কথা-গল্পঃ পঢ়ক প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
স্খলন
— মনালিছা শইকীয়া, বোকাখাত।
কালি নিশা নিজৰাৰ ফোনকলটো পোৱাৰেপৰা ইলোৰাৰ মনটো থৌকি-বাথৌ হৈ আছে। তাই আঙুলিৰ মূৰতে আকৌ এবাৰ গণি চালে। কিমান বছৰ হ'ল দুয়োজনী লগ নোহোৱা! এবছৰ, দুবছৰ নহয় সুদীৰ্ঘ বিশ বছৰমান তাহাঁতৰ দেখাদেখি হোৱা নাই। মনত যে নপৰে বা লগ পাবলৈ ইচ্ছা যে নাছিল তেনে নহয়। বিভিন্ন অজুহাতত দেখাদেখিহে হোৱা নাছিল। এসময়ত শুই উঠাৰে পৰা নিশা বিছনাত পৰালৈকে তাহাঁত দুয়োজনীৰ মাজত কিমান যে কথা! কিমান যে হাঁহি-ধেমালি! দেউতাকহঁতৰ কৰ্ম সূত্ৰে দুয়োজনীৰে ঘৰ মানে কোৱাৰ্টাৰ দুটা তেনেই ওচৰা-উচৰিকৈ আছিল। ইলোৰাৰ পিতৃ এজন বিষয়া পৰ্যায়ৰ ব্যক্তি হ'লেও কলনিৰ মানুহখিনিৰ সৈতে বৰ হাঁহি স্ফুৰ্তিৰে সকলো উৎসৱ পাৰ্বণত অংশ লৈছিল। মাকেও সকলোৰে লগত বৰ মিলাপ্ৰীতিৰে সময় কটাইছিল আৰু একমাত্ৰ সন্তান ইলোৰাক সকলোৰে সৈতে মিলামিচা কৰাত অকণো বাধা আৰোপ কৰা নাছিল। নিজৰাৰ দেউতাকে সৰু চাকৰিটোৰে পাঁচজনীয়া সংসাৰখন বৰ আটোমটোকাৰিকৈ চলাই নিছিল। নিজৰা আৰু দুই ভায়েক ধন আৰু মুনে মাকৰ তত্বাৱধানত মনোযোগেৰে পঢ়াশুনা কৰি নিজকে মেধাসম্পন্ন কৰি তুলিছিল। প্ৰতিবেশী আৰু সহপাঠী হোৱাৰ সুবাদত নিজৰাৰ সৈতে ইলোৰাৰ সম্পৰ্ক অতি মধুৰহৈ পৰিছিল। কথাবোৰ ভাবি ভাবি ইলোৰা বহুত সময়ধৰি একেঠাইতে বহি থাকিল।
তাহাঁত ঠিক কলেজৰ দুটা মান শ্ৰেণী পাৰ হওঁতেই ইলোৰাৰ দেউতাক দূৰণিবটীয়া ঠাই এখনলৈ ট্ৰেন্সফাৰ হোৱাত কোৱাৰ্টাৰ এৰিব লগা হ'ল। চকুৰ পানীৰে বাট নেদেখাকৈ ইজনীয়ে সিজনীৰ পৰা বিদায় ল'লে। আজিৰ দৰে তেতিয়া হাতে হাতে ল'ব পৰাকৈ এনড্ৰ'ইদ ফোন কাৰো নাছিল। ইলোৰাহঁতে নতুন ঠাইখনত লেণ্ড ফোন লোৱাৰ সুবিধা পাইছিল যদিও সেই ফোনৰ পৰা নিজৰাৰ ঘৰলৈ ফোন কৰাৰ কোনো ব্যৱস্থা নাছিল। লগ-সঙ্গৰ অভাৱত মাজে মাজে তাই বৰ অকলশৰীয়া অনুভৱ কৰিছিল। নতুন ঠাইখনত নিজৰাৰ দৰে অন্তৰংগ বান্ধৱী এজনীও নোলাল। আনকি মাক-দেউতাকেও নিজৰাৰ দৰে আন কাকো বিশ্বাসেৰে আৱৰি ল'ব নোৱাৰিলে। দিনবোৰ বাগৰিল। লাহে লাহে দুয়োঘৰৰ মাজত একেবাৰেই সংযোগ বিচ্ছিন্ন হোৱাৰ দৰে হ'ল। তাৰমাজতে দুয়োজনীৰ দুখন সংসাৰো হ'ল। সুদীৰ্ঘকাল দূৰে দূৰে থকাৰ পাছত হঠাত্ এদিন সামাজিক মাধ্যমত ইলোৰাক দেখা পাই নিজৰা উৎফুল্লিত হৈ উঠিল। মনৰ উৎসুকতাক দমন কৰি নিজৰাই সাধাৰণভাবে ইলোৰাক নিজৰ চিনাকি দি মাত দিয়াত তায়ো মাত দিলে আৰু এনেদৰেই দুয়োজনী সুদীৰ্ঘ সময়ৰ পাছত একেলগ হোৱাৰ সুযোগ পালে। নিজৰাই কিছু কামৰ তাগিদাত মহানগৰলৈ অহাৰ বাবে ইলোৰাৰ ঐকান্তিক আদৰত তাইৰ ঘৰতে আজি ৰাতিটো থাকিবলৈ বুলি ওলালহি।
বেলি ডুবো ডুবো পৰত সুদৃশ্যমান ফুলনিখনৰ সৌন্দৰ্য উপভোগ কৰি কৰি বহল চোতালখনৰ জাপানী বনবোৰত ইলোৰা আলাসতে ঘুৰি ফুৰিছিল। কাষত তাইৰ শৈশৱৰ বান্ধৱী নিজৰা। আচলতে সুদীৰ্ঘ দিনৰ পাছত নিজৰাক লগ পাই ইলোৰা যথেষ্ঠ আলোড়িত হৈছিল। তাই নিৰলসভাৱে নিজৰাক বৰ্ণনা দি আছিল তাইৰ ঘৰ-সংসাৰ, ব্যৱসায়, সম্পত্তিৰ বিস্তীৰ্ণ তালিকাখন। নিজৰা অভিভূত হৈছিল। প্ৰিয় বান্ধবীৰ পাৰিবাৰিক জীৱনৰ সুখ-সম্পদ, প্ৰতিপত্তি আৰু সামাজিক স্থিতিত নিজৰাই গৌৰৱবোধ কৰিছিল। অনৰ্গল কথা কৈ থকা ইলোৰাক তাই নিজৰ বিষয়ে সাধাৰণ দুই-এটা কথাৰ বাদে আন একো জনাবলৈ সুবিধাই পোৱা নাছিল। আনকি তাইৰ একমাত্ৰ সন্তান ৰুণৰ বিষয়েও। অহা মাহত ৰুণ বিদেশলৈ যাব দুবছৰৰ বাবে। দেশৰ কৃষিখণ্ডৰ উন্নয়ণৰবাবে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সি চৰকাৰৰপৰা বিশেষ সুবিধা লাভ কৰিছে। কথাষাৰ ভাবিলেই নিজৰাৰ বুকুখন ভৰি উঠে। দুখৰ দিনবোৰৰ ছবিবোৰ লাহে লাহে মোহাৰি তাই এখন সুখৰ ছবি আঁকে। থাকক সেইবোৰ কথা। ৰাতিও ক'ব পাৰিব। ইলোৰাৰ সুখে নিজৰাক মোহাবিষ্ট কৰি তুলিলে। সৰুৰেপৰাই অতি উচ্চাকাংক্ষী ইলোৰাই নিজ আকাংক্ষাৰ সৌধটো গঢ় দিব পৰাত নিজৰা অত্যন্ত সুখী হ'ল। অনৰ্গল কথা কৈ থকা ইলোৰাক তাইৰ সন্তান দুটা ক'ত আছে বুলি নিজৰাই পৰিবেশটো সলনি হওঁক বুলিয়ে সুধিলে। দুপৰীয়াতে আহি তাই ইলোৰাৰ ঘৰ পালেহি যদিও ঘৰখনত ইলোৰা আৰু কাম কৰা মানুহ কেইটাৰবাদে আন কাকো এতিয়ালৈকে দেখা পোৱা নাই। অকস্মাতে সোধা নিজৰাৰ প্ৰশ্নত ইলোৰা খন্তেক থমকি ৰ'ল। পিছমুহুৰ্ত্ততে ইলোৰাই নিজৰ স্থিতিত অটল হৈ উত্তৰ দিলে মানুহজন ব্যৱসায়ৰ কামত ওলাই গৈছে। সৰু ল'ৰাটো দিল্লীত থাকে। ডাঙৰটো ল'ৰা এতিয়া ঘৰত ৰাখিব পৰা অৱস্থাত নাই। সি ড্ৰাগছ খাই অধঃপতিত হোৱাৰবাবে ৰিহেবিলেশ্যন চেণ্টাৰ এটাত স্থায়ীকৈ ৰাখিব লগা হৈছে।