জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলনীৰ কৃতী শিক্ষাৰ্থীক অভিনন্দন
চাজিদ আনোৱাৰ ৰহমান, মৰিগাঁওঃ ১৯৩৭ চনতে অবিভক্ত নগাঁও জিলা তথা বৰ্তমানৰ মৰিগাঁও জিলাৰ বৃহত্তৰ – জালুগুটি অঞ্চলত স্থাপিত হৈছিল জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়। ৮৬ বছৰ গৰকা এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্রী সতীর্থ সম্মিলনীৰ উদ্যোগত শনিবাৰে বিদ্যালয়খনৰ প্রেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। ২০২৩-২৪ বৰ্ষত বিদ্যালয়খনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্র-ছাত্রীসকলক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জোনাৰাণী ভাগবতী, দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত তথা বিদ্যালয়খনৰ প্রাক্তন ছাত্র ইহশ্বানুল হুছেইন, প্রাক্তন ছাত্র নেতা, জালুগুটি আঞ্চলিক স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি মুন আলী ঠাকুৰীয়াৰ লগতে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদক ৰাজীৱ লোচন দাস, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্রী, ছাত্র- ছাত্ৰীসকল। লগতে উপস্থিত থাকে প্রাক্তন ছাত্র-ছাত্রী সতীর্থ সম্মিলনীৰ উপদেষ্টা আনোৱাৰ হুছেইন, মকুট চন্দ্র দাস, বিপুল হুছেইন, মুক্তি দেৱনাথ, কার্যকৰী সভাপতি ৰফিকুল ইছলাম আৰু বিষয়ববীয়াসকল। সম্মিলনীৰ শিক্ষা সম্পাদক ইনামুল হুছেইন আৰু সহঃ সাধাৰণ সম্পাদক ইকবাল হুছেইনে আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ ৰাখে সম্মিলনীৰ সভাপতি ৰাতুল ডেকাই। গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই বর্তমান সময়ত ছাত্ৰ-ছাত্ৰীক নিজৰ কেৰিয়াৰৰ লগতে সামাজিক দায়বদ্ধতাৰে আগবাঢ়ি দহৰ বাবে উদাহৰণ হৈ জীৱন গঢ়িবলৈ পৰামৰ্শ দিয়াৰ লগতে বর্তমান সময়ত সমাজত আৰম্ভ হোৱা ড্ৰাগছ জাতীয় দ্রব্যৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়। সভাত উপস্থিত থকা দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত তথা বিদ্যালয়খনৰ প্রাক্তন ছাত্র ইহশ্বানুল হুছেইনে নিজৰ জন্ম ঠাই, পঢ়ি যোৱা শিক্ষানুষ্ঠানৰ লগত শিপাৰ সমন্ধ ৰাখিবলৈ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে এই অভিনন্দন অনুষ্ঠানতে সম্মিলনীৰ তৰফৰ পৰা সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ NEETত সুখ্যাতি অর্জন কৰা জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন ছাত্র আৰিফ খানকো অভিনন্দন জনায়। অনুষ্ঠানৰ শেষত সম্মিলনীৰ সাধাৰণ সম্পাদক ফৰিদুদ ইউনুছে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে সভাৰ সফল সামৰণি পৰে ।