কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা

কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা


অপেক্ষা

— মনালিছা শইকীয়া, বোকাখাত।

শালনিবাৰীৰ উলম্ব ছাঁবোৰ ক্ৰমাৎ হেলনীয়া হৈ গৈ আছিল। পশ্চিমৰ হেঙুল হাইতাল বোলোৱা আকাশখনে আবেলিৰ সংকেত দিছিল। দীঘল পদূলিটোৰ নঙলাডাল কেতিয়া খোল খাব বুলি চাওঁতে চাওঁতে নিজৰাৰ ডিঙিৰ বিষ হৈছিলগৈ আৰু কোনেও নেদেখাকৈ চকুপানী টুকিছিল। আচলতে আবেলিৰ সেই সময়খিনিৰ হেঁপাহত লগৰবোৰৰ সৈতে তাইৰ পিথু বা বন্দী খেলিবলৈও মন যোৱা নাছিল। দেউতাক আহিববুলি পদূলিলৈ চাই চাই তাই সময়খিনি পাৰ কৰে। স্কুলৰ পৰা আহি ভাত কেইটা খায়েই তাই সদায় বাৰান্দাৰ আৰামী বেঞ্চখনত বহি বহি দেউতাক অহালৈ বাট চাই থাকে। দূৰৰ স্কুলখনৰ পৰা দেউতাক যথেষ্ট দেৰিকৈ ঘৰ পায়হি। আহোঁতে সদায় হাতত কেঁচা চানাৰ টৌপোলা এটাৰ লগতে আন বয়বস্তুবোৰ বজাৰ কৰি আনে। নিজৰাৰ কিন্তু সেই বস্তুবোৰকলৈ কোনো উৎকণ্ঠা নাছিল। নঙলা খুলি দেউতাক দীঘল পদূলিটোৱেদি সোমাই আহিব, টিৰিৰিংকৈ বেলটো বজাব, মাতু বুলি মাতি মাতি এহাতে বেগটো লৈ ভিতৰলৈ সোমাই আহিব! বেগটো হাতত দিয়ালৈহে নিজৰাই সদায় বাট চাই থাকে। পাকঘৰৰ মজিয়াতে বেগটোৰ বস্তু কেইটা লৰালৰিকৈ উলিয়াই থৈ তাই আগফাললৈ দৌৰ লয়। তাৰপিছত আৰু কোনেও নিজৰাক সেইখিনিত বিচাৰি নাপায়। হাফ্ পেডেল মাৰি মাৰি, চাইকেলখনৰ বেলটো টিপি টিপি তাই লগৰবোৰক জাননী দিয়ে। চাইকেলখন কেতিয়াবা লুটি খাই পৰি হেণ্ডেলডাল বেঁকা হয়। ভয়তে নিজৰাৰ উশাহ ছুটি হয়। লাহে লাহে চাইকেলৰ প্ৰতিটো পাৰ্টচ তাই চিনি পোৱা হ’ল। পৰি গ’লে, হেণ্ডেল বেঁকা হ’লে পোনাব পৰা হ’ল। ককাকৰ খং , দেউতাৰ গালি আৰু লগৰবোৰৰ ঈৰ্ষাৰ চকু ভেদ কৰি নিজৰা মতা চাইকেলৰ চিটটোত বহিব পৰা হ’ল। বহুদূৰ দুপিয়াই দুপিয়াই চিটত বহাৰ দিনা স্ফুৰ্ত্তিতে তাই চাইকেলৰ হেণ্ডেল এৰি দিয়াত ঢুপুচকৈ তললৈ পৰি গ’ল। তথাপিও তাই পাৰি গ’লো, পাৰি গ’লো বুলি সেইদিনা চিঞৰ ধৰিছিল। শিলগুটি দিয়া আলিটোত চাইকেলৰ পৰা পৰি চকু ওঁঠ সৱ বাটলুগুটি যেন হৈছিল আৰু দেউতাকেও দুচাট মান ভালকৈয়ে দিছিল।
দিনবোৰ গৈ আছিল। ছোৱালীমানুহে কিয় চাইকেল চলাব লাগে বুলি উপহাস কৰা কথাবোৰে নিজৰাক দুগুণে চাইকেল চলাবলৈ উৎসাহিত কৰিছিল। লগৰবোৰে যেতিয়া খেলি খেলি ঘূৰি ফুৰিছিল নিজৰাই তেতিয়া বাটে পথে পৰি ধৰি চাইকেলখন শিকিছিল। চাইকেল এখন কিনি দিব পৰাকৈ দেউতাকৰ বা ককাকৰ সামৰ্থ্য নাছিল। খেতি বাতিৰে চহকী হ’লেও, ধান মাহেৰে ঘৰ ভৰি থাকিলেও চাইকেল এখন কিনি দিব লাগে বুলি কোনেও ভৱা নাছিল আৰু লগৰ বোৰক এৰি চাইকেল চলাই ঘুৰি ফুৰাৰ বা স্কুললৈ যোৱাৰ কথা কোনোদিন সপোনতে হ’লেও নিজৰায়ো ভাৱিব পৰা নাছিল। দূৰৈৰ বালিকা বিদ্যালয় খনলৈ সদায় লগৰ কেইজনীৰ সৈতে খোজকাঢ়ি গৈছিল। কেতিয়াবা কাচিৎ হাতত পইছা থাকিলে ট্ৰাকৰ নিচিনা মুখৰ ‘কল্পনা’ বাছত দহ পইচা বা পাঁচ পইচাকৈ দি উঠি গৈছিল। প্ৰচণ্ড গৰমৰ দিনবোৰতো ছাতি নোহোৱাকৈ নিজৰাহঁত ঘৰ পাইছিলহি। তথাপিও চাইকেল এখন কিনি দিব লাগে বুলি আব্দাৰ ধৰিবলৈ নিজৰাই সুযোগেই নাপালে।
নিজৰাই হাইয়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পাছতে চাইকেল এখনৰ প্ৰয়োজনীয়তা তীব্ৰভাবে অনুভৱ কৰিলে। বিষে কোঙা কৰা মাকক সকাহ দিবলৈকে তাই ঘৰখনৰ প্ৰায় সকলো কাম সামৰি চাৰি কিলোমিটাৰ পথ খোজকাঢ়ি আহি কোনোমতেই মেজৰ ক্লাছ নাপায়হি। দেউতাকে কাৰোবাৰপৰা পুৰণি চাইকেল এখন আনি দিলে। নিজৰাই যেন হাততে সৰগ পালে। চাইকেলখনলৈ কলেজলৈ যোৱাৰ লগতে ওচৰৰ গাঁওবোৰত ল’ৰা-ছোৱালীবোৰৰ পঢ়া-শুনাৰ খবৰ লোৱা, কাৰোবাক অকণমান পঢ়া চাই দিয়া, সভা সমিতি, গানৰ আখৰা, নাটকলৈ যোৱাকে ধৰি সকলো কাম তাই এতিয়া নিৰ্ভয়ে, শাৰীৰিক কষ্ট অবিহনে অনায়াসে কৰিব পৰা হ’ল। ঠাইখনত চাইকেল চলোৱা বাইদেউৰূপে নিজৰাই পৰিচিতি লাভ কৰিলে। এসময়ত তাইক চাইকেল চলোৱা দেখি উপহাস কৰা মানুহবোৰে নিজৰাৰ জৰিয়তে চহৰত বেংক কাছাৰিৰ কামবোৰ কৰাবলৈ হেতাওপৰা কৰিলে। চুবুৰিৰ কাৰোবাক হঠাতে লগা সূতা নেছা আনিবলৈ, চিলাই কৰা গুলি সূতা আনিবলৈ, দৰৱ কেইটা আনিবলৈ নাইবা পেটিকোট ব্লাউজ কিনিবলৈ কেৱল নিজৰাই চাইকেল দৌৰাব লাগে। চহৰৰ কলেজলৈ পুৰণি ৰং যোৱা, বাৰে বাৰে চেইন পৰা চাইকেলখন লৈ পঢ়িবলৈ যোৱা নিজৰাই শিক্ষা সাং কৰি পঢ়ি অহা বিদ্যালয়খনতে শিক্ষয়িত্ৰীৰূপে যোগদান কৰিলে। নিৰহংকাৰী, আত্মবিশ্বাসী নিজৰা সকলোৰে সাৰথি হৈ পৰিল। পুৰণি চাইকেলখন এৰি তাই এখন নতুন চাইকেল কিনিলে।

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস