কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা

কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা


ভোক

ঙলাডাল মেৰেককৈ উঠাৰ শব্দত বাপধনে চকামকাকৈ সাৰপাই বিছনাতে বহি উমান ল’লে। কিহৰ বা শব্দ হ’ল। চোতালখনত এচোতালহৈ ধানৰ ডাঙৰিবোৰ পৰি আছে। পথাৰৰপৰা চপাই-কোঁচাই অনা হ’ল যদিও এতিয়াও মৰণা মাৰি শেষ কৰিবগৈ পৰা নাই। পুহৰ জাগলটোলৈহে ভয়! কেনেবাকৈ ধৰিব লাগিলে ধানৰ মুঠিবোৰ তিতি আইধা পৰিব। বাপধন বিছনাৰপৰা নামি লাহেকৈ দুৱাৰৰ কাষ পালেগৈ। দুৱাৰ খুলি ওলাই যাবলৈও শংকা। কিজানিবা সেইজনাই আহিছে! মানুহজনীও তাৰ পাছে পাছে আহি দুৱাৰৰ কাষত থিত্ দি কিনো বুলি গম ল’লে। মচক মচককৈ ধানৰ মুঠি খোৱাৰ শব্দত দুয়োৰে আৰু বুজিবলৈ বাকী নাথাকিল যে সেইজনাই আহি তাহাঁতৰ চোতালত ভৰি থৈছেহি। আজি কেইবছৰমান ধৰি বাবা সকলে পথাৰত বৰ অনিষ্ট কৰিবলৈ লৈছে। সেয়ে কোনো কোনোৱে আধা পকা ধানকে কাটি আনি চোতাল পোৱাইছেহি। বাপধনে লাহেকৈ টৰ্চটো জ্বলাই মাকক মাতিলেগৈ। মাক দেউতাকৰ লগতে ল’ৰা ছোৱালী দুটাও আহি দুৱাৰৰ কাষত থুপ খালেহি। মাকে চাকিটো জ্বলাই ডলা এখনত ধূপ, চাকি, কল দুআষিমান, চাউল এদোনমানেৰে সজাই দুৱাৰখন খুলি ওলাই আহিল। গোটেইখন ঘোপমৰা আন্ধাৰ। গাৰ ছাঁটোকো দেখা পোৱা নাই। চাকিগছৰ খীণ পোহৰত বৃহদাকায় অবয়বটো জিলিকি উঠিল। ভোকতে চাগৈ মকৰামকৰে ধানৰ মুঠিবোৰ চোবাই আছে। সন্মুখত ইমান ডাঙৰ বাবাজনাক দেখি তাহাঁতৰ বুকু কঁপি উঠিল যদিও পুহমহীয়া জাৰত থকথককৈ কঁপি কঁপি আটাইকেইটাই চোতালত আঁঠু ল’লে। ধানৰ মুঠিবোৰ একান্তমনে খাই থকা বাবাজনলৈ মাকে কৰযোৰে সেৱা কৰি ডলাখন আগবঢ়াই দি বিৰবিৰাই প্ৰাৰ্থনা এটি গালে। দেউতাকৰ লগতে বাপধনহঁতেও মাকৰ সৈতে সেৱা ল’লে। তাহাঁতৰ চকু মেল নাখাওঁতেই বাবাজনাই ডলাখনত থকা চাউল আৰু কল দুআষি খাই লাহে লাহে ধীৰ গতিৰে অহা বাটে আঁতৰি গ’ল।

  • Related Posts

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন