কথা-গল্পঃ পঢ়ক প্ৰতি বুধবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
বৈপৰীত্য
— মনালিছা শইকীয়া, বোকাখাত
(১)
২০ টকাৰ মচু্ৰ দাইল
২০ টকাৰ থিন বিস্কুট
২০ টকাৰ মিঠাতেল
আটা আধা কেজি…
দিনটোৰ এবেলা এঘৰত ঘৰ সৰা মোচা কাম কৰি পোৱা ১০০ টকাটোৰে মাধুৰ মাকে বজাৰখন কৰিলে। মনতে ভাবিলে আজিটো এনেদৰেই চলকছোন! কাইলৈ কিবা এটা কৰিব লাগিব। আজি বহুদিন ধৰি মাধুহঁতক ভালকৈ এসাঁজ ৰান্ধি খুৱাব নোৱাৰাৰ দুখটোৱে মানুহজনীক খুন্দিয়াই ভুকুৱাই গ’ল। অজস্ৰ খোৱা বস্তুৰে ঠাঁহ খাই থকা দোকানখনলৈ চাই দোকানীজনৰ অলক্ষিতে তাইৰ দুচকু সেমেকি উঠিল। ঘৰুৱা কাম কেইটা সামৰি, দিনৰ পাছত দিন ধৰি বিছনাত পৰি থকা, বিষে কোপে কোঙা কৰা মানুহটোক কিবা এটা খাবলৈ দি তাই চুবুৰীটোতে পাক এটা মাৰে কাম বিচাৰি। কোনোবা নহয় কোনোবা এঘৰে তাইক ঘৰ মোচা, কাপোৰ ধোৱা জাতীয় কাম কেইটা কৰিবলৈ দিয়ে। বিনিময়ত টকা এশ বা কেতিয়াবা ডেৰশ। অৱশ্যে কেতিয়াবা সেই তিনি চাৰি ঘণ্টা সময়ৰ ভিতৰতে তাই কেবাঘৰতো কাম কৰাৰ সুযোগ পায় আৰু সেইদিনা গাৰ সমস্ত ভাগৰ আঁতৰাই তাইৰ মনটো ফৰকাল হৈ পৰে। দিনটোৰ সেই সময়কণত কষ্ট কৰি পোৱা চাৰি পাঁচশ টকাৰে তাই ইটো সিটো সৰু-সুৰা অভাৱ পূৰ কৰিব পাৰে। আজি বহুদিন ধৰি এনেদৰেই নিৰন্তৰ চলি আছে তাইৰ সৰু সংসাৰখন। আকালো নাই, ভঁৰালো নাই। বেমাৰী মানুহজন ভাল হোৱাৰো কোনো আশা নাই। তথাপি তাই সুখী। মানুহজনৰ কায়িক উপস্থিতিয়ে আচলতে তাইক সাহ দি আছে কষ্ট কৰি হ’লেও দুপইচা আৰ্জন কৰিব পৰাকৈ। কষ্ট কৰি আৰ্জি নিয়া টকাকেইটাৰে সময়ত ভাতমুঠি মাধু আৰু মানুহজনৰ মুখলৈ আগবঢ়াই দি তাই সুখ পায়। তাই নিজেও সেই মুঠি ভাত সুখেৰে খায়।
কিন্তু বজাৰখন কৰি অটাওঁতেই তাই দোকানীজনৰ পৰা গম পালে বাঢ়ি অহা ক’ভিড বেমাৰটোৰবাবে কাইলৈৰ পৰা সকলো দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হ’ব। গেলামালৰ দোকানো খুলিব নোৱাৰে। কথাষাৰ শুনি তাই উচপ খাই উঠিল। ঘৰে ঘৰে কাম বন কৰি পেটৰ ভাত মুঠি মোকলোৱা মানুহগৰাকীয়ে খোৱাবস্তুৰ ভঁৰাল এটা কেনেকৈ কঢ়িয়াই নিব! ক’ত পাব সেইগাল টকা! আজিৰ এশ টকাটোৰে তাই আজিৰ বাবেহে বজাৰ কৰি ঘৰখন চলাই আছে। কিন্তু লেধাৰি নিছিগাকৈ আৰম্ভ হ’বলগা বন্ধবোৰত কি খাব পৰিয়ালটোৱে! চিন্তা দুঃচিন্তাই মাধুৰ মাকক কাতৰ কৰি তুলিলে। ধৈৰ্য ধৰিব লাগিব। কিবা এটা উপায় উলিয়াব লাগিব। মাধুৰ বাবে, মানুহটোৰ বাবে তাই কিবা এটা কৰিবই লাগিব।
(২)
পৰীক্ষা সংক্ৰান্তীয় এৰাব নোৱাৰা কামত নন্দিনী ওলাই যাব লগা হৈছিল বিদ্যালয়লৈ। অজান আশংকা এটাই অনবৰতে খেদি ফুৰিছে তাইক। মাস্ক, চেনিটাইজাৰ হৈ পৰিছে বিষন্ন সময়ৰ অতন্দ্ৰ প্ৰহৰী। তাইৰ এনে লাগে কৰবাত যেন হাত লাগিলেই খেদি আহিব মৃত্যুদূতে। শংকা আৰু অস্থিৰতাৰ দিনবোৰ কমক চাৰি বাঢ়িহে গৈছে। এৰাব নোৱাৰা কামত ওলাই যাব লগা হ'লেই ঘুৰি আহি ঘৰ নাপাবহি যেন লাগে। তথাপিও কিছুমান কামত ওলাই যাব লাগিবই। কথাবোৰ ভাবি ভাবি তাই বিদ্যালয় পালেগৈ। বিদ্যালয়ত স্থাপন কৰা ভেকচিন চেণ্টাৰটোত মানুহৰ দীঘলীয়া শাৰী। সকলোৰে মুখ বোৰত বিষন্নতাৰ ছাপবোৰ ঢাকি ওলমি আছে মাস্ক। সময়বোৰ সলনি হৈছে। আচলতে সময়ৰ ৰং সলনি হৈছে। মানুহ এজনক মুখৰ আগত হঠাতে দেখা পালে এনে লাগে যেন জনপ্ৰিয় বিস্ময় আলোচনী খনৰ পাতৰ সেই চকু চাই চিনাক্ত কৰিব লগা অভিনেতা অভিনেত্ৰী কেইজনহে! বৰ দুৰ্বিসহ জীৱন যাত্ৰা! বিদ্যালয়ত কৰিব লগা কামকেইটা লৰালৰিকৈ সমাধা কৰি নন্দিনী সোনকালেই ঘৰলৈ ঘুৰি আহিল। ঘুৰি অহাৰ বাটত তাই অলপ পাচলি আৰু অনান্য খোৱাবস্তু কিনিবলৈ বুলি দোকান সোমাল। কাইলৈৰপৰা সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে হেনো! লাগতিয়াল বস্তুবোৰৰ লিষ্ট এখন তাই মনতে তৈয়াৰ কৰি ল'লে। ঘৰ এখনত সাধাৰণতে সদায় কিবা নহয় কিবা বস্তুৰ অভাৱ হয়েই। নন্দিনীহঁতে বিদ্যালয়ৰপৰা ঘুৰি আহোতে সদায় বজাৰ সমাৰ কৰিলেও, হাতত চিলিপ লৈ বজাৰত ঘূৰি ফুৰিলেও লাগতিয়াল বস্তু কিছুমান সদায় থাকি আহে। তথাপিও লকডাউন আৰম্ভ হোৱাৰপৰা এসপ্তাহ পৰ্যন্ত দোকান নোযোৱাকৈ তাই ঘৰখন চলাব পৰা হৈছেগৈ। ক'ভিদ সংক্ৰমণৰ ভয়ত বস্তু নাথাকিলেও নাখায় মৰিম কিন্তু বজাৰ নাযাওঁ বুলি কৰা সিদ্ধান্ত বাহাল ৰাখিবলৈ তাই সদায় যত্ন কৰিছে। তথাপিও যেতিয়াই কিবা কামত দুয়োজন ওলাই যায় যিকোনো বস্তু এটা লৈহে ঘৰ সোমায়হি। কিজানি দোকানবোৰ সদায় বন্ধহৈ থাকিব! পাকঘৰটো উদং হৈ থাকিব! আজিও তেনেকুৱাই হ'ল। ইটো সিটো বজাৰ কৰোঁতে কৰোঁতে তাই বহু কেইটা বস্তু কিনিলে। বেগ ভৰ্ত্তি, কেৰী বেগেৰে হাত ভৰ্ত্তি।
(৩)
কাইলৈৰ পৰা সম্পূৰ্ণৰূপে দোকান বজাৰ বন্ধ থাকিব। আনকি গেলামাল আৰু অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈও ইচ্ছা কৰিলেই কোনো ওলাই আহিব নোৱাৰিব। পুলিচ প্ৰশাসনে তাৰবাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সকলোৱে বুজিব পৰাকৈ কথাবোৰ বতাহত উৰি আছে। প্ৰশাসনৰ ফালৰপৰা মাইকত অহৰহ সতৰ্কবাণী দি দি গাঁৱে গাঁৱে গাড়ী এখন চলিয়েই আছে। ভয় শংকাৰ এই দুঃসময়খিনি যেন শেষেই নহ'ব কোনোদিন। পৰিস্থিতিৰ গুৰুত্ব বুজি মানুহবোৰ সতৰ্ক হৈছে সচাঁ কিন্তু অভাৱৰ তাড়নাত বাৰে বাৰে সতৰ্কবাণী আওকাণ কৰি ঘৰৰ বাহিৰলৈ ওলাই আহিব লগা হৈছে। বয়বস্তু দিয়াৰ মাজতে দোকানীজনে কথাবোৰ নিৰীক্ষণ কৰি আছিল। মাধুৰ মাক আৰু নন্দিনীৰ প্ৰয়োজন একে নহয় যদিও অভাৱ দুয়োৰে একে। পাৰ্থক্য মাথো এটাই যে মাধুৰ মাকে অত্যাৱশ্যকীয় সামগ্ৰী কেইটা ইচ্ছা কৰিলেই মোনা ভৰাই নিব নোৱাৰে কিন্তু নন্দিনীয়ে পাৰে। আৰ্থিক স্বাৱলম্বিতাৰ বাটত দুয়ো খোজ দিছে কিন্তু মাধুৰ মাকৰ আৰ্থিক অৱস্থা আজিও সৱল হৈ উঠা নাই আৰু ভৱিষ্যতেও হয়তো নহ'বগৈ। তেনে কি হ'ব এইচাম মানুহৰ এই দুঃসময়খিনিত! মাধুৰ মাকে ইচ্ছা থকা স্বত্বেও বজাৰ এমোনা কৰি ঘৰলৈ নিব পৰা নাই অথচ নন্দিনীৰ দুহাত ভৰ্তি হোৱাৰ পাছতো প্ৰয়োজন কমা নাই। মানুহজনীয়ে দুখ কৰি কোৱা কথাবোৰে, অসহায়ভাৱে বস্তুবোৰলৈ চাই ফুৰা দৃষ্টিটোৱে দোকানীজনক কাতৰ কৰি তুলিলে। বন্ধৰ দিনবোৰত দোকানখনত বেয়াহৈ যাব পৰা বয়বস্তু কিছু, চাউল, দাইল, আটা, আলু, পিয়াঁজ অলপ বস্তা এটাত একাষৰীয়াকৈ বান্ধি থ'লে। এই বস্তুখিনিৰ প্ৰয়োজন মাধুৰ মাকৰ বাবে বহুত বেছি। দোকানীজনৰ মনটো হঠাতে ফৰকাল হৈ পৰিল।