ক’ত ক’ত আছে অমৃত বৃক্ষ আঁচনিৰ গছ।
যাদৱ পায়েঙ, গ্ৰাছ, জিতু শইকীয়াৰ দৰে ব্যক্তি সংগঠনক দায়িত্ব দিলেহে সফল হ’ব চৰকাৰী আঁচনি।
বিশেষ প্ৰতিবেদক, ৰাইজৰ খবৰ ডিজিটেলঃ জেঠৰ বাৰ খৰে দহিছে সৰ্বত্ৰ। ৩৯-৪০ ডিগ্ৰী উষ্ণতাত ব্যাহত জনজীৱন।এই সময়তে সকলোৱে উপলদ্ধি কৰিছে গছৰ অভাৱ। “গছ থাকিলেহে মানুহ থাকিব” এই সত্যক উপলদ্ধি কৰিছে সকলোৱে। এতিয়া বিশেষকৈ চৰ্চালৈ আহিছে অমৃত বৃক্ষ আঁচনিৰ কথা। গছপুলি ৰোপণক এক আন্দোলন হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে বিশাল তথা অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল। অসমত একেদিনাই এক কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল চৰকাৰে। বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত যোৱা বছৰ ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত এক কোটি গছপুলি ৰোপণ কৰিছিল। এই কাৰ্যসূচীক ‘অমৃত বৃক্ষ আন্দোলন’ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিছিল তিনিশ কোটি টকা। লক্ষণীয় বিষয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ বন বিভাগে প্রায় ৩০ হাজাৰ হেক্টৰ ভূমিত ৰোপণ কৰা বৃক্ষৰ অস্তিত্বৰ বিষয়ে এতিয়া প্ৰশ্ন উঠিছে। এই গছ পুলিখিনিৰ বিষয়ে এতিয়া কোনো অৱগত নহয় যদিও অন্ততঃ তিনি বছৰলৈ ৰোপণ কৰা গছপুলি যাতে সুৰক্ষিত হৈ থাকে সেই কথা নিশ্চিত কৰিবলৈকে ৩০০ কোটি টকা খৰচ কৰিছিল। প্ৰতিজোপা গছ প্ৰতিপালনৰ বাবত দুশ টকাকৈ ২০০ কোটি সহ মুঠ ৩০০ কোটি টকা ব্যয় কৰিছিল ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনেৰে অভিলেখ সৃষ্টি কৰিব বিচৰা এই প্ৰচেষ্টাৰ প্ৰতি ৰাইজে সঁহাৰি জনাবলৈ আগবাঢ়ি আহিছিল। কিন্তু এতিয়া এই পুলি সমূহ ক’ত কেনেকৈ ডাঙৰ হৈছে তাৰ কোনো তথ্য নাই। প্ৰকৃততে এই কাম কৰিবলৈ দিব লাগিছিল গছ আৰু প্ৰকৃতিক ভালপোৱা, গছক আই বুলি ভবা ব্যক্তি সংগঠনৰ হাতত। পদ্মশ্ৰী যাদৱ পায়েঙে যিদৰে নিজা সামৰ্থৰে “মোলাই কাঠনি” গঢ়ি তুলিছিল, চৰকাৰে আহ্বান জনোৱা হ’লে, আৰ্থিক ভাৱে সহায় কৰা হ’লে, বিশ্ব ৰেকৰ্ড হওঁক বা নহওঁক, এদিন কিন্তু সেউজীয়া গছ আৰু অৰণ্য অসমত গঢ়ি উঠিল হেঁতেন। আমাৰ চকুৰ আগতে বোকাখাতৰ “গ্ৰাছ” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৰোৱা বহু পুলিয়ে এতিয়া বৃক্ষৰ ৰূপ ল’লে। জীৱশ্ৰেষ্ঠই অপকাৰ নকৰা হ’লে অধিক গছ বোকাখাত বাসীয়ে পালে হেঁতেন। আন এগৰাকী গছ ভালপোৱা যুৱ সমাজকৰ্মী জিতু শইকীয়াই ৰজাবাৰী কুৰুৱাবাহী সংযোগ পথত এক কিলোমিটাৰ জুৰি ৰোৱা শতাধিক গছ পুলিৰ ৯৫ ভাগ গছ পুলি বৃক্ষলৈ উন্নীত হোৱাৰ দিশে।২০২১ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰোপণ কৰা এই খিনি গছপুলি অবিৰত পৰ্যবেক্ষণ, পৰিচৰ্যা আৰু সুৰক্ষাৰ ব্যৱস্থা নিজেই কৰি আহিছে জিতু শইকীয়াই। জিতু শইকীয়াৰ সপোন সাকাৰ হৈছে। এনে আগ্ৰহী প্ৰকৃতিপ্ৰেমী সংগঠন,যি সমূহে গছপুলি ৰুই, প্ৰতিপালনেৰে বৃক্ষলৈ উন্নীত কৰিছে, যিসকলে একক প্ৰচেষ্টাৰে চকুত লগাকৈ এনে কাম কৰি আহিছে, চৰকাৰে এই সকলক আৰ্থিক সকাহ প্ৰদান কৰি উৎসাহিত কৰিলেহে প্ৰকৃত উদ্দেশ্য সফল হ’ব।