মায়ঙত উজ্বলিল বৰপেটাৰ ভবানীপুৰৰ লাবিব

মায়ঙত উজ্বলিল বৰপেটাৰ ভবানীপুৰৰ লাবিব

ৰাইজৰ খৱৰ ডিজিটেল, ৭ জুন, মায়ংঃ সৰ্বভাৰতীয় নীট পৰীক্ষাত ৬৭৪ নম্বৰ লৈ মায়ঙত উজ্বলিল লাবিব আতহাৰ ছিদ্দিকি। গুৱাহাটীৰ এফিনিটি ক্লাছ নামৰ কোচিং চেন্টাৰৰ পৰা গৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মেধাৱী ছাত্ৰ লাবিব।

লাবিবে মায়ং শংকৰদেৱ শিশু নিকেতনৰ পৰা ২০২০ চনত মেট্ৰিকত ৯৬% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাঠশালাৰ আনন্দ ৰাম বৰুৱা একাডেমীত নাম ভৰ্তি কৰে। তাতো সফলতা লাভ কৰাৰ পাছত যোৱা বছৰ নীট পৰীক্ষাত বহিছিল যদিও সামান্য নম্বৰৰ বাবে লাবিব সফল হব নোৱাৰিলে। এইবাৰ আকৌ মনৰ দৃঢ়তা আৰু পৰম আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হয় লাবিব। মায়ঙৰ লোনমাটিত এটা সৰু জুপুৰি ঘৰ ভাৰাত লৈ থকা পিতৃ মাতৃৰ সতে থাকি সৰুৰে পৰাই অধ্যয়ন কৰি আহিছিল লাবিবে। অত্যন্ত মেধাসম্পন্ন আৰু অমায়িক স্বভাৱৰ লাবিবৰ এই সাফল্যই আজি পিতৃ মাতৃক যথেষ্ট সুখ আৰু আনন্দ দিছে।

পিতৃ-মাতৃ সহ লাবিব

উল্লেখযোগ্য যে, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ৰফিকুল ইছলাম আৰু গৃহিণী মাতৃ লাইলা আৰ্জু মজুমদাৰৰ পুত্ৰ লাবিব। বৰপেটাৰ ভবানীপুৰ সমষ্টিৰ শুকমানা গাঁৱৰ বাসিন্দা যদিও যোৱা ২১ বছৰ ধৰি মায়ঙতে আছে লাবিবৰ পিতৃ-মাতৃ সহ পৰিয়ালটো।

পুত্ৰৰ এই সাফল্যত ১৯ বছৰে বিনা বেতনত চাকৰি কৰা আৰু ২০২১ চনত কলেজ শিক্ষকৰ চাকৰি নিয়মিত হোৱা অধ্যাপক হোৱা ৰফিকুল ইছলাম আৰু মাতৃৰ লগতে পৰিয়ালৰ মাজত আনন্দ ৰ বন্যা বৈছে। মায়ঙৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও অভিনন্দন জনাইছে লাবিবক। উল্লেখ্য, লাবিবৰ সৰু ভাতৃ ৰাহাত আমান ছিদ্দিকেও এইবাৰ মায়ঙৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা ৯১% নম্বৰ লৈ গুৱাহাটীৰ নুনমাটি অসম জাতীয় বিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছে।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা