মায়ঙত অংক আৰু বিজ্ঞানৰ শিক্ষক প্ৰশিক্ষণ শিৱিৰ
ৰাইজৰ খবৰ ডিজিটেল, মায়ং, ১২ জুনঃ
মৰিগাঁও জিলাৰ অধিবিদ্যা পৰিষদৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় অংক আৰু বিজ্ঞান বিষয়ৰ এক প্ৰশিক্ষণ শিবিৰ। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা শিক্ষক-শিক্ষয়ত্ৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ জিলা খনৰ ১১৯ খন মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ২২০ জন অংক আৰু বিজ্ঞান শিক্ষকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই।
প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰি ঠাকুৰীয়াই উপস্থিত থকা অংক আৰু বিজ্ঞানৰ শিক্ষক সকলক উদ্দেশি নিজৰ বক্তব্যত কয় যে বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ যি ভয় আৰু যি মানসিকতা সেয়া পৰিবৰ্তন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ ধাউতি বৃদ্ধি কৰিব লাগিব। সৰুকালৰ পৰাই অৰ্থাৎ প্ৰাথমিক পৰ্যায়ৰ পৰাই গণিত আৰু বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়াব পাৰিলে ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষা গ্ৰহণৰ সময়ত কোনো ধৰনৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয়। বিজ্ঞানৰ ক্ষেত্ৰত পৃথিৱীৰ বিভিন্ন দেশ বহুদূৰ আগুৱাই গ’ল। ভাৰতৰো বিভিন্ন ৰাজ্য আজি বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। তাৰ বিপৰীতে অসম বহু পিছপৰি থাকিল। গতিকে আমাৰ ছাত্ৰ-ছাত্ৰী সকলক সৰুৰে পৰাই অংক, বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবই লাগিব তেতিয়াহে আমি ফেৰ মাৰিব পাৰিম বুলিও বক্তব্যত কয় ঠাকুৰীয়াই।
উল্লেখ্য, দশম শ্ৰেণীৰ বাবে চেবাৰ নতুন প্ৰশ্নকাকতৰ ধৰণ সন্দৰ্ভত হোৱা এই প্ৰশিক্ষণ শিৱিৰটিত ৰাজ্যিক অধিবিদ্যা পৰিষদ আৰু চেবাৰ যুটীয়া সহযোগত বিশেষ ভাবে প্ৰশিক্ষণ প্ৰাপ্ত সমল ব্যক্তি সকলে প্ৰশিক্ষণ আগবঢ়ায়। সমল ব্যক্তি হিচাপে উপস্থিত থাকে দেবজিত ডেকা, ধনজিৎ চৌহান, কংকন ডেকা, ধ্ৰুৱজ্যোতি ভূঞাঁ আৰু বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য।
ইফালে, অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি অনুষ্ঠানৰ আঁত ধৰে মৰিগাঁও জিলা অধিবিদ্যা পৰিষদৰ সম্পাদিকা ৰেখা মণি বুঢ়াগোহাঁয়ে। আনহাতে, প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মুকেশ শইকীয়া, অধ্যক্ষ হেমেন কলিতা আদি।