কাজিৰঙাত জৈৱ বৈচিত্ৰ দিৱস পালন
ৰাইজৰ খবৰ ডিজিটেল ডেক্স, কাজিৰঙা, ২২ মে’। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ এই বিশেষ দিনটোত দ্য কৰবেট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাত উদযাপন কৰা হয় বিশ্ব জৈৱ বৈচিত্ৰ দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই সহযোগ কৰা এই দিৱস উদযাপনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠান আয়োজনেৰে জৈৱ বৈচিত্ৰ সংৰক্ষণ সজাগতাৰ প্ৰয়াস প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংস্থাটোৰ।
কাজিৰঙাৰ কহঁৰাস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত এই দিৱসৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কাজিৰঙাৰ কাষৰীয় বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই দিৱসৰ কাৰ্যসূচীত প্ৰকৃতিপ্ৰেমী তথা জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই অডিঅ’-ভিজুৱেল মাধ্যমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি জৈৱ বৈচিত্ৰতা, ইয়াৰ প্ৰকাৰ, গুৰুত্ব আদিৰ বিষয়ে অৱগত কৰে।
কৰবেট ফাউণ্ডেচনৰ প্ৰকল্প সমন্বয়ক দিব্যজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা° নবীন পাণ্ডে, কহঁৰা বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সাংবাদিকসকল উপস্থিত থাকে।