নাট্য-আখৰাৰ বাবে সাজু ৰাজলক্ষ্মী থিয়েটাৰ

নাট্য-আখৰাৰ বাবে সাজু ৰাজলক্ষ্মী থিয়েটাৰ

মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্ণিল নাট্য পৰিক্ৰমাত ন-পৰিকল্পনাৰে ২০২৪-২৫ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা ৰাজলক্ষ্মী থিয়েটাৰে চলাইছে বিশেষ প্ৰস্তুতি। অৱশ্যে যিকোনো এখন থিয়েটাৰৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ মূলতেই হ’ল দৰ্শক-ৰাইজ আৰু আহ্বায়ক কমিটিৰ সঁহাৰি আৰু সহযোগিতা। ৰাজলক্ষ্মী থিয়েটাৰৰ ক্ষেত্ৰত লক্ষণীয় কথাটো হ’ল – প্ৰথম বর্ষতেই উজনিৰ পৰা নামনিলৈ বিভিন্ন আহ্বায়ক কমিটীৰ যোগাযোগ আৰু নাট্যপ্ৰেমী ৰাইজৰ সঁহাৰি নাট্যদলটোৰ বাবে এক উৎসাহজনক তথা ইতিবাচক দিশ৷ এই ইতিবাচক সঁহাৰি লৈয়ে ২০২৪-২৫ নাট্যবৰ্ষত ৰাইজৰ মাজলৈ আগুৱাই যাব ৰাজলক্ষ্মী থিয়েটাৰ৷ দৰ্শকৰ ৰুচিবোধক গুৰুত্ব দি নাট্য দলটোৱে এই বৰ্ষৰ বাবে নিৰ্বাচন কৰিছে দুজন জনপ্ৰিয় নাট্যকাৰৰ তিনিখন ভিন্নসুৰী নাট। নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘মনে মনে চাওঁ তোমাক’ আৰু ‘কুৰুক্ষেত্ৰৰ সৈনিক’৷ লগতে থাকিব বিশিষ্ট নাট্যকাৰ- অভিনেতা চম্পক শৰ্মাৰ ‘ঘাঁ’। নাট কেইখনৰ নাম প্ৰকাশৰ দিনৰে পৰাই দৰ্শকৰ মাজত এক কৌতুহলৰ সৃষ্টি হৈছে। নাটকেইখনৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিৰ প্ৰাৰম্ভিক কাম সমূহ ইতিমধ্যেই আখৰা শিবিৰত চলি থকা বুলিও জানিবলৈ দিয়ে ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰে। প্ৰতিখন নাটকতে মঞ্চসজ্জাৰ পৰা আৰম্ভ কৰি লাইট, চেটিংছ, শব্দ বিভাগ, কাৰিকৰী কৌশল আদিকে ধৰি প্ৰতিটো দিশত গুৰুত্ব আৰোপ কৰা হ’ব বুলিও জানিবলৈ দিয়ে প্ৰযোজকে। এই বৰ্ষত নাট্য দলটোৰ অভিনয়ৰ দিশত আছে মঞ্চৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মা, নৱজ্যোতি কাশ্যপ, চন্দন ডেকা, জয়ন্ত শৰ্মা, হেমাংগ ৰাজ, দুলাল শৰ্মা, দেৱজিৎ ৰয়, অভিনেত্ৰী কল্পনা কলিতা, নন্দিনী কাশ্যপ, গীতাঞ্জলি বৰাৰ আদিৰ লগতে এদল মঞ্চাভিজ্ঞ নাট্য সৈনিক। নাট্য দলটোৰ শব্দ আৰু পোহৰ বিভাগত আছে মিথুন আৰু মণ্টু। অহা জুলাইৰ মাহৰ প্ৰথম পষেকৰ পৰা নাট্য দলটোৱে পাঠশালাস্থিত স্থায়ী আখৰা শিবিৰত প্ৰথম নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ কৰিব বুলিও জনায় প্রযোজকে। নাট্য দলটোৰ সম্পাদকৰ দায়িত্বত আছে ভৱেশ দাস।

Related Posts

গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে…

অন্যান্য বাতৰি

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন