কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী

কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী

উদ্ধাৰ সজীৱ গুলীসহ ৰাইফল

বুবুল দত্ত, বোকাখাত, ৰাইজৰ খবৰ ডিজিটেলঃ কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত হৈছে এজন চোৰাং চিকাৰী। আনহাতে, ঘটনাস্থলীৰ পৰা উদ্ধাৰ সজীৱ গুলীসহ এটা ৰাইফল। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত শুক্ৰবাৰৰ নিশা সংঘটিত হৈছে এই ঘটনা।

কাজিৰঙাৰ বন কৰ্তৃপক্ষই জনোৱা অনুসৰি, আগৰাতলী বনাঞ্চলৰ ৰঙামটীয়াৰ এৰাসুঁতি বন শিৱিৰৰ ওচৰত শুক্ৰবাৰে নিশা চোৰাং চিকাৰী আৰু বনৰক্ষীৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড গুলীয়াগুলী। ইয়াৰ পাছতে শনিবাৰে এজন গুলীবিদ্ধ লোকৰ মৃতদেহ উক্ত স্থানত উদ্ধাৰ কৰে বনৰক্ষীয়ে। বনবিভাগৰ সূত্ৰই লগতে জনোৱা অনুসৰি, তিনিদিনৰ পূৰ্বেই ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ পৰা কাজিৰঙাত চোৰাং চিকাৰী সোমোৱাৰ উমান পাইছিল উদ্যান কৰ্তৃপক্ষই। যাৰ বাবেই তিনি-চাৰিজনীয়া চোৰাং চিকাৰীৰ দলটোৰ বিৰুদ্ধে উদ্যানৰ অন্তৰ্ভাগত এম্বুছ কৰি আছিল বনবিভাগৰ দলে। শুক্ৰবাৰে নিশা ৰঙামটীয়াৰ এৰাসুঁতি বন শিৱিৰ এলেকাত দলটোক দেখা পাই বনৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও চোৰাং চিকাৰীৰ দলটোৱে বনৰক্ষীৰ দললৈ বুলি গুলীচালনা কৰে। বনৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়াত এজন চোৰাং চিকাৰীৰ মৃত্যু ঘটে।

আনহাতে, চোৰাং চিকাৰীৰ দলটোৰ আন দুই-তিনিজন সদস্যই গভীৰ অৰণ্যত আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বনবিভাগে। আত্মগোপন কৰা চোৰাং চিকাৰীৰ সদস্যক ধৰিবৰ বাবে দ্ৰোণ ব্যৱহাৰ কৰি অভিযান অব্যাহত ৰাখিছে কাজিৰঙাৰ বনবিভাগে। শনিবাৰে পুৱা ঘটনাস্থলীৰ পৰা এজন চোৰাং চিকাৰীৰ গুলীবিদ্ধ মৃতদেহ বনবিভাগৰ লোকে উদ্ধাৰ কৰাৰ লগতে এটা পইণ্ট থ্ৰী ওৱান ফাইভ ৰাইফল তথা তিনিজাঁই সজীৱ গুলী আৰু দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। ইয়াৰ পাছতে পুৱা বোকাখাতৰ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ কাজিৰঙা বনবিভাগে আৰক্ষীক হস্তান্তৰ কৰে। আনহাতে, ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। বাতৰি যুগুতাই থকা পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস