কিমান ভয়াবহ হ’ব পাৰে ধঁপাত?
ধঁপাত সেৱনে কিমান ভয়াবহ ক্ষতি কৰিব পাৰে সেয়া আপুনি হয়তো কল্পনাই কৰিব নোৱাৰে। সেই বিষয়ে গুৱাহাটীৰ ভৰলুমুখৰ পাৰ্ল ৩২ ক্লিনিকৰ দন্ত ৰোগ বিশেষজ্ঞ ডা: দিলীপ শেঠিয়াই আগবঢ়াইছে কিছু গুৰুত্বপূৰ্ণ তথ্য।
৩১মে’, বিশ্ব ধঁপাত বিৰোধী দিৱস। বিশ্ববাসীক ধঁপাতৰ পৰা হোৱা ৰোগ সম্পৰ্ক সজাগ আৰু সতৰ্ক কৰিবলৈ এই দিৱসৰ আয়োজন কৰি অহা হৈছে। বিশ্বত প্রতি বছৰে ধঁপাত সেৱনৰ ফলত ৮ নিযুত লোকৰ মৃত্যু হয়। ইয়াৰে ৭ নিযুত লোকৰ প্ৰত্যক্ষ সেৱণৰ ফলত মৃত্যু হয়। ১ নিযুত বেছি লোকৰ ধঁপাত সংস্পৰ্শৰ বাবে মৃত্যু হয়। এনে এখন ভায়াবহ ছবি প্ৰত্যক্ষ কৰাৰ পিছতো মানুহে ধঁপাত সেৱন কৰে। মানুহৰ মাজত ব্যাপক সজাগতা বৃদ্ধি কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮৮ চনৰ পৰা বিস্ব ধঁপাত বিৰোধী দিৱস পালন কৰি আহিছে। ভাৰতত মৃত্যু হোৱা প্ৰতি ১০ জনৰ ভিতৰত এগৰাকীৰ মৃত্যুৰ কাৰণ ধূম্ৰপান।
ধূমপানৰ লগতে পাণ, গুটখা, জৰ্দা আদিয়ে হৈছে সাধাৰণতে সহজে উপলব্ধ ধঁপাত। ধঁপাত দুই ধৰণৰ – এবিধ ধূমপান আৰু আনবিধ চোবাই খোৱা। ধূমপান অথবা গুটখা যিয়ে নহওঁক কিয় এইবোৰ সেৱন কৰা মানেই বিপদ। চাধা আদিতো ধঁপাত পোৱা যায়। আজিকালি একাংশ তাৰকা অভিনেতা-অভিনেত্ৰী আদিয়ে এইবোৰৰ বিজ্ঞাপন কৰাৰ ফলত নৱপ্ৰজন্ম ইয়াৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিছে। প্ৰথমতে চখ হিচাপে ধঁপাত সেৱন আৰম্ভ কৰে যদিও পিছলৈ অভ্যাসত পৰিণত হয়। লাহে লাহে এৰিব নোৱাৰা অৱস্থা হয়।
দীৰ্ঘদিন ধৰি যদি কোনো লোকে ধঁপাত সেৱন কৰে তেতিয়া মুখৰ ভিতৰত বেছিকৈ ক্ষতি হয়। কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি অন্যান্য সমস্যাই দেখা দিব পাৰে। বহুতো লোকে চাধা একে ঠাইতে সদায় দীৰ্ঘ সময় দাঁত আৰু আলুৰ মাজত ৰখাৰ ফলত মুখত গাত হয়। যদি সময়মতে উপযুক্ত চিকিৎসা নকৰে তেতিয়াহ’লে পিছলৈ কৰ্কট ৰোগ আদি হ’ব পাৰে। অ’ৰেল ছাবমিউকাছ ফাইব্ৰোছিছ আদি হব পাৰে।
কিমান ভয়াবহ হ’ব পাৰে ধূমপান সেইবিষয়ে জানি লওক।
কৰ্কট ৰোগ হোৱাৰ আশংকা —
ভাৰতত ধঁপাত সেৱন কৰা সকলৰ ভিতৰত বেছিকৈ হয় কৰ্কট ৰোগ। এনে অভ্যাসৰ ফলত দেখা যায় যে হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্তৰ ৯০ শতাংশৰ কৰক হিচাপে কৰ্কট ৰোগ চিহ্নিত হৈছে ।
বেছিকৈ গুটখা বা তামোল খালে দাঁতৰ এনামেলটো পাতল হৈ নাইকিয়া হ’বলৈ আৰম্ভ কৰে, ফলত কিবা বস্তু খালে তাৰ ভিতৰত সোমাই যায় । এইবোৰ বেছি সেৱনৰ ফলত দাঁতসমূহৰ মাজৰ যিটো যোগসূত্ৰ থাকে সেয়া নোহোৱা হয়। ফলত তামোল, গুটখা আদি দাঁতৰ মাজত ৰৈ যায়। বহুতে এইবোৰ দাঁতৰ মাজৰ পৰা খুচৰি-খুচৰি উলিয়াই থাকে। বহুতেটো সেই গুটখাৰ পেকেটোৰেও খুচৰি থাকে। এনেকৈ খুচৰি থকাৰ বাবে দুটা দাঁতৰ মাজৰ যিটো ব্যৱধান সেইটো বৃদ্ধি পায়।
গুটখা-তামোল আদিৰ কাৰণে সঘনাই আলচাৰৰ বা ঘাঁৰ সমস্যাও হ’ব পাৰে।
অ’ৰেল ছাবমিউকাছ ফাইব্ৰোছিছ —
যেতিয়া কোনো এগৰাকীক ব্যক্তিয়ে খাদ্য খালেই মুখৰ ভিতৰত জ্বলা-পোৰা অনুভৱ কৰে আৰু লাহে লাহে মুখ মেলোতে অসুবিধা অনুভৱ কৰে তেতিয়া এই অৱস্থাক কোৱা হয় অ’ৰেল ছাবমিউকাছ ফাইব্ৰোছিছ । যদিহে সময়মতে চিকিৎসা কৰা নহয় তেন্তে কৰ্কটৰোগ হোৱাৰ আশংকা থাকে।
ভাৰতত গড় হিচাপত প্ৰতি ৬ শতাংশ লোকে এই সমস্যাত আক্ৰান্ত। প্ৰাৰম্ভিক পৰ্যায়ত যদি ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে পিছলৈ জটিল হোৱাৰ আশংকা থাকে।
ষ্ট্ৰোক হোৱাৰ আশংকা —
ধঁপাতত থকা নিকোটিনে মস্তিষ্কৰ ওপৰত প্ৰভাৱ পেলায়। স্মৃতিশক্তি আৰু বোধশক্তিত প্ৰভাৱ পেলোৱাৰ ফলত স্বাভাবিক জীৱনত ব্যাঘাত জন্মায়। নিকোটিনে মস্তিষ্কত কেফেইনৰ দৰে প্ৰভাৱ পেলায়।
মানসিক চাপ —
গৱেষক সকলৰ মতে,ধঁপাত বেছি পৰিমানে সেৱন কৰাৰ ফলত নিজৰ অজ্ঞাতে মানসিক চাপ বৃদ্ধি পাবলৈ ধৰে। অৱশ্যে এনে অভ্যাস ত্যাগ কৰাৰ পাছত চাপ হ্ৰাস পায়। আজিকালি কম বয়সতে হোৱা এনে চাপৰ আঁৰত ধঁপাতৰ ব্যৱহাৰ বুলি কোৱা হয়।
ভূগিব পাৰে যৌন অক্ষমতাত —
সাম্প্ৰতিক সময়ত প্ৰায়ভাগ মানুহে যৌন ক্ষমতা হ্ৰাস পোৱা বুলি কয়। যিসকলে নিয়মীয়াকৈ ধূমপান কৰে তেওঁলোক সহজে এনে সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা থাকে।
জানি থওক —
- এটা চিগাৰেট সেৱন কৰিলে এগৰাকী ব্যক্তিৰ সাত মিনিট আয়ুস হ্রাস পায়। কথাটো ভাৱকচোন। এই হিচাপত যদিহে কোনো ব্যক্তিয়ে নিতৌ এপেকেট চিগাৰেট সেৱন কৰে তেতিয়াহ’লে এঘণ্টা আয়ুস কমিব। তেওঁৰ স্বাভাৱিক আয়ুসতকৈ ১৫ বছৰ আগতে মৃত্যু হ’ব।
- দুগৰাকী ধূমপায়ীৰ ভিতৰত এগৰাকীৰ মৃত্যু হ’ব ।
- প্ৰতি বছৰে ভাৰতত ১০ লাখ লোক কেন্সাৰত আক্ৰান্ত হৈ মৃত্যুক্ষণ গণি আছে। এইবোৰৰ অধিকাংশৰ ক্ষেত্ৰতো মূল কাৰণ হিচাপে চিহ্নিত হৈছে ধূমপান।
- নিতৌ ১০ টাকৈ চিগাৰেট সেৱন কৰাসকলৰ মৃত্যুৰ আশংকা ৭০ শতাংশ বৃদ্ধি পায়।
- এটি চিগাৰেট জ্বলোৱাৰ পাছত বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত কম-বেছি পৰিমাণে ৪,৫০০ ধৰণৰ বিষাক্ত পদাৰ্থ উৎপন্ন হয়। ইয়াৰ ভিতৰত অধিকাংশ পদার্থই হ’ল ‘কাৰ্ছিনোজেন’।
- ধূমপায়ীসকলৰ ছাবমিউকোছেল ফাইব্ৰ’ছিছ হোৱাৰ আশংকা বৃদ্ধি পায়, ধূমপায়ীৰ জিভাত বগা বগা দাগ পৰাটোৱে এই ৰোগৰ অন্যতম লক্ষণ। কিছুমানৰ জিভাত ঘাঁ হয় আৰু এনে ঘাঁ সাধাৰণভাৱে চিকিৎসা কৰিলে উপশম নহয়।
- ভাৰতত ১৩-১৫ বছৰৰ ল’ৰা-ছোৱালীৰ ভিতৰত ১৪.১ শতাংশই নিতৌ ধূমপান কৰে।