মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাত প্ৰখ্যাত সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাদেৱৰ শতবাৰ্ষিক জন্ম দিৱস উদযাপন
মুম্বাই, ৰাইজৰ খবৰ ডিজিটেেলঃ অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাই অনুষ্ঠিত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰখ্যাত সাহিত্যিক হিতেশ ডেকাৰ শতবাৰ্ষিক জন্ম দিৱস। দেওবাৰে নৱি মুম্বাইৰ ৱশ্বীত অৱস্থিত ‘অসম ভৱনত’ স্বৰ্ণ শাখাৰ মাহেকীয়া সভাতে প্ৰখ্যাত সাহিত্যিকগৰাকীৰ জন্মদিৱসটি উদযাপন কৰা হয়। সভাত বন্তি প্ৰজ্বলন কৰে উপ সভাপতি ৰিমঝিম মহন্তই। প্ৰখ্যাত সাহিত্যিকগৰাকীৰ প্ৰতিছবিত মাল্যৰ্পণ কৰে সভাপতি ৰুমা হাজৰিকাই। গুৰু বন্দনাৰে সভাখন আৰম্ভ কৰে সহঃকাৰী সাংস্কৃতিক সম্পাদক নিভা হাজৰিকাই। সম্পাদক হিৰণ ভূঞাই ককাক হিতেশ ডেকাদেৱৰ চমু পৰিচয় সহ সাহিত্যিক জীৱনৰ ওপৰত আলোচনা আগবঢ়ায়।
সাংস্কৃতিক সম্পাদক কৰৱী আচাৰ্য্যই পৰিচালনা কৰা সভাত কথা আৰু গীতেৰে আপ্লুত কৰে ত্ৰিনয়ন সন্দিকৈয়ে। তদুপৰি সভাতে জাহ্নৱী বৰুৱাৰ লিমাৰিক পাঠ, মৌচুমী দাস আৰু গুৱাহাটী অনাতাঁৰ শিল্পী ৰূপলেখা বৰদলৈৰ গীত পৰিবেশন, উত্তম দাসৰ বাঁহী বাদনৰ লগতে অনুষ্ঠানটি কবিতাৰে সুবাসেৰে সুবাসিত কৰে প্ৰচাৰ সচিব অজিত হাজৰিকা, উপ সভাপতি ৰিমঝিম মহন্ত, সাংস্কৃতিক সম্পাদক কৰৱী আচাৰ্য্য, সম্পাদক হিৰণ ভূঞাঁ, অসম ভৱনৰ অতিথি শিৱসাগৰ সাহিত্য সভাৰ সদস্য যুগল সন্দিকৈ, মঙ্গলদৈ নিবাসী বন্দনা শৰ্মা আদিয়ে।
সভাত বক্তব্য দাঙি ধৰে সম্পাদক পবিত্ৰা বৰঘৰীয়া, আজীৱন সদস্য দয়ানন্দ মহন্ত, পূৰবী চৌধুৰী দত্ত আৰু ডঃ মাধুৰী ফুকন কলিতাই। শলাগৰ শৰাই আগবঢ়াই সাংস্কৃতিক সহকাৰী সম্পাদক প্ৰণামিকা দাসে। সভাতে কোষাধ্যক্ষ বিনোদ শইকীয়াই বছেৰেকীয়া বৰঙনি সংগ্ৰহ কৰি বছৰটোৰ আয় – ব্যয়ৰ হিচাপ দাঙি ধৰে। উল্লেখযোগ্য যে এই সভাত মুম্বাই অসম ভৱনত চিকিৎসাৰ বাবে অহা একাংশ ৰোগী আৰু পৰিয়ালৰ লোক উপস্থিত থাকে। শেষত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিবেশনেৰে সভাৰ সামৰণি পৰে।