কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
পূৰ্বৰাগ
— মনালিছা শইকীয়া, বোকাখাত৷
আগনিশাৰ টোপনি খতিৰ জাল চকুৰপৰা আঁতৰাই নাছিল। ঘৰৰ ভিতৰলৈকে সোমাই অহা বাহি বিয়াৰ বাহি বাহি গোন্ধটোৱেও পূৰ্বাক আমুৱাইছিল। এখোজ দুখোজকৈ তাই পদূলিমুখ পালেহি। সন্মুখৰ ডাঙৰ ফিল্ড খনৰ সৈতে সৰু স্কুলখনত ফুলবোৰ জকমকাই ফুলি আছে। একেছিয়া, ৰাধাচুড়াৰ শাৰীবোৰে মন মুহি নিছে। দূৰৈৰ পাহাৰবোৰ ৰ'দ পাই নীলা হৈ উঠিছে। কইনা থ'বলৈ যোৱা মানুহবোৰ তেতিয়াও পোৱাহি নাই। তাইৰ মাকো গৈছে কইনা থ'বলৈ। গোটেইখন তেনেই নিমাওমাও, শূন্যতাৰে ভৰা। আলহী অতিথিৰে অতবোৰ মানুহ আছে তথাপি সকলো উদাস! হামিয়াই হিকতিয়াই থমথমকৈ বহাবোৰ বহি আছে, কাম কৰাবোৰে কৰি আছে। সকলোৰে চকু মুখত আলস্যতাৰ চিন সুস্পষ্ট। ছোৱালী এজনী সমাজক সাক্ষী কৰি আন এখন ঘৰলৈ গুছি যোৱাৰ কাৰুণ্যতাৰে ভৰা, উচাহহীন ঘৰ এখনৰ কিছু চলমান ছবি। উদং ৰভাৰ তলখনত, ঘৰৰ ভিতৰখনত কেৱল শূণ্যতা। ঘৰখনৰ একমাত্ৰ ছোৱালী জনী আন এঘৰলৈ উলিয়াই দিয়াত বিয়াবুলি ঢোলে ডগৰে সকলোৱে যিমান স্ফুৰ্টি কৰিলে এতিয়াযেন সেই ছোৱালীজনী আনৰ হ'ল বুলিয়ে সকলো দুখত ভাগি পৰিছে। তাইৰ মাকলৈহে খং উঠিল। আৰু আঠটা দিনৰ পাছত তাইৰ হাইস্কুলীয়া জীৱনৰ শেষৰটো পৰীক্ষা আৰম্ভ হ'ব। তথাপিও মাক দেউতাকৰ একান্ত ইচ্ছাত তাই পাহাৰটোৰ চুকত থকা মাকৰ দূৰ সম্পৰ্কীয় পেহীয়েকৰ একমাত্ৰ ছোৱালীজনীৰ বিয়া খাবলৈ আহিবলৈ বাধ্য হৈছিল। অৱশ্যে মাধান বাইদেউ তাইৰো বৰ মৰমৰ বায়েক। সেয়ে হয়তো তাই পৰীক্ষাৰ চিন্তা কাটি কৰি বিয়ালৈ বুলি দৌৰ মাৰি আহিছিল। এতিয়া বিয়া ভাগিল, বহুতবোৰ মানুহ পুৱাতেই গ'লগৈ। থকাবোৰ সোনকালে নাযায়। তাই কিন্তু যাব লাগিব। মাক আহি পালেই তাই যোৱাৰ ব্যৱস্থা মাকে কৰি দিবহি বুলি কৈ গৈছে। সেয়ে এতিয়ালৈকে মাকহঁত আহি নোপোৱাত পূৰ্বাৰ খং উঠিছে।
চকুৰে দেখা পোৱালৈকে নিৰ্মিলেশ ভাবেৰে পূৰ্বাই চাই থাকিল। দূৰৈত মাকহঁত যোৱা বগা এম্বেচেডৰ গাড়ীখন দেখাৰ লগে লগে পূৰ্বাৰ চকু দুটা উজ্বলি উঠিল। মাকহঁত আহি পোৱাৰ আগেয়েই তাই ভিতৰ সোমাই গ'ল আৰু মামীয়েকৰ কোঠাত থকা তাইৰ সৰু কাপোৰৰ মোনাটোত কিবা ভৰাবলৈ থাকি গৈছে নেকি খুলি চালে। সকলো ঠিকে আছে। এতিয়া লগ এটা হ'লেই তাই যাবগৈ পাৰিব ঘৰলৈ। পেহী আইতাকজনীৰ ঘৰো যে এনে দূৰ্গম ঠাইত! সৱ ফালে কেৱল পাহাৰ আৰু চাহ বাগান। গাড়ী বুলিবলৈ পাথৰ অনা নিয়া কৰা ডাঙৰ ডাঙৰ ট্ৰাক কেইখনহে চলে। হেকেচি মেকেচি আহি থকা ট্ৰাক কেইখন দেখিলে এনে লাগে যেন সেই কেইখন এইমাত্ৰকে পাহাৰত লুটি খাই বাগৰি পৰিব! আৰু চাহ বাগান কেইখন ইমান জয়াল যে এখোজ দিলেই ডিঙিলৈ বাঘে চোঁচা ল'ব যেন লাগে। এই দূৰ্গম অঞ্চলটোত নিৰ্বিঘ্নে যাব পাৰি কেৱল সৰু বিদ্যালয়খনলৈ। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য নিজৰমতে উপভোগ কৰাৰ দু:সাহস ইয়াত কাৰো নাই। কোনেও নিজ ইচ্ছাৰে ইয়াত পাহাৰখনলৈ যাওঁ বুলিলে যাব নোৱাৰে। দিনতেই বনৰীয়া হাতী, বাঘবোৰ পনপনাই ঘুৰি ফুৰে। কেঁচুৱা কালৰে পৰা তাই মাকৰ সৈতে এই ঘৰখনলৈ বহুতবাৰ আহিছে। মাক আৰু মোমায়েকহঁতৰ লগত তাই বহুতবাৰ পাহাৰবোৰৰ কাষলৈ গৈ পাইছে। মাকে আহিয়ে তাইক বিচাৰিলে আৰু কি খালে সুধিলে। সকলোৰে লগতে আগদিনাৰ ঠাণ্ডা ভাত খালোঁ বুলি কোৱাত যেনিবা মাকে সকাহ পালে। তাই যাওঁ যাওঁ লগোৱাত সকলোৱে তাইক থাকিবলৈ জোৰ কৰিছিল। কিন্তু পূৰ্বাই নামানিলে। বেলি আহি মূৰৰ ওপৰ পালেহি। মাকে উপাই নাপায় পেহীয়েকৰ মাষ্টৰ পুতেকটোক পূৰ্বাক থৈ আহিবলৈ কোৱাত চাইকেলখন লৈ তেওঁ ওলাল।
হাতত কাপোৰৰ সৰু মোনাটো লৈ পূৰ্বা ওলাই আহিল। সকলো পদূলি মুখলৈ আগবাঢ়ি আহিল। মাক দুদিনমান থাকিব তাতে। পেহী আইতাকৰ এই মাষ্টৰ পুতেকটো ঘৰখনৰ বাকী মানুহবোৰতকৈ অলপ বেলেগ যেন লাগে পূৰ্বাৰ। মোমায়েক বুলিও সম্বোধন কৰি পোৱা নাই তাই কাহানিও। খেতিয়কৰ ঘৰৰ ল'ৰা যদিও মূৰৰ চুলিৰপৰা ভৰিৰ নখলৈকে চিকচিকীয়া, গাত বগা ক'লা ফিটফিটীয়া চোলা পেণ্ট। সৰুতে তাহাঁত আহি থাকোঁতেও ল'ৰাজনক লগ পোৱা তাইৰ মনত নপৰে। কিছুদিন আগতহে তাহাঁতৰ ঘৰত প্ৰথম লগ পাইছিল তাই ল'ৰাজনক। লগ পাইয়ে ল'ৰাজনে তাইক পাঁচটা প্ৰশ্ন সুধিছিল আৰু উত্তৰ কেইটা শুদ্ধ হোৱাত কৈছিল তুমি মেট্ৰিক পাছ কৰিবা দেই চিন্তা নকৰাকৈ। কালি দ্বিতীয় বাৰ লগ পালে তাই ল'ৰাজনক। বিয়ালৈ মাকহঁত আগতেই গুছি অহাত ল'ৰাজনৰ খুৰাকৰ জীয়েক আৰু তেওঁৰ বান্ধবী এগৰাকীয়ে তাইক বিয়াঘৰলৈ লৈ আহিছিল। বিয়াৰ নিশাটোত সকলোৰে লগতে তাইয়ো ল'ৰাজনক ভনীয়েকৰ বান্ধবী গৰাকীৰ সৈতে জোকাইছিল। আৰু ল'ৰাজনে লাজ লাজকৈ সিহঁতৰ সকলো উৎপাত সহি সহি বায়েকৰ বিয়াৰ কামবোৰ সমাপণ কৰিছিল। আচলতে ল'ৰাজনৰ সকলো কামকাজ আনৰপৰা বেলেগ। দূৰ্গম অঞ্চলটোৰ চৰকাৰীকৰণ নোহোৱা সৰু ধুনীয়া বিদ্যালয়খনৰ তেখেত শিক্ষক। বিদ্যালয়খনৰ গাতে লাগি থকা তেওঁৰ বৃহৎ বাৰীখন চালে চকুৰোৱা। তাতে এটা সৰু চিকুণ ঘৰ আৰু ঘৰৰ এটা ভাগত এখন ডাঙৰ দোকান। কাপোৰৰ পৰা খোৱাবস্তুলৈকে সকলো পোৱা যায় দোকানখনত। ঘৰটোৰ সন্মুখত এখন ফুলনি আৰু দুই ফাৰ্লংমান গৈয়ে ৰাষ্টাৰ সিটো পাৰে হাড়ক মাটি কৰি, তেজক পানী কৰি ল'ৰাজনে নিজে পতা এখন ক্ষুদ্ৰ চাহবাগিছা।
নতুন চাইকেলখন মচিকাচি তেনেই চিকচিকীয়া কৰি ল'ৰাজন ওলাই আহিল। তায়ো সকলোকে বিদায় জনাই ল'ৰাজনৰ পাছে পাছে খোজ ল'লে। ল'ৰাজনে তাইক চাইকেলৰ আগফালে বহিবলৈ ক'লে। পূৰ্বাই একো নামাতিলে। দুই এটা কথা পাতি কিছুদূৰ বাট যোৱাৰ পাছত পুনৰ ল'ৰাজনে তাইক আগফালে নবহা যদি কেৰিয়া খনতে বহা বুলি অনুৰোধ কৰিলে। তাই এইবাৰো নবহিল আৰু প্ৰায় দহ কিলোমিটাৰ বাট ল'ৰাজনক তাই চাইকেলখন ঠেলাই ঠেলাই সৰু নগৰখনত থকা তাইৰ ককাকৰ ঘৰখন পোৱালেহি। ল'ৰাজন খং আৰু কষ্টত জ্বৰে ঘমাদি ঘামিছিল। থ'বলৈ আহোতে হয়তো ভাৱিছিল তাই চাইকেল খনত উঠিব আৰু পটককৈ আনি থৈ গুছি যাব পাৰিব। কিন্তু ভৱা মতে কথাবোৰ নহ'ল। চাইকেলত নুঠা জেদী ছোৱালীজনীলৈ ল'ৰাজনৰ হঠাতে উঠা খং আৰু পুতৌৰে মৰম লাগি গ'ল। দূৰ সম্পৰ্কীয় সৰু ছোৱালীজনীৰ মুখলৈ তেওঁ কাতৰহৈ চাই ৰ'ল। অজানিতে যেন ল'ৰাজনৰ জীৱনৰ শৃংখলাবদ্ধ কথাবোৰ তেনেই বিশৃংখল হ'ল।
আৰু পূৰ্বা! নাদৰ পৰা পানী এবাল্টি তুলি আনি ধূলিৰে পোত খোৱা ভৰি হাত কেইটা ধুই আহি ল'ৰাজনক পানী এগিলাছ দি ভিতৰ সোমালগৈ। ককাক আইতাকৰ সৈতে কথা পাতি চাহ তাহ খাই ল'ৰাজন ঘুৰি যাবলৈ ওলাল। তাইক মাত লগাই পৰীক্ষা ভালকৈ দিবলৈ ক'লে। তায়ো ভিতৰৰপৰা ওলাই আহি যাওঁকগৈ বুলি ক'লে যদিও এবাৰলৈও ইমানদূৰ খোজ কঢ়াই অনাৰবাবে বেয়া নাপাব বুলি নক'লে। চিকচিকীয়া চাইকেলখনলৈ ল'ৰা জন অহা বাটে উভতি গ'ল বুকুত এথোপা গোলাপৰ সুগন্ধিলৈ।