মায়ঙত সামাজিক দায়বদ্ধতাৰ নিদৰ্শন কেইজনমান যুৱকৰ
ৰাইজৰ খবৰ ডিজিটেল, মায়ং, ১৩ জুনঃ বিশ্বায়নৰ ধামখুমীয়াই যেন সম্প্ৰতি মানুহক আঁতৰাই নিছে মানুহৰ পৃথিৱীৰ পৰা। পৰিলক্ষিত হৈছে আত্মকেন্দ্ৰিক মানসিকতাই ক্ৰমাৎ মানুহক যান্ত্ৰিকতাৰ কৰাঁল গ্ৰাসলৈ নিয়া। তাৰ মাজতে ‘মানুহে মানুহৰ বাবে’ বাক্যশাৰী সৰোগত কৰি কাম কৰি গৈছে একাংশই। মনত পুহি ৰখা হেঁপাহক বাস্তৱ ৰূপ দিবলৈ কচৰৎ কৰা এচাম মানুহ আন বহু সময়ত সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ দৰেই বৃহস্পতিবাৰেও হাতে হাতে কোৰ বেলচা লৈ ওলাই আহিল মায়ঙৰ ৰাজপথলৈ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, যিখিনি কাম চৰকাৰীভাৱে কৰা উচিত, চৰকাৰী উদাসীনতাৰ বাবেই সেইসমূহ কাম একাংশ ব্যক্তিয়ে কৰিবলগীয়া হৈছে। আনহাতে, ভাল লগা কথাটো হ’ল, যাদুৰ দেশ মায়ঙৰ কেইজনমান যুৱকৰ সামাজিক দায়বদ্ধতাই সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যুৱক কেইজনক সংগ দিছে ভাৰতীয় সেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানে। নাম তেখেতৰ ভূপেন নাথ।
মায়ং তিনি আলি। এটা অতি ব্যস্ত আৰু গুৰুত্বপূৰ্ণ পথ। পবিতৰাৰ দুৱাৰ মুখ। গুৱাহাটী বা মৰিগাঁৱৰ পৰা দেশ-বিদেশৰ পৰ্যটক কঢ়িয়াই যি বোৰ যান-বাহন পবিতৰালৈ আহে, তেওঁলোক এই পথটোৰেই যাব লাগে। এই পথচোৱাতে কেইজন যুৱকে হাতত কোৰ আৰু বেলচা লৈ, পানীৰ পাইপ লগাই এফালৰ পৰা ৰাজপথত থকা বোকা পৰিস্কাৰ কৰি আছে।
নিশা হ’লেই ব্ৰহ্মপুত্ৰ, কলঙৰ পৰা বালি কঢ়িওৱা ট্ৰেক্টৰ আৰু বালিৰ ট্ৰাক অহা যোৱা কৰে এই পথচোৱাৰেই। দিনত খেতিয়কৰ ধান কঢ়িওৱা ট্ৰেক্টৰ। ফলত, এজাক বৰষুণ দিলেই পথটোত একাঠু বোকা জমা হয়। আনকি, বোকাৰ বাবেই সঘনাই পিছল খাই বিভিন্নজন দুৰ্ঘটনাত পতিত হয়।
একেদৰে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ-শ ছাত্ৰ-ছাত্ৰীৰ এই পথত ভীষণ অসুবিধা। চাইকেল চলাই অথবা খোজ কাঢ়ি গ’লেও পিছলি পৰে। মুঠতে এক অবৰ্ণনীয় পৰিৱেশ। বোকা বোৰ আঁতৰাবলৈ কাৰো সময় নাই। কি লোকনিৰ্মাণ বিভাগ, কি যান-বাহন আৰক্ষী। সকলো কেৱল নীৰৱ দৰ্শক।
পিছে চাই থাকিব নোৱাৰিলে এই কেইজন যুৱকে। ৰজা মায়ং গাঁৱৰ ভূপেন কুমাৰ নাথৰ লগতে দুৰ্গেশ্বৰ নাথ ওৰফে কহিনুৰ, লক্ষণ নাথ ওৰফে পাপুলি, বিপিন নাথ, ওমপ্ৰকাশ নাথ, উৎপল নাথ, বিবেকানন্দ নাথ, দিগন্ত নাথ, যদুৰাম নাথ, চম্পক নাথ, দুলেন নাথ আদি যুৱক কেইজন ওলাই আহি নামি পৰিল পথ পৰিস্কাৰ কাৰ্যসূচীত। কাৰোলৈ অপেক্ষাত নাথাকি হাতে কামে লাগি গ’ল। পবিতৰা মান সমাজত উচ্চ কৰি ৰখাৰ চিন্তা কৰিয়েই এইদৰে সামাজিক দায়বদ্ধতাৰ এক নিদৰ্শন দেখুৱালে এইসকলে।
উল্লেখযোগ্য যে এটা সময় আছিল, গাঁৱৰ বাট পথ বেয়া হ’লে গাঁৱৰ মানুহ ওলাই আহি নিজেই ঠিক কৰি লৈছিল। অৱশ্যে সময় বাগৰাৰ লগে লগে এই ধৰণৰ সামাজিক কাম কৰা লোকৰ সংখ্যাও হ্ৰাস পাবলৈ ধৰিলে। এইবোৰ যেন সম্প্ৰতি নষ্টালজিক হৈ পৰিল। তাৰ পিছতো যান্ত্ৰিকতা আৰু ধন ঘটাৰ প্ৰতিযোগিতা চলি থকাৰ মাজতেই এই সকল যুৱকে দেখুৱাই দিলে, প্ৰকৃতাৰ্থত সামাজিক দায়বদ্ধতা কি।