰ অগোচৰেই এস্কেভেটৰ দি ভাঙি দিয়া হৈছে থলুৱা কৃষকৰ বাসগৃহ। এই অভিযোগ কাজিৰঙাৰ হাতীখুলি-ৰঙাজানৰ স্থানীয় কৃষকসকলৰ। স্থানীয় কৃষক শ্ৰমিকৰ অভিযোগ মতে, ভূমি অধিগ্ৰহণ সন্দৰ্ভত বোকাখাত মহকুমা প্ৰশাসনে বৰ্তমানলৈকে কৰা নাই আইন অনুসৰি ৰাজহুৱা শুনানিৰ ব্যৱস্থা। আনহাতে, বোকাখাত মহকুমা প্ৰশাসনে দিয়া জাননী সন্দৰ্ভত স্থানীয় কৃষকসকলে মহকুমা প্ৰশাসনক সাক্ষাৎ কৰিবলৈ যাওতেও এক কৌশলী স্থিতিহে গ্ৰহণ কৰি অহাৰ অভিযোগ উঠিছে বোকাখাত মহকুমা প্ৰশাসনৰ বিৰুদ্ধে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, উক্ত ইংলেপথাৰৰ বিস্তীৰ্ণ কৃষি পথাৰত বন্যহস্তীৰ লগত সহাৱস্থান কৰি হাতীখুলি-ৰঙাজানৰ ৪৫ টাৰো অধিক কৃষক পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি আহিছে কৃষিকাৰ্য। আনহাতে, কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণস্থলী হিচাপে পৰিচিত এই ইংলে পথাৰ। যাৰ ফলত ইংলে পথাৰত বিলাসী “গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেল” নিৰ্মাণৰ লগে লগেই এফালে যদি হাতীখুুলি-ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈতৃক ভূমিৰ অধিকাৰ আনফালে বন্যহস্তীকুলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী। লক্ষণীয় কথাটো হ’ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰৰ সুৰক্ষা আৰু ইয়াৰ দাঁতি কাষৰীয়া জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অজুহাততে একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনে লাভ কৰি আহিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ পুঁজি। কিন্তু, এইসমূহ তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠনৰ নাকৰ তলতেই কাজিৰঙাত অবাধ হাৰত প্ৰকৃতি ধ্বংস আৰু বন্যজীৱকুলৰ বিচৰণ ক্ষেত্ৰৰ ধ্বংসযজ্ঞ চলি থকাৰ পাছতো ৰহস্যজনক ভাৱে নীৰৱ এই সমূহ সংগঠন।
অৱশ্যে ৰাইজৰ এই অভাৱ অভিযোগ কালিলৈ কাজিৰঙালৈ আহিব লগা মুখ্যমন্ত্ৰীক স্থানীয় প্ৰশাসনীয় বিষয়া সকলে অৱগত কৰে নে নকৰে এয়া চিন্তনীয় বিষয়। আনহাতে, এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে কি ক’ব সিও লক্ষণীয় হ’ব।