কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা

কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা


ভালপোৱা

— মনালিছা শইকীয়া, বোকাখাত।

:হেল্ল’
:কোৱা
:কি ক’ম
:তেনে থোৱা
:কিয়
:কি কিয়! সকলো কিয়ৰ উত্তৰ থাকে জানো?
:তোমাৰপৰা ভীষণ সমস্যা
:তেনে সমস্যাৰপৰা দূৰত থাকা। সমস্যাবোৰচোন তোমাৰবাবে কেৱল বিলাস!
:তেনেকৈ নক’বা
:তেনে কেনেকৈ ক’ম! কেনেকৈ কথা ক’লে তুমি বুজি পাবা কোৱাচোন শুনো।
অৰ্ণৱে খঙতে ফোনৰ কানেকশ্যন কাটি দি দোকানীজনক বস্তুকেইটা দিবলৈ কৈ লিষ্টখন উলিয়াই ল’লে। পুৱাতে ঘৰৰপৰা ওলাই আহোঁতেই ভাত দুগৰাহ খোৱা। দিনটো বহুকেইটা কামত ঘূৰি ফুৰোঁতে চাহ দুকাপমান খোৱাৰ বাদে ক’তো একো খোৱাই নহ’ল। কামকেইটা শেষ কৰে মানে আবেলিয়েই হ’লগৈ। লৰালৰিকৈ মাকে দিয়া বস্তুৰ লিষ্টখনত চকু ফুৰাই বস্তু কেইটা লওঁ বুলি ভাবোঁতেই তাৰ বুকুখন ঢিপিং কৈ মাৰিলে। চেহ্ প্ৰণামীলৈ দিনটো এবাৰো ফোন কৰা নহ’ল। বেচেৰীজনীয়ে তাৰ মাতটো শুনাৰ আশাত দিনটো ৰৈ আছিল কিজানি! লগে লগে সি প্ৰণামীলৈ ফোন লগালে। কিন্তু কি হ’ব! প্ৰচণ্ড খঙৰ আবেগৰ ঢৌৱে প্ৰণামীক তেনেই চূৰ্ণ বিচূৰ্ণ কৰি পেলালে। আকৌ দুদিনমানলৈ মাতবোল বন্ধ হৈ থাকিব। বস্তু কেইটা লৈ সি মটৰ চাইকেলখন ঘৰলৈ বুলি ষ্টাৰ্ট দিলে। মনতো অজানিতে দুখেৰে ভৰি পৰিল।
“মই তোক ভালপাওঁ” বুলি শৈশৱৰ লগৰীয়া প্ৰণামীক খেলি থাকোঁতে অৰ্ণৱে এদিন হঠাতে ধেমালিতে কৈ দিছিল। তাই কথাটো সঁচা বুলি ভাবি সামৰি থৈছিল বুকুত। কত দিন মাহ বছৰৰ বুকুৰে পাৰহৈ গ’ল! তাৰ কিন্তু কথাটো অলপো মনত নাথাকিল। বন্দী, পিথু খেলাৰপৰা আৰম্ভ কৰি পঢ়া টেবুলত বহালৈকে প্ৰণামী তাৰ লগৰীয়া আছিল। তাৰ চাকৰি কৰা মাক-পিতাকে প্ৰণামী হঁতৰ ঘৰতে তাক আৰু ককায়েকক থৈ দিনটোলৈ ওলাই গৈছিল। সেয়ে দিনবোৰ, ক্ষণবোৰ সিঁহতৰ বৰ আপোন আছিল। তাৰ সকলো কথাৰে তাই সমান ভাগ পাইছিল। অৱশ্যে মেট্ৰিক পাছ কৰাৰ পাছত সিহঁত দুয়োটাৰে জীৱনৰ বাট সলনি হৈছিল। অৰ্ণৱ উচ্চ শিক্ষাৰবাবে গুৱাহাটী পাইছিলগৈ আৰু তাৰেপৰাই দিল্লী বিশ্ববিদ্যালয়লৈ গৈ স্নাতকোত্তৰ হৈছিলগৈ। পঢ়া-শুনাৰ বোজা আৰু সামাজিক কাম-কাজৰ দায়িত্বই অৰ্ণৱৰ মনৰপৰা হয়তো সেই সামান্য যেন লগা কথাষাৰ তেনেই মোহাৰ খোৱাই পেলালে। সকলো সময়তে হাঁহি ধেমালিৰে সময় কটোৱা অৰ্ণৱ যেতিয়া গাঁৱলৈ উভতি আহিল তেতিয়ালৈ প্ৰণামী এজনী বুজন বয়সৰ অভিজ্ঞ ছোৱালী হৈছিলগৈ। বিগত সময়ছোৱাত বহু ধুমুহা তাইৰ মূৰৰ ওপৰেৰে পাৰহৈ গ’ল। যিবোৰৰ বিষয়ে অৰ্ণৱে গম পাইছিল যদিও তাইক মাত এষাৰৰ বাদে কোনোদিন সহায় নাইবা সকাহ দিব পৰা নাছিল বা তাৰ তেনে অনুভৱো হয়তো হোৱা নাছিল।
কিমাননো বয়স হৈছিল তাইৰ! হঠাতে বহু দায়িত্ব হাত পাতি ল’ব লগা হ’ল। ভাতৰ চৰুৰপৰা বজাৰৰ বেগটো ধৰালৈকে সকলো দায়িত্ব তাইৰ। স্নাতক শ্ৰেণীত নামভৰ্তি কৰোঁতেই সামান্য অসুখতে মাকে চকু মুদিলে। দেউতাক আৰু তাইৰ আৰম্ভ হ’ল নিসংগতাৰে ভৰা অন্য এক জীৱন। সকলো সময়তে মাকৰ অভাৱে তাইক জুৰুলা কৰি ৰাখে। অসুখীয়া দেউতাকৰ একাকিত্ব আঁতৰাবলৈ সকলো সময়তে তাই সচেতনপহৈ থাকিব লাগে। নিজৰ পঢ়া-শুনা, ভালপোৱা কাম-কাজ সকলো বোৰৰে দিক্ সলনি হৈছিল যদিও প্ৰণামীয়ে সেই কথাষাৰ বুকুৰ একোণত বৰ সযতনে সাঁচি ৰাখিছিল। মাজে মাজে কথাটো কিমান সঁচা আছিল বুলি তাই অকলে অকলে ভাবি থাকে। ভাবিলেই মনটো উলাহত নাচি উঠে। হঠাৎ অবাধ্য এসোঁতা চকুলো সৰে। অৰ্ণৱলৈ অজানিতে খং উঠে। জানে তাই সি যে সেই কথাষাৰৰ এক অংশও মনত ৰখা নাই। তথাপিও তাইৰ সীমাহীন আশা অৰ্ণৱে এদিন উপলব্ধি কৰিব সেই কথাষাৰ। উভতি আহিব তাইৰ কাষলৈ অফুৰন্ত প্ৰেমৰ জোলোঙা এটা বান্ধি।
অৰ্ণৱৰ মাকেও তাইক অত্যন্ত মৰম কৰে। মাক নোহোৱা ছোৱালীজনীলৈ বুলি হেঁপাহেৰে ইটো-সিটো সাঁচে। পুৱা-গধূলি নগ’লেই চিঞৰ ধৰে। অৰ্ণৱে পঢ়া সামৰি উভতি অহাৰ পাছতেই সংস্থাপনৰবাবে নিজকে প্ৰস্তুত কৰিলে। বৰ কঠিন সময় আছিল সেয়া। বহুকেইটা ইণ্টাৰভিউৰ পাছত সি এটা মনৰ পছন্দৰ চাকৰি পালে। পুনৰ আকৌ এক নতুন যাত্ৰা। কাম আৰু দায়িত্বৰ হেঁচাত সি বহু কথা পাহৰি গৈছিল যদিও প্ৰণামীক সেই কামৰ ফাঁকে ফাঁকে সি নতুনকৈ চাবলৈ শিকিছিল। তাৰ মাক দেউতাকে বিয়াৰ যোজা চলাইছিল। তাক তাৰ পছন্দৰ কোনোবা আছে নেকি বুলিও সুধিছিল। সি একে আষাৰে নাই বুলি ক’বলৈ লৈও সিদিনাখন থমকি ৰৈছিল। সুদীৰ্ঘকাল পঢ়া-শুনা নাইবা সামাজিক কাম-কাজৰ দায়িত্ববোধে তাৰ মনলৈ প্ৰেমৰ ধাৰণা অনাই নাছিল। তাৰ অসংখ্য বান্ধৱীৰ ভিতৰত সি কাকো প্ৰেমৰ সংজ্ঞাৰে বান্ধি থোৱা নাছিল। সেইদিনা ৰাতি খিৰিকীমুখত বহি বহি বহু সময় সি জোনটো চায়েই কটাই দিছিল। সৰুকালৰ কথাবোৰ তাৰ মনলৈ আহিছিল। পঢ়ি থকাৰ মাজতেযে সি ধেমালিতে প্ৰণামীক কৈছিল ‘মই তোক ভালপাওঁ’ বুলি তাইৰ বাৰু মনত আছেনে! ধীৰ স্থিৰ অৰ্ণৱ চঞ্চলহৈ উঠিল। সেই মুহুৰ্ত্ততে তাৰ এবাৰ প্ৰণামীক লগ পোৱাৰ প্ৰৱল ইচ্ছা জাগিল। সি গভীৰ আগ্ৰহেৰে তাইলৈবুলি ফোন কৰিলে।
দেউতাকক দৰৱখিনি খুৱাই, সকলো কাম-কাজ সামৰি তাই ৰুম পায়হি মানে এঘাৰ বাজিবৰ হ’ল। অৰ্ণৱৰ মিছকলটো দেখি তাই কলবেক কৰিলে। ফোনটো ৰিচিভ কৰিয়েই অৰ্ণৱে তাইক চিধাচিধিকৈ ইমানদিনে বিয়াৰ কথা কিয় ভবা নাই বুলি প্ৰশ্ন কৰিলে। প্ৰণামীৰ বুকুত বহি থকা পাহাৰটোৰ মুধচ খহিল। তাই নিসংকোচে তাক কৈ পেলালে ভালপোৱাৰ কথা। ইমানদিনে সহস্ৰ সমস্যা আওকাণ কৰিও নীৰৱে বুকুত কঢ়িয়াই ফুৰা জোনাকীজাকে তাইক পোহৰৰ বাটলৈ আগবঢ়াই নিলে।

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস