মৰিগাঁও সাংবাদিক সমাজৰ দ্বিতীয় বাৰ্ষিক বসন্ত উৎসৱৰ সফল সামৰণি
ছাজিদ আনোৱাৰ ৰহমান,মৰিগাঁওঃ ৰ’দে বতাহে, দিনে ৰাতিয়ে খবৰৰ পাছত দৌৰি ফুৰা সাংবাদিকসকলে ২০২৩ বৰ্ষত বৈদ্যুতিক,ছপা আৰু ডিজিটেল মাধ্যমৰ সাংবাদিকসকল একত্ৰিত হৈ মৰিগাঁও সাংবাদিক সমাজ গঠন কৰি মৰিগাঁও বিহুতলিত আয়োজন কৰিছিল বসন্ত উৎসৱ।
এইবেলিও মৰিগাঁও সাংবাদিক সমাজে আয়োজন কৰিছে দ্বিতীয় বাৰ্ষিক বসন্ত উৎসৱ। পুৱা বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি পৱনজ্যোতি ডেকাই পতাকা উত্তোলন কৰাৰ পাছতে সম্পাদক জোন ফৰিদ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বহু জ্যেষ্ঠ সাংবাদিক, বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব আৰু বহু বিশিষ্ট ব্যক্তি। পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনৰ পাছতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। বিয়লি আমন্ত্ৰিত বিহুৱা দলসমূহৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ পাছতে বন্তি প্ৰজ্বলন কৰি তেজপুৰীয়ান থেচপিয়ান দলৰ নৃত্য প্ৰদৰ্শনেৰে মঞ্চ মুকলি কৰি জনপ্ৰিয় যুৱ শিল্পী প্ৰবীণ বৰাৰ সংগীতানুষ্ঠানেৰে অন্ত পৰে দ্বিতীয় বাৰ্ষিক বসন্ত উৎসৱটি।
বসন্ত উৎসৱ উদযাপন সমিতিয়ে জনোৱা অনুসৰি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত এই বসন্ত উৎসৱত মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতা আছিল অভূতপূৰ্ব। আৰু ইয়াৰ বাবে মৰিগাঁও বাসীৰ ওচৰত মৰিগাঁও সাংবাদিক সমাজ সদায় চিৰকৃতজ্ঞ হৈ থাকিব।