কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
সপোন
— মনালিছা শইকীয়া, বোকাখাত।
অদূৰৰ গাঁওখনৰপৰা ৰিণিকি ৰিণিকি ভাঁহি অহা মাতটোৱে কুন্তলাৰ টোপনি ভাঙিলে। কাণ উনাই তাই মাতটোৰ উমান ল'লে। পুৱতি নিশাতে উঠি কোনোবা অচিন মহিলাই অইয়া অইয়াকৈ গাহৰি কেইটাক দানা খাবলৈ মাতিছে। খুব সৰুৰেপৰা তাই এই সুৰীয়া মাতটো শুনি আহিছে। মাতটো ইমানযে মিঠা! সৰু থাকোঁতে তাঁহাত তেতিয়াই শুই উঠি সদায় কিতাপ মেলিছিল। মাকৰ মতে পুৱাৰ নিৰ্মল বতাহ আৰু ঠাণ্ডা পৰিবেশত পঢ়িলে হেনো কথাবোৰ বেছি মনত ৰয়! নিশব্দে তাইৰ মুখৰপৰা এটি হুমুনিয়াহ সৰি পৰিল। সাৰ পাই তাই আৰু বিছনাত পৰি থাকিব নোৱাৰিলে। দুৱাৰখনৰ খিলিটো খুলি চেণ্ডেলজোৰ একাষৰীয়াকৈ বাৰান্দাৰ বেৰখনত আওজাই থৈ তাই চোতালৰ দুৱৰি ডৰালৈ এখোজ দুখোজকৈ আগবাঢ়ি গ'ল। আগতে সদায় ৰাতিপুৱা খালী ভৰিৰে চোতালখনত কেইপাকমান খোজ কাঢ়ি তাই বৰ ভালপাইছিল। দেহ আৰু মনৰ সমস্ত আলস্যতা দুবৰি ডৰাৰ সেমেকা স্পৰ্শই দিনটোৰ বাবে যেন নোহোৱা কৰি পেলাইছিল! অলপ সময় খোজ কঢ়াৰ পাছত চেণ্ডেলজোৰ ভৰিত সুমুৱাই তাই গৈ গৈ গাঁৱৰ সিমূৰ পালেগৈ।
গাঁৱৰ মানুহবোৰৰ দুই এঘৰে সাৰ পাই দুৱাৰ খুলিছে যদিও সৰহ খিনিয়েই শুই উঠা নাই। প্ৰায়বোৰৰ ঘৰৰ সন্মুখৰ গেটত তলা ওলমি আছে। দুই এঘৰত আগফালৰ লাইট নুমুৱাই নাই। প্ৰায়বোৰ ঘৰৰে মসৃণ চোতালবোৰ আহিনমহীয়া নিয়ৰত সেমেকি আছে। গৈ গৈ তাই গাঁৱৰ মূৰত থকা বসন্তহঁতৰ পদূলি পালেগৈ। সিহঁতৰ পদূলিৰ শেৱালি ফুলজোপা তল ভৰি সৰি আছে। বহি বহি তাই একোঁচ শেৱালি বুটলি দোপাত্তাখনতে বান্ধিলৈ ঘৰলৈ বুলি উভতি খোজ ল'লে। উভতনিৰ বাটছোৱাত কুন্তলাৰ মনলৈ বহুত কথা আহিল। মনৰ ভাববোৰে তাইৰ কলিজাত সাতোৰঙী ৰামধেনু এখন আঁকিলে। আবেলিৰ জিকা ফুলবোৰ যিদৰে হালধীয়াৰ পৰা হালধীয়া হৈ জকমকাই ফুলি উঠে তাইৰ ভাবনাবোৰো ঠিক তেনেকুৱাই। তাই জানে ভাবৰ পানচৈত উটি যায় জীৱনৰ আকুলতা অথবা পোৱা নোপোৱাৰ অসহজ ব্যাকুলতা। সময়ে তাইক অভিজ্ঞ কৰি তুলিছে। ভাঙিছে গঢ়িছে। ভঙা গঢ়াৰ এই খেলখন বুকুত সামৰি ভঙা কলিজাৰ বুকুত আকৌ থাপি লৈছে বিশ্বাসৰ এবুকু আকুতি। ভাবনাৰ বুকুত সাজি লোৱা অহাযোৱাৰ সেন্দুৰীয়া বাটটো প্ৰতিদিন প্ৰতিনিয়ত কুন্তলাই কঢ়িয়াই ফুৰে।
তাই ঘৰ গৈ পোৱালৈ কোমল ৰ'দ এছাটিয়ে সকলো পোহৰাই তুলিছিল। ফুলখিনি সযতনে খৰাহি এটাত বাকি থৈ তাই দোপাত্তাখন ধুৱলৈ বুলি থৈ দিলে। মাকে যতনাই দিয়া চাহকাপ খাই তাই ধুবলগীয়া কাপোৰবোৰ বাল্টি এটাত চাৰ্ফ অলপ গুলি তিয়াই থ'লে। কামৰ মাজে মাজে তাইৰ মনলৈ কথাবোৰ এটা দুটাকৈ আহি থাকিল। কেনেকৈযে সপোন এটাৰ পম খেদি খেদি তাই ইমান দূৰ পালেহি। সৰুতে ভালকৈ পঢ়ি ভাল সংস্থাপন এটা পোৱাৰ সপোন দেখিছিল। সপোনটোৰ গুটি সিঁচি দিছিল মাকহঁতে। কিন্তু হঠাৎ অহা এজাক কাল ধুমুহাই সেই সপোনটো তচনচ কৰিলে। দেউতাকৰ হঠাৎ হোৱা বেমাৰটোৰ বাবে তাই ইখনৰ পৰা সিখন হস্পিটেলৰ দুৱাৰ গচকি ফুৰোঁতেই এটা বছৰ পাৰহৈ গ'ল। তাৰবাবে তাইৰ মনত অকণো দুখ লগা নাছিল। দেউতাকক সুস্থ কৰি তুলিবলৈ মাকৰ সৈতে তাই সকলো চেষ্টাই কৰিছিল। বাস্তৱত সেয়া হৈ নুঠিলগৈ। কাল বেমাৰটোৱে দেউতাকক তাহাঁতৰ মাজৰপৰা কাঢ়ি নিলে। দেউতাকৰ মৃত্যুৰ পাছত তাই মাকৰ উদং কপালখনলৈ বহুদিন চকু তুলি চাব পৰা নাছিল। মাক আৰু দেউতাকযে একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি আছিল!
কথাবোৰৰ গতি পৰিবৰ্তন হৈছিল। মাক আৰু ভায়েক ভনীয়েক হালৰ দায়িত্ব তাই মূৰ পাতি ল'ব লগা হ'ল। এবছৰৰ বিৰতিত কলেজলৈ গৈ পৰীক্ষা দিয়াৰ মানসিকতাও তাইৰ নোহোৱা হৈছিল। আচলতে দেউতাকৰ অসুখটো ভাল হওঁক বুলিয়ে সাঁচতীয়া টকা কেইটাৰ লগতে ৰুপিত-মাটি কেই ডৰাও মাকে বেচি দিছিল। আশা কৰিছিল দেউতাক ভাল হৈ উঠিলে টকা মাটি সকলো ঘূৰি আহিব। কিন্তু সকলো আশা ধূলিসাৎ কৰি উভতি নহাৰ বাটেৰে দেউতাক গুছি গ'ল। আৰম্ভ হ'ল তাইৰ অন্য এক যাত্ৰা। চেলচ গাৰ্লৰ সৰু চাকৰিটোৰেই মাকক অকণমান সকাহ দিবলৈ বেগত কিতাপ কেইখনমানো বান্ধি কুন্তলা মহানগৰ পালেগৈ। পুৱাৰপৰা ৰাতিলৈকে ডিউটি কৰি ৰুমটো পায়গৈ মানে ভাগৰে তাইক হেঁচা মাৰি ধৰে। তাৰপাছত আৰু পঢ়াৰ কথাবোৰ আকাশত চাং পতাৰদৰে হয়গৈ। সদায় পুৱা শুই উঠি নিত্য কৰ্ম সামৰি দৌৰাদৌৰিকৈ চিটীবাছ ধৰা, দিনৰ দিনটো গ্ৰাহক নাইবা অন্য কাৰোবাৰ সৈতে ব্যস্ত হোৱা, দুই এটা বজাৰ সমাৰ কৰাৰ পাছত ঘূৰি আহি কেতিয়াবা মাকলৈ ফোন এটা কৰিবলৈও তাইৰ সময় নিমিলা হ'ল। লাহে লাহে তাইৰ ভিতৰৰ জেদী মনটো সক্ৰিয়হৈ উঠিল। অতি কঠোৰভাৱে তাই নিজক নিয়ন্ত্ৰণ কৰিলে। সুযোগ পালেই তাই তাইৰ সপোনবোৰ ফঁহিয়াই চাবলৈ ল'লে। কামৰ পৰা উভতি আহি কষ্ট হ'লেও এক দুই ঘণ্টাকৈ তাই পঢ়িবলৈ আৰম্ভ কৰিলে। আৰু অৱশেষত যোৱা সপ্তাহত তাই এক চৰকাৰী সংস্থাপন লাভ কৰি বহুত দিনৰ পাচত ঘৰলৈবুলি দুদিনমানৰবাবে উভতি আহিছে।
কুন্তলাৰ দুচকুৰে দুধাৰি চকুপানী বৈ আহিল। কিমান কষ্ট মূৰৰ ওপৰেদি পাৰহৈ গ'ল। মাক দেউতাকে দেখা কত সপোন চাৰখাৰ হ'ল। ভাবিলে পাৰ নাপায় তাই। তথাপিও হেৰুওৱা সপোন এটাৰ হাত ধৰি নতুন সপোন এটা প্ৰেক্ষাপটত জিলিকি উঠিল। কত দিন ঘৰখনলৈ আহিবলৈ সুবিধা নোপোৱাৰবাবে তাই বুকু ভাঙি যোৱাকৈ কান্দিছিল। তাৰপাচত নিজে নিজক শান্ত্বনা দিছিল। সন্মুখলৈ বুলি খোজ দিছিল। অৱশেষত সুযোগ মিলিল। তাইৰ চাকৰিটো ঘৰৰপৰা কিছু দূৰৈত হ'লও এতিয়া সঘনাই আহি থাকিব পাৰিব। চাকৰিটোত জইন কৰিবলৈ বুলিয়ে কালি সন্ধিয়া তাই ঘৰ পালেহি। বহুদিন গছকি নোপোৱা নিয়ৰবোৰত আজি খোজ দিলে। বসন্তহঁতৰ পদূলিত একোঁচ শেৱালি বুটলিলে। কৰি থকা কামবোৰৰ মাজে মাজে চিনেমাৰ ৰীলবোৰৰ দৰে জীৱন ৰেলৰ অসংখ্য ডৱা ইটোৰ পাছত সিটোকৈ পাৰহৈ গ'ল। ভাঙি পৰিবলৈ ধৰা জীৱনত সপোন দেখি দেখি তাই কোনোদিনেই ভাগৰি নপৰিল। সকলো মানুহৰে কত কথা, কত সপোন ভাগি যোৱাৰ বেথা থাকে বুকুত! তথাপিও মানুহে আকৌ সপোন দেখে। সপোন দেখাতটো কোনো বাধা নাই। আচলতে সপোন বোৰেই কঢ়িয়াই আনে জীৱনৰ বিৰল ক্ষণ!